এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে হাৰিয়ানাত।
হাৰিয়ানাৰ জিন্দ পাঞ্জাৱ নেছনেল বেংকত আজি সংঘটিত হয় বেংক ডকাইতিৰ ঘটনা।
বেংকটোত আজি দু
পৰীয়াৰ ভাগত মানুহৰ সমাগমৰ সুবিধা লৈ লুটি নিয়া হয় ২০ লাখ টকা।
সন্ধিয়া হিচাব মিলাবলৈ গৈ বেংকৰ কেছিয়াৰে মূৰে-কপালে হাত দিবলগীয়া অৱস্থা হয়।
কাৰণ ২০ লাখ টকাৰ হিচাব নিমিলেহে নিমিলে। অৱশেষত বেংকৰ পৰা যে কোনোৱাই টকা হৰলুকি কৰিছে সেই কথাত নিশ্চিত হয় বেংক কৰ্তৃপক্ষ।
পৰীক্ষা কৰি চোৱা হয় বেংকৰ ভিতৰত লগাই থোৱা চিচিটিভি কেমেৰা। এইবাৰ বেংকৰ কৰ্মচাৰীসকলৰ আৰু অধিক হতবাক হোৱাৰ পাল। কাৰণ বেংকৰ পৰা টকা চুৰি কৰি নিছে এটি শিশুৱে।
শিশুটিৰ বয়স খুব বেছি ১১ বছৰ হব।বেংকৰ কেছিয়াৰে কিবা কাৰণত অলপ সময়ৰ বাবে নিজৰ কাউণ্টাৰৰ পৰা ওলাই যোৱাৰ সময়তে শিশুটিয়ে কাউণ্টাৰত প্ৰৱেশ কৰি ৫ লাখ টকাৰ ৪ টা বাণ্ডিল বেগত ভৰাই উধাও হয়।
এই দৃশ্য চিচিটিভিত দেখাৰ পিছতে হুৱা-দুৱা লাগে।বেংক কৰ্তৃপক্ষই ঘটনাৰ বিষয়ে লগে লগে আৰক্ষীক অৱগত কৰে।
শেহতীয়াকৈ জানিব পৰা মতে শিশুটিৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে আৰু চহৰৰ এক বিশেষ স্থানৰ পৰা শিশুটিক আটক কৰিবলৈও সক্ষম হৈছে।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে শিশুটিৰ সৈতে এক বৃহৎ চক্ৰ জৰিত হৈ আছে।