মধ্য প্রদেশেৰ ভিন্ডত এজন ব্যক্তিয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নির্বাচনী ভাষণক খুব গুৰুত্ব সহকাৰে গ্ৰহণ কৰি এতিয়া সমস্যাৰ সন্মুখিন হৈছে।
ঘটনাটো ভিন্ড জিলাৰ আলমপুৰস্থিত SBI ত সংঘটিত হৈছে। বেংকৰ ভুলৰ বাবে এজন ব্যক্তিয়ে উপার্জন কৰা ধন অন্য এজনৰ একাউন্টত সোমাই আৰু অন্য ব্যক্তিগৰাকীয়ে টকাখিনি প্ৰধান মন্ত্ৰী মোদীয়ে ভৰাই দিয়া বুলি ভাবি উলিয়াই থাকে।
দৰাচলতে আলমপুৰস্থিত ভাৰতীয় ষ্টেট বেংকত একেনামৰ দুগৰাকী ব্যক্তিয়ে বেংক একাউণ্ট খোলে। হুংকুম সিং নামৰ ব্যক্তি দুগৰাকীৰ ঘৰ ক্ৰমে ৰুৰোই আৰু ৰোনি গাঁৱত।
বেংক একাউণ্ট খোলাৰ পাছত ৰুৰোইৰ হুকুম সিং নামৰ ব্যক্তিগৰাকীয়ে জীৱিকাৰ সন্ধানত হাৰিয়ানালৈ গুচি যায়।
বেংক কৰ্মচাৰীসকলে ভুলতে পাছবুকত দুয়োগৰাকী হুকুম সিঙৰ মাত্ৰ ফটোহে সলনি কৰিলে কিন্তু ঠিকনা আৰু একাউণ্ট নম্বৰ এটাই ৰাখে।
भिंड के रूरई के हुकुम सिंह पैसे डालते रहे, रोनी गांव के हुकुम सिंह निकालते रहे क्योंकि उन्हें लगा पैसे मोदीजी वायदे के मुताबिक भेज रहे हैं!बैंक ने दोनों को एक ही खाता नंबर दे दिया था @AunindyoC @rssurjewala @INCIndia @BJP4India #धरतीपुत्र_मुलायमसिंह #gonnatellmykids pic.twitter.com/SeAu1TKz9P
— Anurag Dwary (@Anurag_Dwary) November 22, 2019
পৰৱৰ্তী সময়ত ৰুৰোইৰ হুকুম সিঙে হাৰিয়ানাত কাম কৰি নিজৰ একাউণ্টত টকা জমা কৰি গ’ল আৰু ৰোনি গাৱৰ হুকুম সিঙৰ বেংক একাউণ্টত সেই টকা জমা হৈ থাকিল।
ৰোনি গাঁৱৰ হুকুম সিঙে তেওঁৰ একাউণ্টত মোদীয়ে টকা ভৰাই দিয়া বুলি ভাবি সেই টকা উলিয়াই থাকিল। এনেদৰে তেওঁ প্ৰায় ৬ মাহ ধৰি টকা একাউণ্টৰ পৰা উলিয়াই থাকিল।
এনেদৰে ৰোনি গাঁৱৰ হুকুম সিঙে একাউন্টৰ পৰা ৬ মাহত ৮৯,০০০ টকা উলিয়াই।
এই সমগ্ৰ বিষয়টো পোহৰলৈ আহিল যেতিয়া ৰুৰোই গাৱৰ হুকুম সিং মাটি কিনিবলৈ ঘৰলৈ আহিল। তেওঁ ১ অক্টোবৰত জমা থকা টকাখিনি উলিয়াবৰ বাবে বেংকলৈ যায় আৰু তেওঁৰ একাউণ্টত মাত্ৰ ৩৫ হাজাৰ ৪০০ টকাহে জমা থকা বুলি জানিব পাৰে।
প্ৰকৃততে ৰুৰোইৰ হুকুম সিঙে বেংকত মুঠ ১ লাখ ৪০ হাজাৰ টকা জমা কৰিছিল। ইয়াৰ পাছতে তেওঁ বেংকৰ কৰ্মীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।
ৰুৰোইৰ হুকুম সিঙে জনোৱা মতে বেংকৰ কৰ্মকৰ্তা সকলে সমগ্ৰ বিষটো দমন কৰাৰ বাবে চেষ্টা কৰিছে।
বেংকৰ পৰিচালক ৰাজেশ সোনকৰে ঘটনা সম্পৰ্কত কয় ‘একাউন্ট ধাৰকে এই টকা পাবই। কিন্তু গম পোৱা গল যে টকাখিনি ৰোনি গাঁৱৰ হুকুম সিঙৰ ওচৰতহে আছে’।
এই সম্পৰ্কত যেতিয়া ৰোনি গাঁৱৰ হুকুম সিঙক প্রশ্ন কৰা হয় তেওঁ স্পষ্টভাৱে টকাখিনি মোদীয়ে তেওঁৰ একাউণ্টত ভৰাই দিয়া বুলি ভাবি উলিয়াইছে বুলি কয়।
‘‘ভাবিলো মোদীজীয়ে টকা দিছে, সেয়ে মই টকা উলিয়াই গলো। মোৰ হাতত কোনো টকা নাছিল, মই অসহায় আছিলো। ঘৰৰ বিভিন্ন কামত টকাখিনি খৰছ কৰিলো,’’ ৰোনি গাঁৱৰ হুকুম সিঙে কয়।