ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নে সপ্তাহত ৫ কৰ্মদিনকে ধৰি একাধিক দাবীৰ ভিত্তিত ২৮ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়া বেংক ধৰ্মঘটৰ আহ্বান জনাইছিল। ফলত গ্ৰাহকৰ দুখ-দুৰ্দশাৰ কথা মনত ৰাখি দেওবাৰেও বেংক খোলা আছিল। অৱশেষত নিশা সাধাৰণ ৰাইজৰ বাবে ভাল খবৰ দিলে বেংক ইউনিয়নে।
দেওবাৰে নিশা ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নে এক বিবৃতি প্ৰকাশ কৰি কয় যে এই বৈঠকতে ধৰ্মঘট স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। অৰ্থাৎ বেংকত সচৰাচৰৰ দৰে কাম চলি থাকিব।
দীৰ্ঘদিন ধৰি সপ্তাহত দুদিন ছুটীৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বেংক ইউনিয়নে। বেংকৰ কৰ্মচাৰীসকলে ১১ ছেপ্টেম্বৰত এদিনীয়া দেশজোৰা ধৰ্মঘট পালন কৰিছিল। যিহেতু তেওঁলোকৰ দাবী পূৰণ নহ’ল, সেয়েহে সংগঠনটোৱে ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ তিনিদিনীয়া ধৰ্মঘটৰ ঘোষণা কৰে।
ধৰ্মঘটৰ দিনবোৰৰ ঠিক আগতে ২৬ ছেপ্টেম্বৰ (চতুৰ্থ শনিবাৰ) আৰু ২৭ ছেপ্টেম্বৰ (দেওবাৰ)। ফলত এই সপ্তাহৰ শেষৰ ছুটীত যদি ধৰ্মঘট সংযোজন হ’লহেঁতেন তেন্তে মুঠ পাঁচ দিন একেৰাহে বেংকিং সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ গ’লহেঁতেন।
এনে পৰিস্থিতিত উৎসৱৰ বতৰত জনসাধাৰণে চৰম সমস্যাৰ সন্মুখীন হ’ব পাৰে। ক্ষুদ্ৰ ব্যৱসায়ীসকলেও সমস্যাৰ সন্মুখীন হ’ব পাৰে। ফলত ৰিজাৰ্ভ বেংকে ২৭ ছেপ্টেম্বৰ দেওবাৰে বেংক খোলা ৰখাৰ সিদ্ধান্ত ল’বলৈ বাধ্য হয়।
সেই নিৰ্দেশ অনুসৰি ২৭ ছেপ্টেম্বৰ দেওবাৰে বেংক খোলা আছিল। কিন্তু একে সময়তে ইণ্ডিয়ান বেংক এছ’চিয়েশ্যন (আই বি এ) আৰু ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নৰ সদস্যসকলে দিল্লীত বৈঠকত মিলিত হৈ সমস্যাৰ সমাধান বিচাৰি উলিয়ায়।
সূত্ৰ অনুসৰি দুটা দাবীৰ ওপৰত দীৰ্ঘদিনীয়া আলোচনা চলিছিল। প্ৰথমটো হ’ল ৫ দিনীয়া কৰ্ম সপ্তাহ আৰু ইনচেনটিভৰ মাজৰ পাৰ্থক্য। খবৰ পোৱা গৈছে যে দুয়োটা বিষয়তে সিদ্ধান্তলৈ আহিবলৈ এখন কমিটী গঠনৰ সিদ্ধান্ত লোৱা হৈছে। কাৰণ, ২ দিনৰ বাবে বেংক বন্ধ হ’লে জনসাধাৰণৰ বাবে সমস্যা হ’ব। ফলত প্ৰথমে সেই দিশটোৰ সৈতে কেনেকৈ মোকাবিলা কৰিব লাগে সেইটো বিচাৰি উলিয়াই তাৰ পিছতে ছুটীৰ চাহিদা পূৰণ কৰা সম্ভৱ।
आज रात इंडियन बैंक्स एसोसिएशन (IBA) और यूनाइटेड फोरम ऑफ बैंक यूनियंस (UFBU) के बीच हुई बैठक के बाद बैंक हड़ताल टाल दी गई है। pic.twitter.com/2ERjwzduRu
— ANI_HindiNews (@AHindinews) September 27, 2026
ইফালে, ইনচেনটিভৰ ওপৰত ইতিবাচক আলোচনা হোৱা বুলি জানিব পৰা গৈছে। তাৰ পাছত ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়ন অৰ্থাৎ শ্ৰমিক সংগঠনে জনাই দিলে যে সদ্যহতে কোনো ধৰণৰ ধৰ্মঘট নহয়। অৰ্থাৎ সোমবাৰৰ পৰা বুধবাৰলৈ বেংকত সচৰাচৰৰ দৰে কাম চলি থাকিব। কোৱা বাহুল্য যে এই সিদ্ধান্তই জনসাধাৰণৰক সকাহ দিছে।


