বেংকিং সেৱাক লৈ চৰম দুৰ্ভোগৰ আশংকা। সপ্তাহত পাঁচ দিন বেংক খোলা ৰখাৰ দাবীত শুকুৰবাৰে অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেচনে (AIBOC) এদিনীয়া ধৰ্মঘটৰ আহ্বান জনাইছে।
শুকুৰবাৰে ধৰ্মঘটৰ পিছত শনিবাৰ আৰু দেওবাৰে সাপ্তাহিক ছুটীৰ বাবে একেৰাহে তিনিদিন বেংক সেৱা ব্যাহত থাকিব। ফলত সাধাৰণ গ্ৰাহকৰ মাজত এটিএম আৰু নগদ ধনৰ লেনদেনকে ধৰি বিভিন্ন বেংকিং সেৱাক লৈ উদ্বেগ বাঢ়িছে।
গুৱাহাটীতো বেংক ধৰ্মঘটৰ প্ৰভাৱ পৰিছে। দিছপুৰৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ মাণ্ডলিক কাৰ্যালয়ৰ সন্মুখত বেংক বিষয়াসকলে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰিছে।
এআইবিঅ’চিয়ে দাবী কৰে যে ২০২৪ চনৰ দৰমহা পুনৰীক্ষণৰ সময়ত পাঁচ দিনীয়া কৰ্মদিন প্ৰৱৰ্তনৰ বাবে লিখিত চুক্তি কৰা হৈছিল। কিন্তু সেই চুক্তি হোৱাৰ প্ৰায় ডেৰ-দুবছৰ পাৰ হৈ গ’ল যদিও কাৰ্যক্ষেত্ৰত কাৰ্যকৰী হোৱা নাই। সংস্থাটোৱে অভিযোগ কৰিছে যে প্ৰতিবাৰেই আইনী জটিলতাৰ কাৰণে এই সিদ্ধান্ত কাৰ্যকৰী কৰাত পলম হৈছে।
এই পৰিস্থিতিত শুকুৰবাৰে ধৰ্মঘটৰ সিদ্ধান্ত লোৱা হৈছে বুলি সংগঠনটোৱে জানিবলৈ দিয়ে। তেওঁলোকৰ মতে, বহু সময় অপেক্ষা কৰিও তেওঁলোকৰ দাবী পূৰণ নোহোৱাত এইবাৰ আন্দোলনৰ পথ বাছি ল’বলৈ বাধ্য হৈছে বেংক বিষয়াসকলে। এই ধৰ্মঘটৰ ফলত বেংকসমূহৰ শাখাভিত্তিক সেৱাত প্ৰভাৱ পৰিব পাৰে।
অৱশ্যে আন্দোলন ইয়াতেই স্তব্ধ নহয়। শুকুৰবাৰে কাৰ্যসূচীৰ পিছতো যদি চৰকাৰে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আন্দোলনৰ মাত্ৰা আৰু বৃদ্ধি পাব বুলি এআইবিঅ’চিয়ে জনাইছে। যদিহে দাবী পূৰণ নহয় তেন্তে ২৮, ২৯ আৰু ৩০ ছেপ্টেম্বৰত তিনিদিনীয়া অবিৰত ধৰ্মঘটৰ সকীয়নি দিয়া হৈছে।
ছেপ্টেম্বৰ মাহত তিনিদিনীয়া ধৰ্মঘটৰ সমাধান নহ’লে আৰু বৃহৎ কাৰ্যসূচীত আগবাঢ়িব বুলি সংগঠনটোৱে প্ৰকাশ কৰিছে। এআইবিঅ’চিৰ ঘোষণা অনুসৰি অহা ২৬ অক্টোবৰৰ পৰা অবিৰত ধৰ্মঘটৰ সকীয়নিও আছে।ফলত যদিহে সমস্যাটো শীঘ্ৰে সমাধান নহয় তেন্তে অনাগত দিনত বেংকিং সেৱা আৰু অধিক প্ৰভাৱিত হ’ব পাৰে।
গুৰুত্বপূৰ্ণ কথাটো হ’ল এআইবিঅ’চি কেৱল চৰকাৰী বেংকৰ বিষয়াৰ সংগঠন নহয়। কেইবাটাও ব্যক্তিগত বেংকৰ বিষয়াও এই সংস্থাৰ সদস্য। গতিকে শুকুৰবাৰৰ ধৰ্মঘটৰ প্ৰভাৱ কেৱল চৰকাৰী বেংকৰ শাখাতে সীমাবদ্ধ নাথাকিব যদিও ইয়াৰ প্ৰভাৱ ব্যক্তিগত বেংকৰ কিছু সেৱাও হোৱাৰ সম্ভাৱনা আছে।
উৎসৱৰ বতৰৰ পূৰ্বে বেংক বন্ধ হোৱা কথাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। উৎসৱৰ সময়ত নগদ ধন উলিওৱা, চেক সম্পৰ্কীয় কাম, শাখাৰ লেনদেন বা অন্যান্য সেৱাৰ প্ৰয়োজনীয়তা বৃদ্ধি পাব পাৰে। ইয়াৰ মাজতে শুকুৰবাৰে ধৰ্মঘট আৰু একেৰাহে সাপ্তাহিক দুটা বন্ধৰ দিনত গ্ৰাহকসকলক প্ৰয়োজনীয় বেংকিং কাম আগতীয়াকৈ সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল।
মুঠৰ ওপৰত এতিয়া লক্ষ্যনীয় হৈছে যে পাঁচদিনীয়া কৰ্মদিনৰ দাবীত আৰম্ভ হোৱা বেংক বিষয়াৰ আন্দোলন ভৱিষ্যতে কোন দিশলৈ যায়। শুকুৰবাৰে ধৰ্মঘটৰ পিছত চৰকাৰৰ সৈতে আলোচনাত সমাধান হ’ব নে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত বৃহত্তৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়, সেইটোৱেই উৎসৱৰ পূৰ্বে বেংকিং সেৱাৰ পৰৱৰ্তী পৰিস্থিতি নিৰ্ণয় কৰিব।





