• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

২৮ ছেপ্টেম্বৰৰ পৰা বেংক ধৰ্মঘট, গ্ৰাহকৰ সুবিধাৰ্থে এই দেওবাৰে খোলা থাকিব বেংক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 23, 2026 6:40 pm
52
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি প্ৰস্তাৱিত তিনিদিনীয়া বেংক ধৰ্মঘটৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। অহা ২৭ ছেপ্টেম্বৰ অৰ্থাৎ দেওবাৰে দেশৰ সকলো ৰাষ্ট্ৰীয়কৃত বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকৰ শাখা খোলা ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। গ্ৰাহকসকল যাতে দীৰ্ঘ সময়ৰ বাবে বেংকিং সেৱাৰ পৰা বঞ্চিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুমোদন মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

 ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়ন্ছ চমুকৈ ইউ এফ বি ইউৰ আহ্বানত ২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ সমগ্ৰ দেশজুৰি তিনিদিনীয়া ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বেংকিং খণ্ডত পাঁচদিনীয়া কৰ্মসপ্তাহ প্ৰৱৰ্তন কৰাই হৈছে তেওঁলোকৰ মূল দাবী। যোৱা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা বৈঠকৰ পিছতো দাবীসমূহৰ কোনো সন্তোষজনক সমাধান নোহোৱাত ইউনিয়নসমূহে ধৰ্মঘট প্ৰত্যাহাৰ কৰা নাই। যাৰ ফলত ২৮, ২৯ আৰু ৩০ ছেপ্টেম্বৰত বেংক ধৰ্মঘট হোৱাটো নিশ্চিত হৈ পৰিছে।

Apply Now

 ধৰ্মঘটৰ ঠিক আগৰ দুদিনক লৈ এক ডাঙৰ সমস্যাৰ সৃষ্টি হৈছিল। কিয়নো ২৬ ছেপ্টেম্বৰ শনিবাৰ আৰু ২৭ ছেপ্টেম্বৰ দেওবাৰ হোৱাৰ বাবে স্বাভাৱিক নিয়ম অনুসৰিয়েই বেংকসমূহ বন্ধ থকাৰ কথা আছিল। ইয়াৰ পিছতে আকৌ ২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ধৰ্মঘট। ফলত সাধাৰণ গ্ৰাহক আৰু ব্যৱসায়ীসকলৰ বাবে একেৰাহে পাঁচদিন ধৰি শাখাত গৈ বেংকিং সেৱা লাভ কৰাটো যথেষ্ট কঠিন হৈ পৰিলহেঁতেন। এই পৰিস্থিতিত দেওবাৰে শাখা খোলা ৰাখিলে গ্ৰাহকসকলে ধৰ্মঘটৰ পূৰ্বে তেওঁলোকৰ জৰুৰী কামসমূহ সম্পূৰ্ণ কৰাৰ সুবিধা পাব বুলি কেন্দ্ৰই মত প্ৰকাশ কৰিছে।

 ২৭ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয়কৃত বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকৰ সাধাৰণ শাখাসমূহৰ লগতে প্ৰশাসনিক কাৰ্যালয় আৰু কাৰেন্সী চেষ্টসমূহো সক্ৰিয় ৰখাৰ ব্যৱস্থা কৰা হৈছে। বেংকসমূহক গ্ৰাহকৰ প্ৰয়োজনীয় সেৱা আগবঢ়োৱাৰ সমান্তৰালকৈ এটিএমসমূহত পৰ্যাপ্ত পৰিমাণৰ নগদ ধন মজুত ৰাখিবলৈ মন্ত্ৰালয়ে নিৰ্দেশ দিছে। আনহাতে ২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ধৰ্মঘটৰ সময়ত শাখাভিত্তিক সেৱা ব্যাহত হোৱাৰ আশংকা থাকিলেও এটিএম, ইউপিআই, ইণ্টাৰনেট বেংকিং আৰু ম’বাইল বেংকিঙৰ দৰে ডিজিটেল সেৱাসমূহ পূৰ্ণ গতিত চলি থাকিব। অৱশ্যে চেক ক্লিয়াৰিং, নগদ ধনৰ লেনদেন বা শাখাত গৈ কৰিবলগীয়া কামৰ ক্ষেত্ৰত গ্ৰাহকসকলে অসুবিধাৰ সন্মুখীন হ’ব পাৰে।

 ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ আৰু বেংক কৰ্তৃপক্ষই ধৰ্মঘট নকৰিবলৈ ইউনিয়নসমূহলৈ আহ্বান জনাইছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, ইউনিয়নসমূহৰ কেইবাটাও দাবীৰ ভিতৰত পাৰফৰমেন্স লিংকড ইনচেণ্টিভ বা পিএলআইৰ দাবীটো ইতিমধ্যে স্থগিত ৰখা হৈছে আৰু পাঁচদিনীয়া কৰ্মসপ্তাহৰ দাবী সন্দৰ্ভত আলোচনা প্ৰক্ৰিয়া অব্যাহত আছে। সেয়েহে ধৰ্মঘটৰ পূৰ্বে দেওবাৰে বেংক খোলা ৰখাৰ সিদ্ধান্তই গ্ৰাহকক কিছু সকাহ দিলেও, পৰৱৰ্তী তিনিদিনত বেংকিং সেৱা কিমান দূৰ স্বাভাৱিক হৈ থাকিব সেয়া ধৰ্মঘটৰ সামগ্ৰিক পৰিস্থিতিৰ ওপৰতেই নিৰ্ভৰ কৰিব।

 

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd