• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিড নীতি-নিয়ম উলংঘনৰ বিৰুদ্ধে বৰপেটা জিলা প্ৰশাসনৰ অভিযান : ৫৯০০০ টকাৰ জৰিমনা সংগ্ৰহ

বৰপেটা ৰোডৰ বজাৰত উপায়ুক্তৰ পৰিদৰ্শন; সোমবাৰৰ পৰা এদিন এৰি এদিন যুগ্ম-অযুগ্ম নম্বৰৰ গাড়ী চলিব

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
May 13, 2021 8:00 am
images.jpeg-11(2)

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড বিধি উলংঘন কৰা লোকৰ বিৰুদ্ধে বৰপেটা, হাউলী আৰু বৰপেটা ৰোড চহৰত চক্ৰ বিষয়া তথা পৌৰ সভাৰ দ্বাৰা কালিৰে পৰা চলোৱা অভিযানত ৫৯ হাজাৰ টকাৰ জৰিমনা আদায় কৰা হৈছে।

কৰোনা মহামাৰী প্ৰতিৰোধৰ স্বাৰ্থত জিলাখনৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত তেজ প্ৰসাদ ভূষালৰ নিৰ্দেশত পৌৰ সভাৰ কাৰ্যবাহী বিষয়া তথা চক্ৰ বিষয়াসকলে অৱশেষত কঠোৰ স্থিতি লবলৈ বাধ্য হৈছে। বাৰম্বাৰ কৰি অহা বুজনি, প্ৰচাৰ, সকীয়নি আদিকো আওকান কৰি মাস্ক পৰিধান নকৰাকৈ চলাফিৰা কৰা বাটৰুৱা আৰু পৰ্যাপ্ত ছেনিটাইজাৰৰ ব্যৱস্থা নকৰা তথা সামাজিক দূৰত্ব বিধি পালন নকৰা ব্যৱসায়ী-দোকানীৰ বিৰুদ্ধে বৰপেটা জিলা প্ৰশাসনে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ লৈছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে। তেওঁ জনোৱা মতে অহা দিনবোৰত এই অভিযান অধিক তীব্ৰতৰ কৰি তুলিবলৈ উপায়ুক্ত‌ই সকলো চক্ৰ বিষয়াকে নিৰ্দেশ দিছে।

Apply Now

উপায়ুক্ত তেজ প্ৰসাদ ভূষালে নিজেও জিলাখনৰ প্ৰধান বাণিজ্যিক চহৰ বৰপেটা ৰোডৰ ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰ আদি পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ব্যৱসায়ীসকলক কোভিড নীতি মানি চলিবলৈ সকীয়াই দিয়ে।

ইফালে কাইলৈৰ পৰা ৰাজ্য চৰকাৰে বলবৎ কৰা নতুন নীতি-নিয়ম অনুসৰি বৰপেটা জিলাৰ বৰপেটা, বৰপেটা ৰোড, হাউলী, সৰ্থেবাৰী, সৰভোগ আদি চহৰসমূহতো আবেলি এক বজাৰ পৰাই সকলো দোকান-পোহাৰ বন্ধ কৰি ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন পালন কৰিবলৈ ৰাইজক আহ্বান জনাই জিলা তথ্য আৰু জনসংযোগ বিভাগৰ স্থায়ী অনুভাষ যন্ত্ৰৰ উপৰি ভ্ৰাম্যমাণ অনুভাষ যন্ত্ৰৰ জৰিয়তেও ব্যাপক প্ৰচাৰ চলোৱা দেখা গৈছে।

বৃহস্পতিবাৰে আবেলি ভাৰপ্ৰাপ্ত জিলা উপায়ুক্ত গৰাকীৰ সভাপতিত্বত পৰিবহন বিভাগৰ বিষয়াসকলৰ এখন বৈঠকত জিলাখনত ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা পালনৰ সম্পৰ্কত বিস্তাৰিতভাৱে আলোচনা কৰা হয়।

সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি অহা সোমবাৰৰ পৰা বৰপেটা জিলাতো যুগ্ম আৰু অযুগ্ম নম্বৰৰ গাড়ী এদিন বাদে এদিন চলোৱাৰ অনুমতি দিয়া হ’ব। সেই অনুসৰি সোমবাৰে যুগ্ম সংখ্যাৰ গাড়ী চলিব আৰু মঙ্গলবাৰে অযুগ্ম নম্বৰৰ গাড়ী। এনেদৰে গোটেই সপ্তাহটো এদিন যুগ্ম আৰু এদিন অযুগ্ম সংখ্যাৰ গাড়ী চলিবলৈ দিয়া হ’ব।

অটোৰিক্সা, টেম্পো আদিৰ ক্ষেত্ৰতো এই নিয়ম বলবৎ হ’ব বুলি জিলা জনসংযোগ বিষয়াই জনাইছে। অৱশ্যে জিলাখনৰ মাজেৰে আন জিলালৈ যোৱা গাড়ীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব।

জিলাখনত কোভিড ১৯ৰ সংক্ৰমণ আজিও অব্যাহত আছে। বৃহস্পতিবাৰে ১৭৩ জন কোভিড পজিটিভ চিনাক্ত হৈছে। ইয়াকে লৈ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা হ’লগৈ ২৭১৫ জন। ইয়াৰে ৮৫৯ জনে আৰোগ্য লাভ কৰিছে আৰু ২৮ জনৰ মৃত্যু হৈছে। সম্প্ৰতি সক্ৰিয় ৰোগীৰ সংখ্যা হৈছেগৈ ১৮২১ জন।

এতিয়ালৈকে জিলাখনত যোৱা এপ্ৰিলৰ পৰা আৰম্ভ হোৱা দ্বিতীয়টো ঢৌৰ সময়চোৱাত ৮০,৭৫২ জনৰ কোভিড পৰীক্ষা কৰোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

Tags: COVID-19
শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd