NORTHEAST NOW (Assamese)

পৰম্পৰা! দীপাৱলীৰ বাবে মাটিৰ চাকি তৈয়াৰ কৰাত ব্যস্ত বজালীৰ এখন গাঁও

October 20, 2019 10:06 am · শশাংক তালুকদাৰ
ফটো : নৰ্থইষ্ট নাও

বজালী মহকুমাৰ সদৰ চহৰখনৰ পৰা মাত্ৰ পাঁচ কিলোমিটাৰৰ আঁতৰৰ ডেনাৰটাৰি (সৰল পাৰা) গাঁৱখনত দীপাৱলীৰ পূৰ্বে বিৰাজ কৰিছে উৎসৱৰ পৰিৱেশ।

ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ লোককে ধৰি গাঁৱখনৰ সকলো লোক পোহৰৰ উৎসৱটোৰ বাবে মাটিৰ চাকি সমূহত অন্তিম স্পৰ্শ দিয়াত ব্যস্ত হৈ পৰিছে।

গাঁৱখনৰ ১০০ টা পৰিয়ালৰ জীৱিকাৰ অৱলম্বন এই কুমাৰৰ কাম এক পৰম্পৰা আৰু তেওঁলোকে আলতীয়া মাটিৰে পৰম্পৰাগত মাটিৰ চাকিৰ লগতে বেৰিয়া, ফুলৰ টাব, ধূণাৰ পাত্ৰ আদি বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে।

বিশেষকৈ মহিলাসকলে এটুকুৰা কাঠত বল বিয়াৰিং লগোৱা ‘কুমাৰ চাকি’ যন্ত্ৰটোত এহাতেৰে ঘুৰাই থাকি আনহাতেৰে তেওঁলোকৰ আঙুলিৰ যাদুকৰী স্পৰ্শৰে বিভিন্ন সামগ্ৰীবোৰ তৈয়াৰ কৰে।

কিছুমানে যদি পুৰি লোৱাৰ আগতে মাটিৰ চাকিবোৰ ৰ’দত শুকোৱাত ব্যস্ত, আন কিছুমানে তেওঁলোকৰ সামগ্ৰীসমূহ জুইত পুৰি সম্পূৰ্ণ কৰি তোলাত ব্যস্ত। আনহাতে, কিছুমানে এই সামগ্ৰীসমূহ ওচৰৰ বজাৰত বিক্ৰীৰ বাবে ব্যস্ত থাকে।

‘’আমি গুৱাহাটীৰ পৰা ‘হীৰা মাটি’ হিচাপে জনপ্ৰিয় বিশেষ আলতীয়া মাটি প্ৰতি ট্ৰাকত ৫০০০ টকা বা প্ৰতি ট্ৰেক্টৰত ৩,০০০টকাকৈ ক্ৰয় কৰো,’’-গাঁৱখনৰ এগৰাকী বাসিন্দাই কয়।

‘’কোনো সামগ্ৰী তৈয়াৰ কৰাৰ পূৰ্বে মাটিখিনি বিশেষভাৱে বোকাৰ দৰে তৈয়াৰ কৰি লোৱা হয় আৰু ইয়াৰ পৰাই নিৰ্দিষ্ট সামগ্ৰিবিধ তৈয়াৰ কৰা হয়,’’-গাঁৱখনৰ এগৰাকী বয়োজ্যেষ্ঠ লোকে কয়।,

‘’আমি বিগত ৫০ বছৰ ধৰি মাটিৰ পাত্ৰ তৈয়াৰ কৰা কামত জড়িত হৈ আছো আৰু আমাৰ গাঁৱখনত পৰম্পৰাটো এটা প্ৰজন্মৰ পাছত আনটো প্ৰজন্মই কঢ়িয়াই নিছে। কোনোৱে বোকাৰ সৈতে কাম কৰিবলৈ সংকোচ নকৰে,’’-মাটিৰ চাকি তৈয়াৰ কৰাত ব্যস্ত গাঁৱখনৰে বাসিন্দা সৰস্বতী পালে এইদৰে কয়।

তেওঁলোকে বৈদ্যুতিক যন্ত্ৰৰে কাম কৰিবলৈ ইচ্ছুক কিয়নো ই অত্যন্ত ক্ষিপ্ৰ আৰু কাম কৰিবলৈ সহজ, কিন্তু তেওঁলোকৰ সীমিত আয়েৰে সেয়া সম্ভৱ নহয়।

প্ৰতিটো পৰিয়ালে তেওঁৰ পৰম্পৰাক সন্মান কৰে আৰু তেওঁলোকৰ ঘৰৰ সন্মুখভাগত এটা বিশেষ বোকা মাটিৰ দম আৰু জ্বলি থকা ‘ভাট্টি’ আছে।

তেওঁলোকে কেচা সামগ্ৰীবোৰ ৰ’দত শুকোৱাৰ পাছত কাঠমিলৰ পৰা অনা কাঠৰ গুৰিৰে সেইবোৰ পোৰে।

মাটিৰ চাকি তৈয়াৰ কৰি থকা বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ এগৰাকী উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ মুন্না পালে জানিব দিয়ে যে যদিও তেওঁলোকে সামগ্ৰীসমূহ বিক্ৰী কৰি সীমিত উপাৰ্জন কৰে, তথাপি পৰিয়ালৰ সকলোৱে এই মাটিৰ কাম কৰে কিয়নো তেওঁলোকৰ বাবে ইয়াৰ এক বিশেষ আকৰ্ষণ আছে।

Related News