DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কবিতা লিখি দুমাহে কাৰাগাৰত বন্দী টীয়কৰ মেধাবী ছাত্ৰী বৰ্ষাশ্ৰী, ১৬ জুলাইৰ পৰা ষান্মাসিক পৰীক্ষা

শীঘ্ৰেই মুক্তি তথা পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান পিতৃ-মাতৃৰ

এন ই নাও নিউজ,টীয়ক by এন ই নাও নিউজ,টীয়ক
July 13, 2022 5:30 pm
86
VIEWS
Share on FacebookShare on Twitter

টীয়কৰ জাঁজী নদীৰ পাৰৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক সামাজিক মাধ্যমত বিপ্লবী কবিতা প’ষ্ট কৰাৰ অপৰাধত অসম আৰক্ষীয়ে যোৱা ১৮ মে’ত গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে বৰ্ষাশ্ৰী যোৰহাট ডিচিবি কলেজৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী।বিদ্যাতৈনিক শিক্ষাৰ সমান্তৰালকৈ সামাজিকভাৱেও যথেষ্ট সক্ৰিয় বৰ্ষাশ্ৰীয়ে বিভিন্ন সময়ত ৰাজ্য তথা দেশৰ সমস্যা জাতীয় সমস্যাৰ বিষয়ে লেখা- মেলা কৰি আহিছিল।

তেনে এটা লেখনিৰ বাবে মেধাবী ছাত্ৰীগৰাকীক আজি প্ৰায় দুমাহ দিন কাৰাগাৰত বন্দী কৰি ৰাখিছে ছাত্ৰীগৰাকীক।যাক লৈ এতিয়া সামাজিক মাধ্যম তথা অসমৰ বিজ্ঞ সমাজে অসম আৰক্ষীক সমালোচনা কৰা পৰিলক্ষিত হৈছে।অহা ১৬ জুলাইৰ পৰা বৰ্ষাশ্ৰীৰ পৰীক্ষা।

সেয়ে সকলোৱে এইগৰাকী ছাত্ৰীক অনতি পলমে মুক্তি দি পৰীক্ষাত বহিব পৰা ব্যৱস্থা কৰি দিবলৈ অসম চৰকাৰলৈ আহ্বান জনাইছে । বৰ্ষাশ্ৰীৰ টীয়কৰ এজাৰগুৰিৰ ঘৰত দুটা মাহে জীৰ অপেক্ষাত চিন্তিত হৈ পৰিছে নিৰুপায় পিতৃ মাতৃ ।কন্দাৰ বাহিৰে যেন একোৱেই বাট নাই তেওঁলোকৰ।

মৰমৰ জীক অপৰাধী সজোৱা ঘটনাক কোনো কাৰণতে স্বীকাৰ কৰিব পৰা নাই পিতৃ মাতৃৰ লগতে পৰিয়ালবৰ্গই।কিন্তু কাৰ কথা কোনে শুনিব।

সেয়ে দুৰ্ভগীয়া পিতৃ মাতৃয়ে ছাত্ৰীগৰাকীৰ শৈক্ষিক জীৱন নষ্ট নকৰিবলৈ চৰকাৰলৈ কাতৰ অনুৰোধ জনাইছে আৰু বৰ্ষাশ্ৰীক মুকলি আকাশৰ তললৈ আনি পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক অশ্ৰুসিক্ত নয়নেৰে অনুৰোধ জনাইছে।

Recent News

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

Independence Day

ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তীৰ দুটা ভাষণ

AASU Chitta Basumatary

প্ৰাক্তন আছু নেতাৰ কবিতাই জোকাৰিছে ফেচবুক: কি আছে এই কবিতাত!

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd