কবিতা লিখি দুমাহে কাৰাগাৰত বন্দী টীয়কৰ মেধাবী ছাত্ৰী বৰ্ষাশ্ৰী, ১৬ জুলাইৰ পৰা ষান্মাসিক পৰীক্ষা
টীয়কৰ জাঁজী নদীৰ পাৰৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক সামাজিক মাধ্যমত বিপ্লবী কবিতা প’ষ্ট কৰাৰ অপৰাধত অসম আৰক্ষীয়ে যোৱা ১৮ মে’ত গ্ৰেপ্তাৰ কৰে।
উল্লেখযোগ্য যে বৰ্ষাশ্ৰী যোৰহাট ডিচিবি কলেজৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী।বিদ্যাতৈনিক শিক্ষাৰ সমান্তৰালকৈ সামাজিকভাৱেও যথেষ্ট সক্ৰিয় বৰ্ষাশ্ৰীয়ে বিভিন্ন সময়ত ৰাজ্য তথা দেশৰ সমস্যা জাতীয় সমস্যাৰ বিষয়ে লেখা- মেলা কৰি আহিছিল।
তেনে এটা লেখনিৰ বাবে মেধাবী ছাত্ৰীগৰাকীক আজি প্ৰায় দুমাহ দিন কাৰাগাৰত বন্দী কৰি ৰাখিছে ছাত্ৰীগৰাকীক।যাক লৈ এতিয়া সামাজিক মাধ্যম তথা অসমৰ বিজ্ঞ সমাজে অসম আৰক্ষীক সমালোচনা কৰা পৰিলক্ষিত হৈছে।অহা ১৬ জুলাইৰ পৰা বৰ্ষাশ্ৰীৰ পৰীক্ষা।
সেয়ে সকলোৱে এইগৰাকী ছাত্ৰীক অনতি পলমে মুক্তি দি পৰীক্ষাত বহিব পৰা ব্যৱস্থা কৰি দিবলৈ অসম চৰকাৰলৈ আহ্বান জনাইছে । বৰ্ষাশ্ৰীৰ টীয়কৰ এজাৰগুৰিৰ ঘৰত দুটা মাহে জীৰ অপেক্ষাত চিন্তিত হৈ পৰিছে নিৰুপায় পিতৃ মাতৃ ।কন্দাৰ বাহিৰে যেন একোৱেই বাট নাই তেওঁলোকৰ।
মৰমৰ জীক অপৰাধী সজোৱা ঘটনাক কোনো কাৰণতে স্বীকাৰ কৰিব পৰা নাই পিতৃ মাতৃৰ লগতে পৰিয়ালবৰ্গই।কিন্তু কাৰ কথা কোনে শুনিব।
সেয়ে দুৰ্ভগীয়া পিতৃ মাতৃয়ে ছাত্ৰীগৰাকীৰ শৈক্ষিক জীৱন নষ্ট নকৰিবলৈ চৰকাৰলৈ কাতৰ অনুৰোধ জনাইছে আৰু বৰ্ষাশ্ৰীক মুকলি আকাশৰ তললৈ আনি পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক অশ্ৰুসিক্ত নয়নেৰে অনুৰোধ জনাইছে।