• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ত্ৰিপুৰাৰ বাগমাৰ বাদুলি ভিউপইণ্ট

শংখ শুভ্ৰ দেববৰ্মন by শংখ শুভ্ৰ দেববৰ্মন
May 29, 2020 8:40 pm
Bat viewpoint at Bagma in Tripura

ছবি সৌজন্য-- লেখক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বছৰৰ ডিচেম্বৰত অভূতপূৰ্ব কৰ’নাভাইৰাছ ৰোগ বা ক’ভিড-১৯ বিশ্বজুৰি বিয়পি পৰাৰ পৰাই সন্দেহৰ আঙুলি উঠি আছে এটা জন্তু প্ৰজাতিলৈকে: বাদুলি।

ডেউকা লগা নিশাচৰ জন্তু, উৰিব পৰা একমাত্ৰ স্তন্যপায়ীবিধে কেতিয়াও সঁচাকৈ প্ৰশংসা পোৱা নাই, ব্যতিক্ৰম, ধৰক বেটমেন!

তথাপি, ক’ভিড-১৯এ বাদুলিৰ প্ৰতি মানুহৰ নিকৃষ্টতমখিনি উলিয়াই আনিছে।

ক’ভিড-১৯ৰ কাৰণ SARS-COV-2ৰ বাহক বুলি সন্দেহ কৰি বহুতে বাদুলিৰ বাঁহবোৰ আঁতৰোৱা আৰু আনকি সিহঁতক মাৰি পেলোৱাৰ পৰামৰ্শ দিছে।

যেতিয়া মানুহ এবিধ কৰ’নাভাইৰাছৰ সংস্পৰ্শলৈ আহে, ই সাধাৰণতে সংক্ৰমিত জন্তুৰ সৈতে সম্পৰ্কৰ পৰা ঘটে।

আটাইতকৈ সাধাৰণ বাহক কিছুমান হ’ল বাদুলিবোৰ, যদিও সিহঁতে সাধাৰণতে মানুহলৈ পোনপটীয়াকৈ কৰ’নাভাইৰাছ সঞ্চাৰিত নকৰে।

তাৰ পৰিৱৰ্তে এই সংক্ৰমণ মধ্যৱৰ্তী এক জন্তুৰ জৰিয়তে সংঘটিত হ’ব পাৰে, যিটো সাধাৰণতে, কিন্তু সদায় নহয়, হয়গৈ এক ঘৰচীয়া জন্তু।

কিছুমান বিজ্ঞানীয়ে অনুমান কৰে যে ক’ভিড-১৯ মানুহলৈ বিয়পিল মধ্যৱৰ্তী বনৰৌৰ জৰিয়তে।

নতুন কৰ’নাভাইৰাছটোৰ ক্ষেত্ৰত চীনৰ প্ৰাৰম্ভিক প্ৰতিবেদনসমূহে এই প্ৰাদুৰ্ভাৱক মধ্য ৱুহানৰ সাগৰীয় খাদ্যৰ বজাৰৰ সৈতে সাঙুৰিছিল।

ফলস্বৰূপে, স্থানীয় কৰ্তৃপক্ষই বজাৰখন ২০২০ চনৰ ১ জানুৱাৰিত বন্ধ কৰি দিছিল।

অৱশ্যে, পিছৰ মূল্যায়নে প্ৰকাশ কৰিলে যে বাদুলিবোৰ কৰ’নাভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ মূল উৎস হোৱাৰ সম্ভাৱনা নাই, কাৰণ প্ৰথম অৱস্থাত এই ভাইৰাছ থকা কিছুমান মানুহৰ ইয়াৰ সৈতে একো সম্পৰ্ক নাছিল।

বিশেষজ্ঞসকলে এতিয়াও ভাইৰাছবিধৰ সঠিক উৎস নিৰ্ধাৰণ কৰিব পৰা নাই বা ইয়াৰ এক একমাত্ৰ মূল আধাৰ আছিল নেকি আনকি এইটোও নিশ্চিত কৰিব পৰা নাই।

সেয়ে বিশ্বজুৰি ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ বাবে অপ্ৰয়োজনীয় বাদুলিসমূহ আমাৰ ঘৃণাৰ লক্ষ্য হ’ব নালাগে!

বাদুলিক শতিকাজুৰি অশুভ আৰু পিশাচসদৃশ বুলি কৈ অহা হৈছে, সম্ভৱতঃ সিহঁতৰ গোল, উজ্জ্বল চকু আৰু ক্ষুৰসদৃশ চোকা দাঁতৰ বাবে।

প্ৰত্যেকখন আতংকময় হৰ’ৰ চিনেমা বা উপন্যাসতে বাদুলি সেয়ে ভয় আৰু ভীতিৰ প্ৰতীক হৈ আহিছে।

কিন্তু চকুৰে দেখাতকৈয়ো আকৰ্ষণীয় দিশ আছে এই নিশাচৰ প্ৰাণীবিধৰ।

পৃথিৱীত বাদুলিৰ ১৩০০তকৈয়ো অধিক প্ৰজাতি আছে, যিটোৱে ইয়াক এন্দুৰজাতীয় প্ৰাণীৰ পিছতে দ্বিতীয় আটাইতকৈ সুলভ স্তন্যপায়ীত পৰিণত কৰিছে।

কিছুমানৰ ওজন এক পেনিতকৈয়ো কম, আন কিছুমানৰ আকৌ ডেউকাৰ পৰিধি ছফুট, কিন্তু সকলোবোৰেই চিত্তাকৰ্ষক আৰু সিহঁতৰ পৰিস্থিতি তন্ত্ৰৰ অত্যাৱশ্যকীয় সদস্য।

প্ৰধানতঃ দুই ধৰণৰ বাদুলি আছে: মাইক্ৰ’বেটছ আৰু মেগাবেটছ। বেছিভাগ বাদুলিয়েই মাইক্ৰ’বেটছ, সিহঁতে কীট-পতংগ খায়, ৰাতি ওলায়।

ভেম্পায়াৰ বাদুলিয়ে একমাত্ৰ মাইক্ৰ’বেটছ যি কীট-পতংগৰ বাহিৰেও তেজো খায়।

কিন্তু উদ্বিগ্নতাৰ কাৰণ নাই— সিহঁতে মানুহ নহয়, গৰু, ম’হ আৰু ঘোঁৰাৰ পৰাহে খাবলৈ পচন্দ কৰে।

বাদুলিক লৈ ইমান ভুল ধাৰণা থকা সত্ত্বেও সিহঁত মানুহ আৰু পৰিৱেশৰ বাবে খুবেই গুৰুত্বপূৰ্ণ।

পতংগ খোৱা মাইক্ৰ’বেটছে এৰাতিতে নিযুত কীট ভক্ষণ কৰে।

এটা বাদুলিয়ে এঘণ্টাত ৬০০লৈকে মহ খাব পাৰে। উদ্ভিদৰ ক্ষেত্ৰত বাদুলিয়ে প্ৰাকৃতিক কীট নিয়ন্ত্ৰকৰ কাম কৰে।

বাদুলিক ধন্যবাদ, খেতিয়কসকলে বিষাক্ত কীটনাশকৰ ওপৰত কমকৈ নিৰ্ভৰ কৰিলেও চলে, প্ৰতি বছৰে যাৰ বাবে তেওঁলোকে নিযুত ডলাৰ ভৰিব লগা হয়।

ফুলৰ ৰেণু খোৱা বাদুলিয়ে উদ্ভিদৰ পৰাগ-সংযোগত সহায় কৰে যাতে সিহঁতে ফলমূল উৎপাদন কৰিব পাৰে।

বাস্তৱত আম, কল আৰু এভ’কেড’কে ধৰি ৫০০তকৈয়ো উদ্ভিদ প্ৰজাতিয়ে পৰাগ-সংযোগৰ কাৰণে বাদুলিৰ ওপৰত নিৰ্ভৰ কৰে।

শেষত, বহুল বনধ্বংসৰ প্ৰভাৱ মোকাবিলাত সহায়েৰে ফল খোৱা বাদুলিয়ে বীজ বিস্তাৰিত হোৱাত সহায় কৰে যাতে বৰ্ষাৰণ্যসমূহৰ বৃদ্ধি হ’ব পাৰে।

সিহঁতে পৰাগ-সংযোগকাৰী, বীজ বিস্তাৰক আৰু কীট নিয়ন্ত্ৰক হিচাপে বিলিয়ন ডলাৰ মূল্যৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

দক্ষিণ এছিয়াত সিহঁত mahua (Mahduca latifolia), kapok (Ceiba pentandra), Indian trumpet flower (Oroxylum indicum), chiuri (Dipoloknema buyracea) আৰু petai Parkia sppৰ মূল পৰাগ-সংযোগকাৰী।

ইটালি, স্পেইন, মাদাগাস্কাৰ, থাইলেণ্ড আৰু ফিলিপাইনছত হোৱা অধ্যয়নত প্ৰমাণিত হৈছে যে ধানৰ কীট গোগ্ৰাসে খোৱা কীট ভক্ষণকাৰী বাদুলি কীট নিয়ন্ত্ৰণৰ মূল্যৱান এজেণ্ট।

সন্দেহ নাই, সিহঁতে ভাৰত আৰু দক্ষিণ এছিয়াতো একেই কামেই কৰে!

এতিয়া এই অন্ধকাৰৰ উৰন্ত স্তন্যপায়ীসমূহে এখন উদ্যান লাভ কৰিছে।

অন্যতম সৰ্বাধিক আকৰ্ষণীয় এই প্ৰজাতিৰ সংৰক্ষণৰ বাবে এনে এক অনন্য উদ্যান পৃথিৱীৰ আন ক’তো দেখিবলৈ পাবলৈ নাই আৰু সেই উদ্যানখন আছে ত্ৰিপুৰাত—ভাৰতৰ তৃতীয় ক্ষুদ্ৰ ৰাজ্যখনত।

হয়, আপুনি ঠিকেই শুনিছে; ৰাজ্যখনলৈ অধিক পৰ্য্যটকক আকৰ্ষণ কৰাৰ এক পদক্ষেপ হিচাপে ত্ৰিপুৰাৰ পৰ্য্যটন বিভাগ আৰু ৰাজ্যিক বন বিভাগে ৰাজধানী আগৰতলাৰ পৰা প্ৰায় ৫৫ কি.মি. দূৰত গোমাতি জিলাৰ বাগমাত এক “বেট ভিউপইণ্ট” স্থাপন কৰিছে।

অঞ্চলটোত অন্যথা স্থানীয়ভাৱে নোপোৱা বহু Andaman padauk (Pterocarpus dalbergioides) গছ বাগমাত আছে।

এই গছবোৰ অত্যন্ত ওখ আৰু স্তন্যপায়ীৰ জিৰণিৰ বাবে আদৰ্শ স্থান।

বাদুলিবোৰ পৰিস্থিতিতন্ত্ৰৰ সন্তুলন আৰু পৰিৱেশ ধৰি ৰখাৰ বাবে খুব গুৰুত্বপূৰ্ণ হোৱাৰ বাবে ৰাজ্য চৰকাৰে এই বাদুলিবোৰ বচোৱা আৰু এক পৰ্য্যটকস্থলীৰূপে এই স্থানক বিকাশ কৰাৰ বাবেও উদ্যোগ লৈছে।

এই ভিউপইণ্টটো ২০১৯ চনৰ মে’ত স্থাপন কৰা হৈছিল।

বৰ্তমান প্ৰায় ৪০-৫০ জোপা Andaman padauk গছত প্ৰায় ৫০০০ বাদুলিয়ে আশ্ৰয় লৈ আছে।

এই উদ্যানত থকা বেছিভাগ বাদুলিয়ে ‘Indian flying foxes’ৰূপে জনাজাত।

এই বাদুলিবোৰক গ্ৰেটাৰ ইণ্ডিয়ান ফ্ৰুট বেট বুলিও জনা যায় আৰু এইবোৰ বিশ্বৰ ভিতৰত অন্যতম ডাঙৰ বাদুলি।

ফলমূলৰ বাগানৰ প্ৰতি ইয়াৰ ধ্বংসকাৰী প্ৰৱণতাৰ বাবে এই প্ৰজাতিক শস্যনষ্টকাৰী বুলি প্ৰায়ে গণ্য কৰা হয়, কিন্তু ইয়াৰ পৰাগ-সংযোগ আৰু বীজ প্ৰসাৰণৰ উপকাৰিতাই ফল ভক্ষণৰ প্ৰভাৱক চেৰাই যায়।

তাৰোপৰি, এইটোও ইয়াত উল্লেখ কৰা দৰকাৰ যে ভাৰতকে ধৰি বাংলাদেশ, ভুটান, চীন, তিব্বত, মালদ্বীপ, ম্যানমাৰ, নেপাল, পাকিস্তান আৰু শ্ৰী লংকাৰ দৰে বিভিন্ন এছীয় দেশজুৰি ইণ্ডিয়ান ফ্লায়িং ফক্স পোৱা যায়।

বিশেষকৈ নগৰ অঞ্চল আৰু মন্দিৰৰ মুকলি গছৰ ডালত ই ডাঙৰ, প্ৰতিষ্ঠাপিত আৱাস স্থাপন কৰে।

ই কম ব্যাসৰ ওখ গছত বাঁহ সাজিবলৈ আৰু জলজ অঞ্চল, মানুহৰ আৱাস আৰু কৃষিভূমিৰ সমীপত থাকিবলৈ পচন্দ কৰে।

এই আৱাস বাচনি খাদ্যৰ উপলব্ধতাৰ ওপৰত অতি নিৰ্ভৰশীল।

তাৎপৰ্য্যপূৰ্ণভাৱে, যুক্তিৰ ফালৰ পৰা এতিয়াও উপলব্ধ ক্ষুদ্ৰতম স্তন্যপায়ী Kitti’s hog-nosed বাদুলিবিধো ত্ৰিপুৰাত আছে, যাৰ দৈৰ্ঘ্য ২৯-৩৪ মি.মি. (১.১৪ ইঞ্চি—১.৩৪ ইঞ্চি), ডেউকাজুৰি ১৫ ছে. মি. (৫.৯১ ইঞ্চি) আৰু ভৰ হৈছে ২—২.৬ গ্ৰাম (০.০৭—০.০৯ oz)।

ভিউপইণ্টটোত চালি আৰু খুটা আদি প্ৰাকৃতিক সমলেৰে এখন চালি নিৰ্মাণ কৰি দিয়া হৈছে আৰু ৰাইজে বাদুলি দৰ্শন কৰিব পৰাকৈ তাত দূৰৱীণো স্থাপন কৰা হ’ব।

তথ্যৰ উত্তম প্ৰসাৰৰ বাবে এলেকাটোৰ আশেপাশে প্ৰজাতিবিধৰ সম্পৰ্কে ডিছপ্লে ছাইনৰো প্ৰয়োজন হ’ব।

এলেকাটোত বেৰা দিয়া আছে যিহেতু স্থানডোখৰ যথেষ্ঠ জনাজাত আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত।

এলেকাটো ৰাজ্যখনৰ ইক’-টুৰিজম বৰ্তনীৰ ভাল অংশ হ’ব পাৰে।

শুনা গৈছে যে ত্ৰিপুৰাৰ বন বিভাগে ৰাজ্যজুৰি আৰু দুটা বা তিনিটা বেট ভিউপইণ্ট স্থাপনৰ বাবেও পৰিকল্পনা কৰিছে।

উত্তৰ, দক্ষিণ আৰু পশ্চিম দিশে বাংলাদেশে আগুৰি থকা ৰাজ্যখনৰ অসম আৰু মিজোৰামৰ সৈতে আছে পূবসীমা।

আধুনিক ত্ৰিপুৰা হৈছে স্বাধীন ত্ৰিপুৰী ৰাজ শাসনৰ অংশ যিসকলে ইয়াত কেইবাশতিকাজুৰি শাসন কৰিছিল।

ত্ৰিপুৰা ইয়াৰ অনন্য সংস্কৃতি, সুন্দৰ দৃশ্যৰ বাবে পৰ্য্যটকৰ মাজত বিখ্যাত।

স্থানীয় ত্ৰিপুৰীসকল বন আৰু জীৱ-জন্তুৰ সৈতে নিৰৱচ্ছিন্ন সংস্পৰ্শত থাকে, বাদুলিৰ দৰে প্ৰজাতিসমূহো তেওঁলোকে সংৰক্ষণ কৰি আহিছে।

বাদুলিয়ে পৰিস্থিতিতন্ত্ৰৰ জাল শিকলিৰ এক এৰাব নোৱাৰা আৰু গুৰুত্বপূৰ্ণ অংশৰূপে কাম কৰে, আৰু বাদুলিৰ সুৰক্ষা আৰু সংৰক্ষণ সন্দেহাতীতভাৱে অত্যন্ত জৰুৰী।

কিন্তু কিছুমান বাদুলি প্ৰজাতি আজিকালি হয় ভাবুকিৰ মুখত নহয় বিপন্ন।

ভক্ষণকাৰীবোৰৰ ভিতৰত আছে সাপ, চিলনী, ফেঁচা আদি।

আৰু দুৰ্ভাগ্যজনকভাৱে বন ধ্বংস, দ্ৰুত নগৰীকৰণ বৃদ্ধিৰো বাদুলিৰ সংখ্যাৰ ওপৰত আটাইতকৈ হানিকাৰক প্ৰভাৱ আছে।

এই ৰহস্যজনক উৰন্ত স্তন্যপায়ীবোৰ সঁচাকৈয়ে অমূল্য আৰু প্ৰশংসা আৰু সংৰক্ষণ দুয়োটাৰে যোগ্য।

সেইবাবেই ত্ৰিপুৰাৰ বাগমাস্থিত বেট ভিউপইণ্টটো ইমান গুৰুত্বপূৰ্ণ আৰু সন্দেহাতীতভাৱে দৰ্শনৰ যোগ্য।

শংখ শুভ্ৰ দেববৰ্মন আঞ্চলিক সঞ্চালক, উত্তৰ-পূব ভাৰত, পৰ্য্যটন বিভাগ, ভাৰত চৰকাৰ

শংখ শুভ্ৰ দেববৰ্মন

শংখ শুভ্ৰ দেববৰ্মন

Stay Connected

  • 117k Fans

Recent News

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm
পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

September 17, 2025 6:57 pm
কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd