ড’নাল্ড ট্ৰাম্প, গাজা আৰু ৰূপান্তৰকামীৰ অধিকাৰকে ধৰি বিভিন্ন বিষয়ত সংবাদ পৰিৱেশনত “গুৰুতৰ আৰু সামগ্ৰিক পদ্ধতিগত” পক্ষপাতিত্বৰ অভিযোগ উত্থাপন হোৱাৰ পিছত বিবিচিৰ সঞ্চালক প্ৰধান টিম ডেভি আৰু বাতৰিৰ মুৰব্বী ডেব’ৰা টাৰ্ণেছে পদত্যাগ কৰিছে।
বিবিচিৰ এগৰাকী প্ৰাক্তন পৰামৰ্শদাতাই এই অভিযোগ উত্থাপন কৰাৰ পিছতে দেওবাৰে তেওঁলোকে পদত্যাগ কৰে। বিবিচিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাষণ সম্পাদনা কৰাৰ ধৰণৰ বাবে ক্ষমা খুজিবলৈ সাজু হোৱাৰ সময়তে তেওঁলোকে পদত্যাগ কৰে।
ডেভিয়ে এক বিবৃতিত কয় যে, “কিবা এটা ভুল হ’ল আৰু সঞ্চালক প্ৰধান হিচাপে মই অৱশেষত দায়িত্ব ল’ব লাগিব।” আনহাতে বিবিচি নিউজৰ মুখ্য কাৰ্যবাহী ডেব’ৰা টাৰ্ণেছে কয় যে, “চুড়ান্তভাৱে এই দায়িত্ব মোৰ।” পদত্যাগ কৰাৰ সিদ্ধান্তও কঠিন বুলিও কয় তেওঁ।
বিবিচিৰ সম্পাদকীয় নিৰ্দেশনা আৰু মানদণ্ড সমিতিৰ প্ৰাক্তন পৰামৰ্শদাতা মাইকেল প্ৰেছকটে বিবিচিৰ প্ৰতিবেদনত পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰে।
ইয়াৰ মাজতে ব্ৰিটিছ কাকত টেলিগ্ৰাফত বিবিচিৰ এটা আভ্যন্তৰীণ নথি প্ৰকাশ পায়। তাত দেখা গৈছে যে বিবিচিয়ে নিজৰ ‘পেনোৰামা’ তথ্যচিত্ৰত ড’নাল্ড ট্ৰাম্পৰ এটা ভাষণ সম্পাদনা কৰি ব্যৱহাৰ কৰিছিল। তাত ট্ৰাম্পৰ ভাষণৰ দুটা অংশ এনেদৰে সংযুক্ত কৰা হৈছিল যে ২০২১ চনৰ ৬ জানুৱাৰীত তেওঁ সমৰ্থকসকলক বেপেৰোৱাভাৱে আমেৰিকাৰ কেপিটেল হিলত আক্ৰমণ কৰিবলৈ উৎসাহিত কৰা যেন লাগিছিল।
সম্পাদনাৰ পিছত ট্ৰাম্পৰ বক্তব্যটো এনেদৰে ফটি উছে, ‘’আমি কেপিটেলৰ পিনে গৈ আছো আৰু মই তাত আপোনালোকৰ সৈতে থাকিম আৰু আমি যুঁজ দিম। আমি আমাৰ সকলো শক্তিৰে যুঁজিম।’’
যদিও এই কথাবোৰ ট্ৰাম্পৰ ভাষণত আছিল, তথাপিও ইয়াত আৰু বহু কথা আছিল। তেওঁৰ ভাষণৰ কিছু অংশ এইদৰে সংযুক্ত কৰাৰ বিষয়টো প্ৰকাশ পোৱাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰেছ সচিব কেৰ’লিন লেভিটে বিবিচিক সমালোচনা কৰে। এই সপ্তাহৰ শেষৰ ফালে তেওঁ বিবিচিক ‘১০০% ভুৱা বাতৰি’ আৰু ‘অপপ্ৰচাৰৰ যন্ত্ৰ’ বুলি অভিহিত কৰে।
বিবিচিৰ দুজন শীৰ্ষ কাৰ্যবাহীয়ে পদত্যাগ কৰাৰ পিছতো কেৰ’লিন লেভিটে এক্সত এটা পোষ্টত বিবিচিক কটাক্ষ কৰিছে। সেই পোষ্টটোত তেওঁ টিম ডেভিৰ পদত্যাগৰ খবৰৰ সমান্তৰালভাৱে টেলিগ্ৰাফে প্ৰকাশ কৰা “ট্ৰাম্প গ’জ টু ৱাৰ উইথ ‘ফেক নিউজ’ বিবিচি“ শীৰ্ষক প্ৰতিবেদনৰ স্ক্ৰীণশ্বট পোষ্ট তুলি ধৰিছে।





