৩৭৯ ৰাণৰ দুৰ্দান্ত ইনিংছৰ সুবাদতে টী-২০ দলত পৃথ্বী! অক্ষৰ-ৰাহুলক ছুটী, দললৈ উভতিল জাদেজা

BCCI announces Indian squads for upcoming series ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে। চেতন শৰ্মাৰ নেতৃত্বত ৰাষ্ট্ৰীয় বাছনি সমিতিয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা আৰু টী-২০ শৃংখলাৰ বাবে দল ঘোষণা কৰিছে।

সেইদৰে, শুকুৰবাৰে নিশা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুখন টেষ্টৰ বাবে পাঁচজনীয়া ৰাষ্ট্ৰীয় নিৰ্বাচকে দল বাছনি কৰে।

টীম ইণ্ডিয়াই ১৮ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখন এদিনীয়া শৃংখলা আৰু এখন টী-২০ শৃংখলা খেলিব। তাৰ পিছত ৰোহিত শৰ্মাৰ দলে ৯ ফেব্ৰুৱাৰীৰ পৰা ২২ মাৰ্চলৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চাৰিখন মেচৰ টেষ্ট শৃংখলা আৰু তিনিখন এদিনীয়া শৃংখলা খেলিব।

যিহেতু ব্যক্তিগত কাৰণত কে এল ৰাহুলে নিউজিলেণ্ডৰ বিৰুদ্ধে সীমিত অভাৰৰ শৃংখলাত খেলিব নোৱাৰিব, সেয়ে কে এছ ভৰতক এদিনীয়া দলত দলৰ দ্বিতীয় উইকেটকিপাৰ হিচাপে মনোনীত কৰা হৈছে। জিতেশ শৰ্মা টী-২০ত ষ্টপগেপ উইকেটকিপাৰ হিচাপে দললৈ আহিছে।

ইপিনে, অসমৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীত ৩৭৯ ৰাণৰ দুৰ্দান্ত ইনিংছ খেলাৰ পিছতো পৃথ্বীয়ে টেষ্ট দলত স্থান পোৱা নাই। তেওঁ নিউজিলেণ্ডৰ বিৰুদ্ধে টী-২০ শৃংখলাৰ বাবে দলত আছে। আনহাতে, অভিজ্ঞ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই আঘাত পৰা সকাহ লাভ কৰি অষ্ট্ৰেলিয়া শৃংখলাত প্ৰত্যাৱৰ্তন কৰিছে। কিন্তু এইটো খেলপথাৰত তেওঁৰ শেষ মুহূৰ্তৰ ফিটনেছৰ ওপৰত নিৰ্ভৰ কৰিব। সূৰ্যকুমাৰ যাদৱক টেষ্ট দলত সুযোগ দিয়া হৈছে। এইটো এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ।

নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া দলটো চাওঁক

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন ঈল, ঈশান কিষাণ, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, সূৰ্যকুমাৰ যাদৱ, কে এছ ভৰত (উইকেট-ৰক্ষক), হাৰ্দিক পাণ্ডিয়া (উপ-অধিনায়ক), ৱাশ্বিংটন সুন্দৰ, শ্বাহবাজ আহমেদ, শাৰ্দুল ঠাকুৰ, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, মহম্মদ ছামী, মহম্মদ চিৰাজ, উমৰণ মালিক।

দীঘলীয়া অপেক্ষাৰ পিছত পৃথ্বী শ্ব’ই অৱশেষত টী-20 দলত স্থান লাভ কৰিছে। মুকেশ কুমাৰেও দলটোত স্থান পাইছে। জিতেশ শৰ্মাক উইকেটকিপাৰ হিচাপে ৰখা হৈছে।

নিউজিলেণ্ডৰ বিৰুদ্ধে টী-২০ শৃংখলাৰ বাবে ভাৰতীয় দলটো চাওক

হাৰ্ডিক পাণ্ডিয়া (অধিনায়ক), সূৰ্যকুমাৰ যাদৱ (উপ-অধিনায়ক), ঈশান কিষাণ (উইকেট-ৰক্ষক), ৰুতুৰাজ গায়কৱাড, শুভমন গীল, দীপক হুডা, ৰাহুল ত্ৰিপাঠী, জিতেশ শৰ্মা (উইকেট-ৰক্ষক), ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, যুজবেন্দ্ৰ চাহাল, উমৰণ মালিক, শিৱম মাভি, পৃথ্বী শ্ব’ আৰু মুকেশ কুমাৰ।

আনহাতে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টৰ বাবে ভাৰতীয় দলটো

ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (উপ-অধিনায়ক), শুভমন গীল, চেতেশ্বৰ পূজাৰা, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এছ ভৰত, ঈশান কিষাণ, ৰবিচন্দ্ৰন অশ্বিন, অক্ষৰ পেটেল, কুলদীপ যাদৱ, ৰবীন্দ্ৰ জাদেজা, মহম্মদ ছামী, মহম্মদ চিৰাজ, উমেশ যাদৱ, জয়দেৱ উনাদকট আৰু সূৰ্যকুমাৰ যাদৱ।