• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বগীবিল দলং চোৱাৰ লোভ? কৰ্মদিনতে কাৰ্য্যালয় বন্ধ দি সতীৰ্থসহ বি ডি অ’ ছাৰ গ’ল পিকনিকলৈ

“আজি ছাৰহঁতে খানা খাবলৈ গৈছে বগীবিলত”, জনালে চতুৰ্থ বৰ্গৰ ৰৈ যোৱা কৰ্মচাৰীজনে

কাজি জেইদুল ইচলাম by কাজি জেইদুল ইচলাম
January 5, 2019 8:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাজাৰ হাজাৰ মানুহক দেখি-শুনি মনক বুজাব নোৱাৰি কৰ্মদিনতে সম্পূৰ্ণ কাৰ্য্যালয়টো বন্ধ দি সদলবলে এজন বিডিঅ’ই বগীবিল দলং চাবৰ বাবে যোৱা এটা ঘটনাই সচতেন মহলৰ চকু কপালত তুলিছে। এই আজৱ কাণ্ড সংঘটিত হৈছে বিশ্বনাথ জিলাৰ বাঘমৰা উন্নয়ন খণ্ডত।

আজি কৰ্মদিন আছিল যদিও বাঘমৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বিশ্বজিৎ দে’ই সম্পূৰ্ণ কাৰ্য্যালয়টো বন্ধ দি দুৱাৰত তলা ওলমাই গোটেই কৰ্মচাৰীসহ বগীবিল দলং চাবলৈ গুচি যায়। ফলত কাৰ্য্যালয়টোলৈ বিভিন্ন কামৰ বাবে অহা ৰাইজ বিমুখ হৈ ঘূৰি যায়।

Apply Now

ৰাইজৰ সেৱাৰ বাবে থকা এজন দায়িত্বশীল চৰকাৰী বিষয়াই নিজৰ খেয়ালখুচিমতে কাৰ্য্যালয় বন্ধ দি এইদৰে মনৰ চখ পূৰাবলৈ যোৱাটোত প্ৰতিক্ৰিয়া হৈছে। সোণোৱাল চৰকাৰে কৰ্ম সংস্কৃতিৰ কথা কৈ অহাৰ সময়তে বি ডি অ’জনৰ এই কাণ্ডই হতবাক কৰিছে স্থানীয় ৰাইজক।

“আজি ছাৰহঁতে খানা খাবলৈ গৈছে বগীবিলত”, সাংবাদিকে সোধাত ৰখীয়া হিচাপে থকা চতুৰ্থবৰ্গৰ কৰ্মচাৰীজনে কয়।

সেয়েহে নতুন বছৰৰ আদৰণী আৰু বগীবিল দলং দৰ্শনৰ সুখ লবলৈ হেপাহ জাগিল বি ডি অ ছাৰৰ। লগত ওলাল সকলো সাংগো পাংগো সকল। আজি শণিবাৰ, তাতে কৰ্তব্যৰ দিনটোত প্ৰথমটো অঘোষিত বন্ধ পালন কৰিলে বিডিঅ ছাৰ হঁতে। কিন্তু অফিচ ৰখীয়া কৰিবলৈটো থাকিব লাগিব কোনোবা এজন। সেয়েহে মন থকা স্বত্বেও বগীবিল দলং চাবলৈ তথা দলংৰ তলত নতুন বছৰ উপলক্ষে বনভোজ খাবলৈ নাপালে কাৰ্যালয়টোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে। প্ৰায়েই কয় অসমত চৰকাৰী কৰ্মচাৰীৰ কৰ্ম সংস্কৃতি বাঢ়িছে। কিন্তু আপুনি চাওকচোন চৰকাৰী কৰ্মচাৰীৰ দিনটোতে অফিচটোত কেনেদৰে কাৰ্যালয়ত ওলমি আছে তলা। পিছে আপোনাৰ জানিবলৈ মন নাযায় নেকি যে এইয়া কোনটো ব্লকৰ বিডিঅ ছাৰ তথা কৰ্মচাৰী। হয় আপুনি ঠিকেই শুনিছে এইয়া মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টি বিহালীৰ বাঘমৰা খণ্ড উন্নয়ন  বিষয়াৰ কাৰ্যালয়।

আজি কোনো বন্ধ নথকাকৈয়ে ব্লকটোৰ বিডিঅ তথা সকলো কৰ্মচাৰী বগীবিলত বনভোজ খাবলৈ গল। এতিয়া আপোনালোকেই বিচাৰ কৰক এইয়াই নেকি চৰকাৰী কৰ্মচাৰীৰ কৰ্ম সংস্কৃতি।

উল্লেখযোগ্য যে যোৱা ২৫ ডিচেম্বৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দেশৰ ভিতৰতে দীঘল (ৰে’লপথ-পথ দুয়োটা থকা) আৰু উন্নত প্ৰযুক্তিৰ বগীবিল দলংখন মুকলি কৰিছিল। ইয়াৰ পিছতে হাজাৰ হাজাৰ লোকে দলংখন চাবলৈ দৈনিক ভিৰ কৰা দেখা গৈছে। কিন্তু এজন চৰকাৰী দায়িত্বশীল বিষয়াই এইদৰে কৰ্মদিনতে সম্পূৰ্ণ কাৰ্য্যালয়টো বন্ধ কৰি কৰ্মচাৰীসহ দলংখন চাবলৈ যোৱাটোৱে মানুহৰ চকু কপালত তুলিলে।

কাজি জেইদুল ইচলাম

কাজি জেইদুল ইচলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd