স্তন কেন্সাৰত আক্ৰান্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। স্তন কেঞ্চাৰত আক্ৰান্ত হোৱাটো আজিকালি ভাৰতত সাধাৰণ কথাৰ দৰে হৈ পৰিছে। তথাপি আমাৰ দেশত এই কেন্সাৰ সম্পৰ্কে এতিয়াও বিশেষ সজাগতা নাই।
উল্লেখ্য যে এই ৰোগ ৩০ ৰ পৰা ৪০ বছৰৰ ভিতৰৰ মহিলাৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়।
লগতে পঢ়কঃ দিনে দিনে হ্ৰাস পাইছে পুৰুষৰ প্ৰজনন ক্ষমতা! গৱেষণাত পোহৰলৈ আহিছে মাৰাত্মক তথ্য
পৰিসংখ্যা অনুসৰি ভাৰতৰ প্ৰতি ৪ মিনিটৰ মূৰে মূৰে এগৰাকী মহিলা স্তন কেন্সাৰত আক্ৰান্ত হয়। প্ৰতি ১৩ মিনিটৰ মূৰে মূৰে এই দেশত এগৰাকী মহিলা স্তন কেন্সাৰত মৃত্যু হয়।
গতিকে ৩০ বছৰ বয়সৰ পৰাই সাৱধান হওক। নিয়মীয়াকৈ স্তন পৰীক্ষা কৰক।
যদি স্তনৰ ছালৰ কোনো অংশ ওপৰলৈ উঠি যায় বা বিষহীনভাবে ফুলা দেখা যায় তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক। হঠাতে নিপলৰ আকৃতি সলনি হোৱাটোও স্তন কেন্সাৰৰ লক্ষণ হ’ব পাৰে। যদি স্তনৰ আকাৰ সলনি হয় বা হঠাতে কমিবলৈ আৰম্ভ কৰে তেন্তে সাৱধান হওক, চিকিৎসকৰ ওচৰলৈ যাওক। ঋতুস্ৰাৱৰ সময়ত যদি স্তনৰ বিষ বা কোনো অস্বস্তি অনুভৱ হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।
লগতে পঢ়কঃ মদ্যপান কৰে নেকি? তেন্তে জানি লওঁক ফেটি লিভাৰৰ লক্ষণসমূহ
যদি স্তনৰ কোনো অংশৰ ৰং ৰঙা বা কমলালৈ সলনি হোৱা লক্ষ্য কৰে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক। কিন্তু মনত ৰাখিব, এই সকলোবোৰ লক্ষণৰ অৰ্থ এইটো নহয় যে ই স্তন কেন্সাৰ। গতিকে আতংকিত নহ’ব আৰু সাৱধান হওক। বিশেষজ্ঞৰ পৰামৰ্শ লওক। কেন্সাৰ যিমানেই সোনকালে ধৰা পৰে সিমানেই সহজে চিকিৎসা কৰিব পৰা যায়।
স্তন কেন্সাৰৰ প্ৰতিকাৰ সমূহ :
- আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰক। কাৰণ অতিৰিক্ত ওজনে কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে।
- পৰিয়ালত কাৰোবাৰ স্তন কেন্সাৰৰ ইতিহাস থাকিলে সাৱধান হওক।
- নৱজাতকক স্তনপান নকৰালেও স্তন কেন্সাৰ হোৱাৰ আশংকা থাকে।
- অতিৰিক্ত তেল থকা খাদ্য, ফাষ্ট ফুড পৰিহাৰ কৰক।
- কাৰ্বহাইড্ৰেট গ্ৰহণ ৰোধ কৰক।
- অতিৰিক্ত মদ্যপান, ধঁপাত সেৱনেও স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে।
- ৩০ বছৰৰ পৰা সাৱধান হওক যাতে কেন্সাৰৰ আশংকা নহয়। নিয়মীয়াকৈ স্তন পৰীক্ষা কৰক ।
লগতে পঢ়কঃ ছন্দ হেৰাইছে নেকি দাম্পত্য জীৱনৰ? যৌন শক্তি বৃদ্ধিৰ বাবে খাওঁক এইকেইটা বিশেষ খাদ্য