NORTHEAST NOW (Assamese)

বোকাখাত আৰু কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী কাইফ’লাংচ জলপ্ৰপাতলৈ যাওঁতে সাৱধান হওক! ঘটিব পাৰে অঘটন…

December 19, 2024 4:07 pm · উত্তম কুমাৰ শৰ্মা, বোকাখাত
Updated: December 19, 2024 4:22 pm

বোকাখাত আৰু মনোমোহা কাৰ্বি আংলঙৰ সীমান্তত  থকা পৰ্যটকৰ আকৰ্ষণ আৰু পিকনিকৰ বাবে প্ৰথম প্ৰচণ্ড হৈ উঠা কাইফলাংচজলপ্ৰপাতলৈ যাওঁতে সাৱধান হওক আপুনি।

কিয়নো সামান্য অমনোযোগিতাৰ বাবে কাইফলাংচজলপ্ৰপাতলৈ যোৱা পৰ্যটক হব পাৰে ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন।

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ কঁহৰাৰ পৰা মাত্ৰ ৪০ মিনিটৰ বাট এই কাইফলাংচজলপ্ৰপাত প্ৰকৃততেই মেঘালয়ৰ কোনো এটা জলপ্ৰপাততকৈ কোনো গুণে কম নহয়।

সেয়ে প্ৰত্যেক বছৰেই বাঢ়ি আহিছে কাইফলাংচত এটা দিন কটাই প্ৰকৃতিৰ নৈসৰ্গিকতাৰ মাজত বিলিন হব খোজা পৰ্যটকৰ সংখ্যা। লগতে বাঢ়িছে পিকনিক দলৰ সংখ্যাও।

কিন্তু পৰ্যটকৰ সুবিধাৰ নিৰ্মাণ কৰা ষ্টীল আৰু লোহাৰ দলঙখন দীৰ্ঘদিনৰ পৰা মেৰামতি নকৰাৰ ফলত যিকোনো মূহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখা দিছে।

লগতে লোহাৰ দলঙখন বহু ঠাইত জহি-খহি গৈছেভাগি পৰিছে ৰেলিং। আনকি জলপ্ৰপাতৰ ঠিক সন্মুখৰ ভাগত ৰেলিং ডাল  লাগি আছে অতি বিপদজনক ভাৱে।

ইতিমধ্যে এইবিষয়ত ব্যাপক চৰ্চা আৰম্ভ হৈছে সামাজিক মাধ্যমত।

কিন্তু দুৰ্ভাগ্য, এই ক্ষেত্ৰত বোকাখাত মহকুমা প্ৰশাসন আৰু জলপ্ৰপাতটো পৰিচালনা কৰা কাৰ্বি আংলং অটমাচ কাউঞ্চিল কৰ্তৃপক্ষই বৰ্তমান পৰ্যন্ত দিয়া নাই যথোচিত গুৰুত্ব। এই ক্ষেত্ৰত বোকাখাতৰ বিধায়ক-মন্ত্ৰী অতুল বৰাৰো যথেষ্ট কৰণীয় আছিল যদিও এইবোৰলৈ কাণসাৰ মন্ত্ৰী গৰাকীৰ।

ইফালে কাইফলাংচজলপ্ৰপাতৰ জলৰাশিত সাঁতুৰিবলৈ গৈ কেইবাজনো ব্যক্তিৰ সলিল সমাধি ঘটাৰ দৰে ঘটনাও ম্লান কৰিব নোৱাৰা পৰ্যটকৰ আকৰ্ষণক ব্যাঘাট জন্মাব পাৰে এই মৰণফাণ্ড সদৃশ জহি-খহি যোৱা ৰেলিংষ্টীল আৰু লোহাৰ দলঙখনৰ মুমূৰ্ষ অৱস্থাই।

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নাতি দূৰৈত অৱস্থিত এই কাকচাং বা কাইফলাংচজলপ্ৰপাতে কাজিৰঙাৰ পৰ্যটনক প্ৰদান কৰিব পাৰে আন এক মাত্ৰা কিন্তু দুৰ্ভাগ্যজনক ভাৱে সেয়া হৈ উঠাগৈ নাই কেৱল মাত্ৰ সু-পৰিকল্পনা আৰু আঁচনিৰ অভাৱত।

Related News