সাজু থাকক; ২১ ডিচেম্বৰৰ পৰা পাঁচ দিনৰ বাবে বন্ধ থাকিব বেংক সেৱা

closed bank

প্ৰতিনিধিত্বমূলক ছবি

চলিত মাহৰ ২১ৰ পৰা ২৬ তাৰিখলৈ ৫ দিনৰ বাবে দেশৰ লগতে অসম তথা উত্তৰ-পূবত বেংক সেৱা বন্ধ থাকিব। ৫ দিন ধৰি বেংক সেৱা বন্ধ থকাটোৱে নিশ্চয়কৈ গ্ৰাহক সকলক অসুবিধাত পেলাব।

উল্লেখযোগ্য যে অহা ২১ আৰু ২৬ ডিচেম্বৰত দেশজুৰি All India Bank Officers Confederation চমুকৈ (এ আই বি অ’ চি)  আৰু United Forum of Bank Unions চমুকৈ (য়ু এফ বি য়ু)এ ধৰ্মঘটৰ কাৰ্যসূচী ঘোষণা কৰিছে। উল্লেখ্য যে দৰমহাৰ মীমাংসা আৰু বেংক সংযুক্তিকৰণৰ সিদ্ধান্তৰ প্ৰতিবাদত সংগঠন দুটাই উক্ত দিন দুটাত দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে।

যাৰ ফলত ২১ আৰু ২৬ ডিচেম্বৰত দেশৰ ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ লগতে ব্যক্তিগতখণ্ডৰ বেংকসমূহৰো সেৱা বন্ধ থাকিব। আনহাতে উক্ত দিন দুটাৰ উপৰি ২২, ২৩ আৰু ২৫ ডিচেম্বৰতো বেংকসমূহ বন্ধ থাকিব।

কিয়নো ২২ ডিচেম্বৰ হৈছে মাহটোৰ চতুৰ্থ শনিবাৰ আৰু ২৩ হৈছে ডিচেম্বৰ দেওবাৰ। তদুপৰি খ্ৰীষ্টমাচ উপলক্ষে ২৫ ডিচেম্বৰতো বন্ধ থাকিব বেংকসেৱা। যাৰ ফলত ২১ৰ পৰা ২৬ ডিচেম্বৰৰ মাজত মাত্ৰ ২৪ ডিচেম্বৰৰ দিনটোক বেংক খোলা থাকিব।

অৱশ্যে উক্ত বন্ধৰ দিনকেইটাত বেংকসমূহৰ এ টি এম সেৱা স্বাভাৱিকভাৱে চলি থাকিব।