অখিল গগৈসহ আন আন কা বিৰোধী আন্দোলনকাৰীক মুক্তিৰ দাবী বীৰ লাচিত সেনাৰ
দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ মুক্তিৰ দাবী তুলিছে বীৰ লাচিত সেনাই। কৃষক নেতা গৰাকীৰ লগতে আন আন কাৰাৰুদ্ধ কা বিৰোধী আন্দোলনকাৰীৰো মুক্তিৰ দাবী জনাই সংগঠনটোৱে।
ইয়াৰ উপৰি সংগঠনটোৱে অখিল গগৈৰ সুস্বাস্থ্য কামনা কৰি অহা ৫ মে’ৰ দিনা সন্ধিয়া সকলো জাতি ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এজন অসমীয়া হিচাপে প্ৰত্যেকে নিজৰ নিজৰ ঘৰৰ পদুলিত এগোচিকৈ বন্তি জ্বলোৱাৰ লগতে প্ৰত্যেকে সামাজিক মাধ্যমত নেতা গৰাকীৰ মুক্তিৰ দাবীত একোটাকৈ শ্ল’গান দিবলৈ আহ্বান জনায়।
বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱাই সংবাদ মাধ্যমৰ জৰিয়তে এই আহ্বান জনায় সমগ্ৰ অসমবাসীক।
এই সন্দৰ্ভত বৰুৱাই কয়, ‘জাতিৰ বাবে মাত মাতি বিগত পাঁচমাহ ধৰি কাৰাৰুদ্ধ হৈ থকা অখিল গগৈকে ধৰি সকলো সংগ্ৰামী সতীৰ্থৰ যি ত্যাগ সেই ত্যাগক আমি বীৰ লাচিত সেনা অসমে শ্ৰদ্ধা জনাইছো আৰু সন্মান জনাইছো’।
তেওঁ লগতে কয়, ‘ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ বাবে এইখন অসমত ডিটেনশ্ব্যন কেম্পত থকা বিদেশী সকলক মুকলি কৰি দিছে, কাৰাগাৰত থকা কয়দী সকলক মুকলি কৰি দিছে, কিন্তু জাতিৰ বাবে মাত মাতি অহা অখিল গগৈ আৰু তেওঁৰ সতীৰ্থক বাৰে বাৰে বিভিন্ন গোচৰত গ্ৰেপ্তাৰ কৰি যাৱজ্জীৱন কাৰাদণ্ডিত কৰাৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে’।
’এইখন অসমত এতিয়া স্বদেশীতকৈ বিদেশীক অধিক গুৰুত্ব দিয়া হয়, জাতিৰ বাবে মাত মতা ব্যক্তিতকৈ চোৰ ডকাইটকহে গুৰুত্ব দিয়া হয়’, এইদৰে কয় বৰুৱাই।
মানৱীয়তাৰ খাতিৰত অখিল গগৈসহ সকলো আন্দোলনকাৰী কাৰাবন্দী নেতাক মুকলি কৰি দিবলৈ চৰকাৰক বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱাই দাবী জনায়।