পুনৰ জে’ললৈ যাবলৈ প্ৰস্তুত শৃংখল চলিহা! কিন্তু কিহৰ বাবে?

20210507_181432

ফটো: নৰ্থইষ্ট নাও।

শিৱসাগৰত শুকুৰবাৰে অ’এনজিচিৰ গাড়ী চালক- সহায়কৰ লগত এইদৰে প্ৰতিবাদত বহিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা।

অ’এনজিচি আৰু গাড়ীৰ মালিক পক্ষই দীৰ্ঘ দিনে শোষণ কৰি অহাৰ অভিযোগ এই সকল চালক- সহায়কক।

প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত কৰি আধা দৰমহা প্ৰদান কৰি আহিছে মালিৰ পক্ষই। এই ক্ষেত্ৰত অ’এনজিচি কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও গাড়ীৰ মালিকৰ বিপক্ষে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই অ’এনজিচিয়ে। মালিক পক্ষৰ লগত ভিতৰুৱা মিতিৰালি থকাৰ অভিযোগ অ’এনজিচিৰ বিৰুদ্ধে।

ইপিনে অ’এনজিচিৰ এইসকল অস্থায়ী গাড়ী চালক- সহায়কৰ পান কাৰ্ড, এটিএম কাৰ্ড, চেকবুক মালিক পক্ষই হস্তগত কৰি ৰাখিছে বুলি কয় চালক – সহায়কসকলে।

তাৰেই প্ৰতিবাদত শুকুৰবাৰে অ’এনজিচিৰ যানবাহন শাখাৰ ল’জিষ্টিক বিভাগৰ সন্মুখত প্ৰতিবাদত বহিল চালক- সহায়কসকল।

প্ৰতিবাদত অংশ লৈ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ হুংকাৰ। অ’এনজিচিৰ এইসকল অস্থায়ী চালক- সহায়কৰ প্ৰাপ্য মালিক পক্ষই নিদিয়া পৰ্যন্ত প্ৰতিদিনেই তিনিঘন্টাকৈ এইদৰে প্ৰতিবাদ কৰি থকা হব।

অতিশীঘ্ৰে চালক- সহায়ক সকলৰ পানকাৰ্ড, এটিএম কাৰ্ড আৰু স্বাক্ষৰযুক্ত চেকবুক মালিক পক্ষক ঘূৰাই দিবলৈ দাবী জনায় বীৰ লাচিত সেনাৰ নেতা জনে।