NORTHEAST NOW (Assamese)

নিৰ্বাচন সমাগত : ভোটাৰৰ ওপৰত বিজেপি চৰকাৰৰ আধাৰশিলা, জনকল্যাণ আঁচনিৰ বৰষুণ

March 4, 2019 4:46 pm · এন ই নাও নিউজ
‘মুখ্য মন্ত্ৰীৰ সুলভ পুষ্টি-খাদ্য প্ৰাপ্তি যোজনা নামৰ আঁচনিখন উদ্বোধন কৰা দৃশ্য। ২৮ ফেব্ৰুৱাৰিত। ফটো : য়ু বি।

সমাগত লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিবলৈ আৰু মাত্ৰ কেইদিনমান বাকী থকা অৱস্থাত বিজেপি চৰকাৰে ভোটাৰৰ মন জয় কৰিবলৈ চাৰিওফালে আধাৰশিলা স্থাপন, আঁচনি ঘোষণা, অনুদান ঘোষণাৰ বৰষুণ সৃষ্টি কৰিছে।

মুখ্য মন্ত্ৰী, বিত্ত মন্ত্ৰীৰ পৰা দলৰ বিধায়ক পৰ্য্যন্ত সকলো নামি পৰিছে এতিয়া আধাৰশিলা স্থাপন, হিতাধিকাৰীক সামগ্ৰী বিতৰণৰ অভিযানত।

আনকি হিতাধিকাৰীৰ মাজত এটকীয়া চাউল বিতৰণ কৰিবলৈও দলটোৱে পাতিছে সভা।

কংগ্ৰেছ চৰকাৰৰ দিনত সূতা-কম্বল বিলোৱাৰ দৰেই একেই পথ লৈছে বিজেপিয়েও। এটা সময়ত সূতা-কম্বল, হিতাধিকাৰীৰ ৰাজনীতি কৰা বুলি কংগ্ৰেছৰ বিৰুদ্ধে সততে অভিযোগ উত্থাপন কৰিছিল বিজেপিয়ে।

এতিয়া সেই বিজেপিক কেইটামান এল ই ডি বাল্ব বিলাবলৈও ৩০-৪০ লাখ টকাৰ সভা পতা দেখা গৈছে।

খোদ মুখ্য মন্ত্ৰী ৰাজধানীত গুৰুত্বপূৰ্ণ কাম পেলাই থৈ প্ৰায় প্ৰতিটো দিন ব্যস্ত হৈ পৰিছে এই আধাৰশিলা, হিতাধিকাৰীক লৈ।

ইপিনে অভিযোগ উঠিছে যে কংগ্ৰেছৰ দিনত লোৱা জনকল্যাণমূলক আঁচনিবোৰকে ইফাল-সিফাল কৰি বিজেপিয়ে নিজৰ চৰকাৰৰ বুলি চলাই দিছে। কংগ্ৰেছ চৰকাৰৰ দিনৰ অন্ত্যোদয়া অন্ন যোজনা আঁচনিক নতুন নাম দি ‘মুখ্য মন্ত্ৰীৰ সুলভ পুষ্টি-খাদ্য প্ৰাপ্তি যোজনা’ বুলি যোৱা ২৮ ফেব্ৰুৱাৰিত নতুন আঁচনিৰ দৰে পুনৰ শুভাৰম্ভ কৰে মুখ্য মন্ত্ৰীয়ে। অথচ পূৰ্বৰ আঁচনিখনত হিতাধিকাৰীয়ে ৩টকাৰ ঠাইত এটকাত চাউল লাভ কৰিব। কেৱল দামটো ২টকা হ্ৰাস কৰিয়েই একেবোৰ হিতাধিকাৰী, একেই লক্ষ্য, উদ্দেশ্যৰ আঁচনিখনক নতুন আঁচনি হিচাপে গোটেই ৰাজ্যত শুভাৰম্ভ কৰে চৰকাৰখনে।

একেদৰে বিজেপি চৰকাৰখনে লোৱা প্ৰায়বোৰ আঁচনিয়েই পূৰ্বৰ চৰকাৰৰ দিনত আৰম্ভ কৰা আঁচনিৰে সামান্য ইফাল-সিফাল ৰূপ। এই কথাৰ পৰাই প্ৰমাণ হৈছে যে জনহিত আৰু জনকল্যাণৰ দিশত কংগ্ৰেছ চৰকাৰে লোৱা আঁচনিসমূহৰ গুৰুত্ব অস্বীকাৰ কৰিব পৰা নাই বিজেপি চৰকাৰে। তাৰোপৰি নিজাকৈ ভাল আঁচনি উদ্ভাৱন কৰাত ব্যৰ্থ হৈছে চৰকাৰখন। আনকি মোদীয়ে কেন্দ্ৰতো বহুতো আঁচনিৰ পুনৰ নামকৰণেৰে চলাই আছে কংগ্ৰেছৰ দিনৰ আঁচনিকে।

Related News