• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বেলজিয়ামত থকা পলাতক মেহুল চোকচীক ভাৰতলৈ প্ৰত্যাৰ্পণৰ প্ৰক্ৰিয়া আৰম্ভ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 23, 2025 5:00 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঋণৰ পৰিমাণ প্ৰায় ১৪ হাজাৰ কোটি টকা।তথাপিও বৰ্তমান পত্নীৰ সৈতে বেলজিয়াম ভ্ৰমণ কৰি আছে মেহুল চোকচিয়ে। পঞ্জাব নেচনেল বেংকৰ কেলেংকাৰিৰ অন্যতম অভিযুক্ত মেহুলে কেইবাবছৰো ধৰি তাতেই বসবাস কৰি আহিছে কাৰণ তেওঁৰ পত্নী প্ৰীতি সেইখন দেশৰ নাগৰিক। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দিল্লীয়ে মেহুলক ভাৰতলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বেলজিয়াম প্ৰশাসনৰ সৈতে আলোচনা চলি আছে।

১৩,৮৫০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ মেহুল চোকচীৰ। কিন্তু তেওঁ দেশ এৰি যোৱাৰ পাছতো তদন্তকাৰী সংস্থাই কোনো প্ৰত্যক্ষ ব্যৱস্থা ল’ব পৰা নাছিল। চিবিআই আৰু ইডি দুয়োটাই বিচাৰিছে তেওঁক।

Apply Now

জানিব পৰা গৈছে যে, মেহুলে ২০২৩ চনৰ ১৫ নৱেম্বৰৰ পৰা ‘এফ ৰেচিডেন্সি কাৰ্ড’ ব্যৱহাৰ কৰি বেলজিয়ামত থাকিবলৈ আৰম্ভ কৰিছিল। এই কাৰ্ডৰ জৰিয়তে আন দেশৰ নাগৰিকে কিছুমান চৰ্তত নিজৰ বিবাহিত সংগীৰ সৈতে বেলজিয়ামত বাস কৰিব পাৰে।

ইয়াৰ পূৰ্বে মেহুল কেৰিবিয়ান দ্বীপ ৰাষ্ট্ৰ এন্টিগুয়া আৰু বাৰ্বুডাত আছিল। তাতো তেওঁৰ নাগৰিকত্ব আছে। কিন্তু ২০২৩ চনত এন্টিগুয়া আদালতে ৰায় দিছিল যে তেওঁক সেই দেশৰ পৰা আন ক’লৈকো নিব নোৱাৰি। ফলত ভাৰতৰ প্ৰত্যাৰ্পণৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হয়। কিন্তু এতিয়া মেহুল বেলজিয়ামলৈ স্থানান্তৰিত হোৱাৰ লগে লগে তেওঁক ঘূৰাই অনাৰ সম্ভাৱনা বাঢ়িছে। অৱশ্যে তেওঁ এতিয়াও এন্টিগুয়া আৰু বাৰবুডাৰ নাগৰিক।

অভিযোগ আছিল যে মেহুলে ভুৱা নথি-পত্ৰ সৃষ্টি কৰি বেলজিয়ামত থাকিবলৈ অনুমতি ল’বলৈ চেষ্টা কৰিছিল। যদিহে তেওঁৰ অস্থায়ী অনুমতি পত্ৰ স্থায়ী হয়, তেন্তে তেওঁ মুক্তভাৱে ইউৰোপৰ বিভিন্ন দেশলৈ যাব পাৰিব, যাৰ ফলত ভাৰতৰ বাবে প্ৰত্যাৱৰ্তনৰ কাম অধিক কঠিন হৈ পৰিব।

কিছু বাতৰিত এই কথাও উল্লেখ কৰা হৈছে যে মেহুলে বৰ্তমান চিকিৎসাজনিত কাৰণত ছুইজাৰলেণ্ডলৈ যোৱাৰ পৰিকল্পনা কৰিছে। ভাৰতলৈ প্ৰত্যাৰ্পণৰ পৰা হাত সাৰিবলৈ তেওঁ শাৰীৰিক অসুস্থতা আৰু মানৱীয় কাৰণৰ উল্লেখ কৰিছে। কিন্তু প্ৰত্যাৰ্পণৰ বিষয়টোক কিমান বিবেচনা কৰা হ’ব সেয়া সময়েহে ক’ব।

পিএনবি কেলেংকাৰিত জড়িত হৈ ২০১৮ চনৰ জানুৱাৰী মাহত তেওঁ ভাৰত এৰি থৈ যায়। ২০২৪ চনৰ মে’ মাহত তেওঁ মুম্বাইৰ এখন বিশেষ আদালতত দাবী কৰিছিল যে তেওঁৰ নিয়ন্ত্ৰণৰ বাহিৰৰ কাৰণত ভাৰতলৈ ঘূৰি আহিব পৰা নাই, গতিকে তেওঁক ‘পলাতক আৰ্থিক প্ৰৱঞ্চক’ বুলি ক’ব নোৱাৰি।

২০২১ চনত এন্টিগুয়া আৰু বাৰবুডাৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল মেহুল। পাছত তেওঁ ডমিনিকাত থকা বুলি ধৰা পৰে। তাৰ পিছত ভাৰত চৰকাৰে তেওঁক অপহৰণ কৰা বুলি দাবী উত্থাপন হৈছিল। অৱশ্যে পিছত এই অভিযোগ খাৰিজ কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd