• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বেলজিয়ামত থকা পলাতক মেহুল চোকচীক ভাৰতলৈ প্ৰত্যাৰ্পণৰ প্ৰক্ৰিয়া আৰম্ভ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 23, 2025 5:00 pm
265
VIEWS
Share on FacebookShare on Twitter

ঋণৰ পৰিমাণ প্ৰায় ১৪ হাজাৰ কোটি টকা।তথাপিও বৰ্তমান পত্নীৰ সৈতে বেলজিয়াম ভ্ৰমণ কৰি আছে মেহুল চোকচিয়ে। পঞ্জাব নেচনেল বেংকৰ কেলেংকাৰিৰ অন্যতম অভিযুক্ত মেহুলে কেইবাবছৰো ধৰি তাতেই বসবাস কৰি আহিছে কাৰণ তেওঁৰ পত্নী প্ৰীতি সেইখন দেশৰ নাগৰিক। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দিল্লীয়ে মেহুলক ভাৰতলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বেলজিয়াম প্ৰশাসনৰ সৈতে আলোচনা চলি আছে।

১৩,৮৫০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ মেহুল চোকচীৰ। কিন্তু তেওঁ দেশ এৰি যোৱাৰ পাছতো তদন্তকাৰী সংস্থাই কোনো প্ৰত্যক্ষ ব্যৱস্থা ল’ব পৰা নাছিল। চিবিআই আৰু ইডি দুয়োটাই বিচাৰিছে তেওঁক।

জানিব পৰা গৈছে যে, মেহুলে ২০২৩ চনৰ ১৫ নৱেম্বৰৰ পৰা ‘এফ ৰেচিডেন্সি কাৰ্ড’ ব্যৱহাৰ কৰি বেলজিয়ামত থাকিবলৈ আৰম্ভ কৰিছিল। এই কাৰ্ডৰ জৰিয়তে আন দেশৰ নাগৰিকে কিছুমান চৰ্তত নিজৰ বিবাহিত সংগীৰ সৈতে বেলজিয়ামত বাস কৰিব পাৰে।

ইয়াৰ পূৰ্বে মেহুল কেৰিবিয়ান দ্বীপ ৰাষ্ট্ৰ এন্টিগুয়া আৰু বাৰ্বুডাত আছিল। তাতো তেওঁৰ নাগৰিকত্ব আছে। কিন্তু ২০২৩ চনত এন্টিগুয়া আদালতে ৰায় দিছিল যে তেওঁক সেই দেশৰ পৰা আন ক’লৈকো নিব নোৱাৰি। ফলত ভাৰতৰ প্ৰত্যাৰ্পণৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হয়। কিন্তু এতিয়া মেহুল বেলজিয়ামলৈ স্থানান্তৰিত হোৱাৰ লগে লগে তেওঁক ঘূৰাই অনাৰ সম্ভাৱনা বাঢ়িছে। অৱশ্যে তেওঁ এতিয়াও এন্টিগুয়া আৰু বাৰবুডাৰ নাগৰিক।

অভিযোগ আছিল যে মেহুলে ভুৱা নথি-পত্ৰ সৃষ্টি কৰি বেলজিয়ামত থাকিবলৈ অনুমতি ল’বলৈ চেষ্টা কৰিছিল। যদিহে তেওঁৰ অস্থায়ী অনুমতি পত্ৰ স্থায়ী হয়, তেন্তে তেওঁ মুক্তভাৱে ইউৰোপৰ বিভিন্ন দেশলৈ যাব পাৰিব, যাৰ ফলত ভাৰতৰ বাবে প্ৰত্যাৱৰ্তনৰ কাম অধিক কঠিন হৈ পৰিব।

কিছু বাতৰিত এই কথাও উল্লেখ কৰা হৈছে যে মেহুলে বৰ্তমান চিকিৎসাজনিত কাৰণত ছুইজাৰলেণ্ডলৈ যোৱাৰ পৰিকল্পনা কৰিছে। ভাৰতলৈ প্ৰত্যাৰ্পণৰ পৰা হাত সাৰিবলৈ তেওঁ শাৰীৰিক অসুস্থতা আৰু মানৱীয় কাৰণৰ উল্লেখ কৰিছে। কিন্তু প্ৰত্যাৰ্পণৰ বিষয়টোক কিমান বিবেচনা কৰা হ’ব সেয়া সময়েহে ক’ব।

পিএনবি কেলেংকাৰিত জড়িত হৈ ২০১৮ চনৰ জানুৱাৰী মাহত তেওঁ ভাৰত এৰি থৈ যায়। ২০২৪ চনৰ মে’ মাহত তেওঁ মুম্বাইৰ এখন বিশেষ আদালতত দাবী কৰিছিল যে তেওঁৰ নিয়ন্ত্ৰণৰ বাহিৰৰ কাৰণত ভাৰতলৈ ঘূৰি আহিব পৰা নাই, গতিকে তেওঁক ‘পলাতক আৰ্থিক প্ৰৱঞ্চক’ বুলি ক’ব নোৱাৰি।

২০২১ চনত এন্টিগুয়া আৰু বাৰবুডাৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল মেহুল। পাছত তেওঁ ডমিনিকাত থকা বুলি ধৰা পৰে। তাৰ পিছত ভাৰত চৰকাৰে তেওঁক অপহৰণ কৰা বুলি দাবী উত্থাপন হৈছিল। অৱশ্যে পিছত এই অভিযোগ খাৰিজ কৰা হয়।

Recent News

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd