শৰীৰৰ এই স্থানত কলৰ বাকলি ঘঁহি দিয়ক আৰু নিজেই আচৰিত হৈ পৰক
আমি সকলোৱে কল খাও আৰু কলৰ উপকাৰিতা সম্বন্ধে আমি জ্ঞাত।
কিন্তু আপুনি জানেনে কলৰ বাকলিও আমাৰ বাবে অতি উপকাৰী।
আজি আমি আপোনালোকক কলৰ বাকলিৰ উপকাৰিতা সম্বন্ধে জনাম।
১. যদি আপোনাৰ মুখত দাগ আছে আৰু আপুনি ইয়াক আঁতৰাব বিচাৰি আছে তেন্তে চিন্তা নকৰিব।
আপোনালোকে এই দাগ আঁতৰাবলৈ ৰাতিপুৱাই শুই উঠি মুখত ২ মিনিট সময়ৰ বাবে কলৰ বাকলি লগাই থওক।
এনেদৰে ১০ দিন কৰাৰ পাছতে আপোনালোকে ফলাফল লাভ কৰিব।
২. যদি আপোনাৰ মুখত কলা দাগ আছে আৰু বহু চেষ্টা কৰিও আপুনি ইয়াক আঁতৰাব পৰা নাই তেনেহ’লে চিন্তা নকৰিব।
আপোনালোকে ক’লা দাগ পৰা স্থানত ৰাতি শুৱাৰ পূৰ্বে ৫ মিনিট সময়ৰ বাবে কলৰ বাকলি ঘঁহি থওক।
এনেদৰে ১৫ দিনৰ বাবে কৰক মুখৰ ক’লা দাগ নাইকিয়া হৈ পৰিব।
৩. কলৰ বাকলিৰ পৰা আমাৰ ৰাজ্যত ক’লাখাৰ প্ৰস্তত কৰা হয়। কলৰ বাকলি পুৰি ক’লা খাৰ প্ৰস্তুত কৰিব পাৰি আৰু আহাৰৰ সৈতে এই খাৰ গ্ৰহণ কৰিলে বহু বেমাৰৰ পৰা হাত সাৰি থাকিব পৰা যায়।