• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেঁচা অমিতাৰ ঔষধি গুণ সমূহ জানেনে?

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 6, 2022 3:49 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অমিতা আমি দুই ধৰণে খাব পাৰো, এবিধ কেঁচাকে আৰু আনবিধ পকাকে। পকা অমিতা অতি সু-স্বাদু আৰু পুষ্টিকৰ ফল। কিন্তু কেঁচা অমিতা আমি চবজি বা আঞ্জা কৰিহে খাওঁ।

ইয়াক পাচলি বুলিহে গণ্য কৰা হয়। অমিতা দি ৰন্ধা লোকেল মুৰ্গীৰ জোল, অমিতা দিয়া দাইল, কলখাৰ দি ৰন্ধা অমিতাৰ খাৰ আদি অমিতাৰ বিবিধ ব্যঞ্জন।

Apply Now

খাহী মাংস ৰান্ধোওঁতে কেঁচা অমিতা দিলে মাংস সোনকালে সিজে । থাইলেণ্ডত কেঁচা অমিতাৰ চালাড খুবেই জনপ্ৰিয়। সেইবাবে দেশত কেঁচা বা কমকৈ সিজা পাচলি বেছি প্ৰচলিত।

আমি পিছে কেঁচা অমিতা কেঁচা অমিতা সিজাইহে খাওঁ। দেখাত তেনেই সাধাৰণ এই কেঁচা অমিতাৰো বহু উপকাৰিতা আছে।

ভিটামিন, এণ্টিঅক্সিডেণ্ট, এনজাইম, ফলেট, আঁহ আদিৰে ভৰপূৰ এই কেঁচা অমিতাই আমাৰ স্বাস্থ্যৰক্ষাত কিদৰে সহায় কৰে চাওঁচোন আহক:-

১) হজম শক্তি বৃদ্ধি কৰাত (promotes digestion) কেঁচা অমিতা অতি উপকাৰী। কেঁচা অমিতাই পেপেইন (papain), কাইম’পেপেইন (chymopapain) আদি বিভিন্ন এনজাইম আছে, যিয়ে কাৰ্বহাইড্ৰেট, স্নেহ আৰু প্ৰ’টিনৰ বিপাকত সহায় কৰে। কেঁচা অমিতাৰ চবজি মাজে মাজে খালে আমাৰ পাচনতন্ত্ৰৰ কাৰ্য সুন্দৰভাৱে চলি থাকে ।

২) কৌষ্ঠকাঠিন্য, অৰ্শ ৰোগত কেঁচা অমিতা উপকাৰী। ইয়াত থকা আঁহে পেট পৰিষ্কাৰ কৰে । অৰ্শ ৰোগীয়ে নিয়মিতভাৱে কেঁচা অমিতাৰ আঞ্জা বা চবজি খালে ভালেখিনি উপশম লাভ কৰে।

৩) আমাৰ শৰীৰত নানাধৰণৰ বিপাকীয় কাৰ্য চলি থাকে (metabolism), যিবোৰত বহু অলাগতিয়াল বৰ্জিত পদাৰ্থ বা toxins উৎপন্ন হয় এইবোৰ শৰীৰত জমা হৈ গ’লে আমাৰ এলাৰ্জি, ছালৰ সমস্যা আদি নানান ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায় ।

সেয়েহে সময়ে খাদ্য বা ঔষধিৰ দ্বাৰা এইবোৰ নিষ্কাশন কৰিবলৈ চেষ্টা কৰা উচিত। শৰীৰৰ শোধন (body detox) কৰাত কেঁচা অমিতা অতি উপকাৰী । খাৰধৰ্মী (alkaline) হোৱা বাবে আৰু ইয়াত থকা এনজাইম আৰু আঁহে শৰীৰ শোধন কৰে ।

৪) গেছ, বদহজম, বুকু জ্বলা-পোৰা, IBS আদিৰ সমস্যাত কেঁচা অমিতা উপকাৰী ।

৫) কলেষ্টেৰল সমস্যাত কেঁচা অমিতা উপকাৰী । ই হাৰ্টৰ সুৰক্ষা কৰে । সেয়েহে হাৰ্টৰ ৰোগীয়ে মাজে-সময়ে কেঁচা অমিতাৰ আঞ্জা খাওক ।

৬) প্ৰসূতিৰ দুগ্ধ উৎপাদন বৃদ্ধি কৰাত কেঁচা অমিতা উপকাৰী। কিছুমান দুগ্ধৱতী মহিলাৰ দুগ্ধ উৎপাদন কম হয়।

তেওঁলোকে অমিতাৰ খাৰ, অমিতা দিয়া মুৰ্গী মাংসৰ জালুকীয়া আঞ্জা নাইবা অমিতাৰ চবজি ৰান্ধি খালে সুফল পায় ।

৭)কেটেৰেক্ট বা বয়সস্থ লোকৰ হোৱা চকুৰ বিভিন্ন সমস্যাতো কেঁচা অমিতা উপকাৰী ।

৮) হাপানী, ব্ৰ্ংকাইটিছ, কাহ, জ্বৰ আদিত কেঁচা অমিতা উত্তম পথ্য ।

৯) টনচিলাইটিছ, ফেৰিঞ্জাইটিছ আদিতো খাৰ দি ৰন্ধা কেঁচা অমিতাৰ ব্যঞ্জন অতি উপকাৰী ।

১০) মহিলাৰ মাহেকীয়া সময়ত হোৱা বিষত (dysmenorrhea) কেঁচা অমিতাৰ চবজি উপকাৰী।

১১) বাতবিষ, অষ্টিঅ’আৰথ্ৰাইটিছ (osteoarthritis), গাউটত (UTI) ই উপকাৰী।

১২) ওজন কমোৱাতো কেঁচা অমিতাই সহায় কৰে। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আছে। ডায়েট প্লেনত থকাসকলে মাজে-সময়ে কেঁচা অমিতাৰ চবজি খোৱা উচিত ।

১৩) সুন্দৰ স্বাস্থ্য, উজ্জ্বল ছালৰ ৰহস্য আমাৰ খাদ্যাভ্যাসত নিহিত থাকে। পিম্পলছ, ক’লা দাগ, এলাৰ্জি আদি ছালৰ সমস্যা থকা লোকে কেঁচা অমিতাৰ চবজি মাজে মাজে সুফল পায়। ই পাচনতন্ত্ৰ পৰিষ্কাৰ কৰে, তেজ পৰিষ্কাৰ কৰে আৰু খাৰধৰ্মী হোৱাৰ বাবে ছালৰ সমস্যাত কেঁচা অমিতা উপকাৰী ।

১৪) গৰ্ভৱতী মহিলাৰ বাবে অমিতা উপকাৰী। তেওঁলোকে অমিতা সেৱন কৰিলে গৰ্ভপাত হোৱাৰো আশংকা থাকে।

ডায়েবেটিছ ৰোগীৰ বাবেও কেঁচা অমিতা উত্তম পথ্য

আমাৰ সৰ্বসাধাৰণৰ দৃষ্টিত অমিতা এলাগী পাচলি। বজাৰৰ ৰং-বিৰঙী সতেজ যেন লগা পাচলিবোৰৰ মাজত অমিতাই যেন ফেৰ মাৰিব নোৱৰা হৈছে। কিন্তু ই যে ঔষধি গুণসম্পন্ন, সেয়া আমি পাহৰিয়েই যাওঁ।

স্বাস্থ্যৱান হৈ থাকিব খোজা প্ৰতিজন লোকেই এই থলুৱা পাচলিবোৰ নিশ্চয় আদৰি লৈছে বুলি আশা কৰিছোঁ।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd