• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অটো

মাত্ৰ ৪০০০ টকাত বুক কৰক বেনেলিৰ ৰেত্ৰ’-ক্লাছিক ম.বাইক, নিকিনিলে ধন ঘূৰাই পাব

দুয়োখন বিশ্ব যুদ্ধৰ সাক্ষী, ইটালিয়ান ঐতিহ্য বহনকাৰী বেনেলি এতিয়া চীনা কাম্পেনি জিয়ান জিয়াঙৰ মালিকানাধীন।

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 5, 2019 2:46 am

2 min read

Benelli launches Imperiale 400 in India

ইম্পেৰিয়াহালে ৪০০। ছবি-- বেনেলিৰ ৱে’বচাইটৰ।

846
VIEWS
Share on FacebookShare on Twitter

বিশ্ব প্ৰসিদ্ধ মটৰবাইক নিৰ্মাতা বেনেলিয়ে মাত্ৰ ৪০০০ টকাতে ইম্পেৰিয়াহালে ৪০০ (Imperiale 400) প্ৰী-বুকিঙৰ সুবিধা আগবঢ়াইছে।

দুয়োখন বিশ্ব যুদ্ধৰ সাক্ষী বেনেলিৰ ১৯৫০ৰ দশকৰ ক্লাছিক মত’-বাইক ৰে’ঞ্জৰ ৰিভিজিট ইম্পেৰিয়াহালে ৪০০ গুৱাহাটীতো উপলব্ধ হ’ব।

অনলাইনযোগে বা দীলাৰত বুকিঙৰ সুবিধা আগবঢ়োৱা বেনেলিয়ে আগন্তুক দিৱালিৰ পৰাই ভাৰতত বাইকখনৰ বিক্ৰী আৰম্ভ কৰিব।

বুকিঙৰ পিছতো বাইকখন নিকিনাৰ সিদ্ধান্ত ল’লে, কাম্পেনিটোৰ চৰ্তাৱলীত উল্লেখমতে, আপুনি সম্পূৰ্ণ ধন ওভতাই পাব।

ৰেত্ৰ’-ক্লাছিক ক্ৰুজাৰ ইম্পেৰিয়াহালে ৪০০-ৰ দিজাইন আৰামদায়ক বুলি বেনেলিয়ে দাবী কৰিছে।

ওখ হেন্দলবাৰ আৰু আপৰাইট ৰাইদ পজিছনে বাইকখন দীঘলীয়া ভ্ৰমণৰ বাবে আৰামদায়ক কৰি তুলিব পাৰে।

এক চিলিন্দাৰ, ৪ ষ্ট্ৰ’ক, এয়াৰ কুলদ এঞ্জিনযুক্ত ইম্পেৰিয়াহালে ৪০০-ৰ দুয়োটা চকাতে এ বি এছৰ সৈতে চিংগল দিস্ক ব্ৰে’ক আছে।

৩৭৪চিচি এঞ্জিন দিছপ্লে’চমেণ্টৰ বাইকখনৰ টৰ্ক আউটপুট ৪৫০০আৰ পি এম-ত ২৯এন এম।

বাইকখনৰ ফিউল টেংকৰ সৰ্বোচ্চ ধাৰণ ক্ষমতা ১২ লিটাৰ।

ম.বাইক নিৰ্মাণত এশ বছৰ পাৰ কৰা বেনেলি অৰিজিনেলি ইটালিয়ান কাম্পেনি। কিন্তু ২০০৫ চনৰ পৰা ই চীনা প্ৰতিষ্ঠান জিয়ান জিয়াং (QJIAN JIANG) গোটৰ মালিকানাধীন।

শেহতীয়াকৈ ভাৰততো সমাদৰ লাভ কৰা বেনেলিয়ে হায়দৰাবাদৰ একমাত্ৰ ভাৰতীয় কাৰখানা (assembly unit)টোৰ বাৰ্ষিক বাইক উৎপাদন ক্ষমতা পূৰ্বৰ ৭০০০ৰ পৰা এতিয়া ২০০০০ খনলৈ বৃদ্ধি কৰিছে।

ভাৰত চৰকাৰে শেহতীয়াকৈ ইলেক্ত্ৰিক বাহনৰ ক্ষেত্ৰত অধিক পৃষ্ঠপোষকতা আগবঢ়োৱাৰ প্ৰতি লক্ষ্য ৰাখি বেনেলিয়ে ইভি উৎপাদনৰ প্ৰতিও মন মেলিছে।

চীনত শ্বাংহাইৰ পৰা ৫০০ কি.মি. দূৰৰ ৱেনলিঙত থকা বেনেলিৰ ফেক্তৰিত বছৰি ১২লাখ খন বাহন তৈয়াৰ কৰা হয়।

ইম্পেৰিয়াহালে ৪০০-ৰ দামকে ধৰি সবিশেষ তথ্যৰ বিষয়ে জনাৰ বাবে বেনেলি ইন্দিয়াক 073289 03004 নম্বৰত ফ’ন কৰিব পাৰে। তেওঁলোকৰ ইমেইল [email protected] আৰু [email protected] (।)

Recent News

WhatsApp Image 2021-01-17 at 11.51.37 AM

পুনৰ কৰ’নাৰ তাণ্ডৱ! চীনে ৫দিনৰ ভিতৰতে নিৰ্মাণ কৰিলে ১৫০০ কোঠাৰ হাস্পাতাল

373268-pm-cares-fund-2

স্বচ্ছতাৰ অভাৱ! পি এম কেয়াৰ্ছ ফাণ্ডক লৈ প্ৰাক্তন আমোলাৰ প্ৰশ্নৰ সন্মুখীন প্ৰধানমন্ত্ৰী মোদী

Bogamati protest

বনভোজস্থলী বগামাটিত মদ বন্ধৰ দাবীত উত্তাল বাঙালীপাৰা চাৰিআলি; ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক জনতা

natkhat-vidya-1200

অস্কাৰৰ দৌৰত এইবাৰ শ্বৰ্ট ফিল্ম ‘নটখট’; উৎফুল্লিত বিদ্যা বালান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd