NORTHEAST NOW (Assamese)
Popular Stories

নিজৰ দলৰ পৰাজিত প্ৰাৰ্থীক ‘নগৰ নৰ্তকী’ আখ্যা : তথাগত ৰয়ক দিল্লীলৈ তলৱ কেন্দ্ৰীয় নেতৃত্বৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 6, 2021 2:02 pm
Tathagata-Roy

সদ্য সমাপ্ত পশ্চিমবংগ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ পৰাজিত প্ৰাৰ্থীসকলৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ৰোষত পৰিছে বংগৰ বিতৰ্কিত বিজেপি নেতা তথাগত ৰয়।

ভোট গণনা চলি থকাৰ সময়ৰ পৰা বিজেপি নেতাগৰাকীয়ে একেধাৰে পৰাজিত প্ৰাৰ্থীসকলৰ লগতে বংগৰ ৰাজ্যিক নেতৃত্বক তুলাধুনা দি আহিছে।

আনকি ভোট গণনাৰ সনয়ত যেতিয়া দলীয় প্ৰাৰ্থীসকল পিছ পৰি আছিল তেতিয়াই টুইটাৰত টুইটত কৰি তথাগত ৰয়ে নিজ দলৰ প্ৰাৰ্থীসকলক অপমানজনক মন্তব্যৰে আক্ৰমণ কৰিছিল।

উল্লেখ্য যে বিজেপিৰ দলীয় টিকতত প্ৰতিন্দন্দ্বিতা কৰা পশ্চিমবংগৰ অভিনেতা/অভিনেত্ৰীসকল ক্ৰমে শ্ৰাৱন্তী চট্টোপাধ্যায়, তানুশ্ৰী চক্ৰৱৰ্তী, পায়েল সৰকাৰ, পাৰ্ণো মিত্ৰ, যশ দাশগুপ্ত, ৰুদ্ৰানীল ঘোষৰ অধিকাংশই নিৰ্বাচনত পৰাজয় বৰণ কৰিছে।

তেওঁলোকৰ ব্যৰ্থতাৰ বাবে নেতৃত্বক কাঠগড়াত তুলি তথাগত ৰয়ে অভিনেতা/অভিনেত্ৰী প্ৰাৰ্থীসকলক ‘নগৰৰ নৰ্তকী’ বুলি অৱমাননাকৰ মন্তব্যও কৰিছিল।

ইয়াৰ পিছতে বংগ বিজেপিত তুমুল বিৰ্তকৰ সূত্ৰপাত হয়। ইমানৰ পিছতো ক্ষান্ত নাথাকি বৰ্ষীয়ান বিজেপি নেতাগৰাকীয়ে বংগৰ ৰাজ্যিক বিজেপিক লক্ষ্য কৰি ‘অষ্টম শ্ৰেণীৰ পৰ্যন্ত পঢ়াশুনা কৰা আৰু ফিটাৰ মিস্ত্ৰী প্ৰমাণপত্ৰ থকা নেতৃত্বৰ পৰা ইয়াতকৈ আৰু অধিক কি আশা কৰিব পাৰি’ বুলিও মন্তব্য কৰিছে।

ইয়াৰ পিছতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই তথাগত ৰয়ক দিল্লীলৈ জবাবদিহিৰ বাবে তলৱ কৰিছে।

অৱশ্যে বৰ্ষীয়ান নেতাগৰাকীয়ে কৰোনাত আক্ৰান্ত হৈ থকাৰ বাবে এই মুহূৰ্তত তেওঁ দিল্লীলৈ যাব নোৱাৰেও বুলি কেন্দ্ৰীয় নেতৃত্বক স্পষ্টভাৱে জনাই দিছে।