• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত

কেৱল ঘোচ দি নিযুক্তি দিয়াই নহয়, উত্তৰ বহী আৰু নম্বৰ তালিকা বিকৃত কৰি নিযুক্তি দিয়া হৈছে প্ৰায় ৯০০০ প্ৰাৰ্থীক ।

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
December 6, 2022 6:38 pm
177
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ ভাৰতীয় তদন্তকাৰী সংস্থা, চমুকৈ চিবিআইৰ অনুসন্ধানত ধৰা পৰিছে শিক্ষা বিভাগ আৰু চৰকাৰৰ ভয়ানক কেলেংকাৰীৰ তথ্য। পশ্চিমবংগত চতুৰ্থ শ্ৰেণী আৰু শিক্ষকৰ ২১ হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়াত হৈছে এই ব্যাপক জালিয়াতি। কেৱল ঘোচ দি নিযুক্তি দিয়াই নহয়, উত্তৰ বহী আৰু নম্বৰৰ তালিকা বিকৃত কৰি নিযুক্তি দিয়া হৈছে প্ৰায় ৯০০০ প্ৰাৰ্থীক । এই দুৰ্নীতি সংঘটিত হৈছে তৃণমূল কংগ্ৰেছ তথা মমতা দিদি শাসিত ৰাজ্য পশ্চিম বংগত।

সোমবাৰে কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিশ্বজিৎ বসুৰ আদালতৰ শুনানিৰ সময়ত এই তালিকা প্ৰদান কৰে চিবিআইয়ে। তদন্তৰ বাবে গঠন কৰা বিশেষ অনুসন্ধান দলৰ মুৰব্বী অশ্বিন সেনৱীয়ে আদালতত দাবী কৰে যে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নিযুক্তিৰ সৈতে জড়িত দুৰ্নীতিৰ ক্ষেত্ৰত এতিয়ালৈকে প্ৰায় ২১ হাজাৰ পদত নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈছে। কেৱল সেয়াই নহয় উত্তৰবহী আৰু মাৰ্কশ্বীট জাল কৰি ৯০০০ৰো অধিক প্ৰাৰ্থী নিযুক্তি দিয়া হৈছে।

চিবিআই দলটোৰ মুৰব্বীগৰাকীৰ এই ভাষণ শুনাৰ পিছতে কঁপি উঠে ন্যায়াধীশ বিশ্বজিৎ বসু। তেওঁ মন্তব্য কৰিছে , ‘মই আচৰিত হৈছোঁ। দুৰ্নীতিৰ লগত জড়িত কোনো লোকক বাদ দিয়া নহ’ব। তদন্তত আদালতে সকলো প্ৰকাৰে সহায় কৰিব’

লগতে ন্যায়াধীশ গৰাকীয়ে সেৱা আয়োগৰ অধিবক্তাক কয় যে বোকা আঁতৰাই পানী পৰিষ্কাৰ কৰক। ন্যায়াধীশ বিশ্বজিৎ বসুৱে লগতে কয় যে, “অপৰাধৰ সৈতে জড়িত হ’লে কাকো ৰেহাই দিয়া নহ’ব ।”

ইয়াৰ পূৰ্বে এই পশ্চিমবংগৰ তদানীন্তন শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীক বিদ্যালয়ৰ শিক্ষক নিযুক্তি সন্দৰ্ভত ব্যাপক অভিযোগ উত্থাপন হোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰা হৈছিল। এতিয়াও চেটাৰ্জী কাৰাগাৰতে আছে।

ইতিমধ্য চিবিআইৰ অনুসন্ধানৰ প্ৰতিবেদনত ভিত্তিত বীৰভুম তৃণমূলৰ নেতা অনুব্ৰত মণ্ডলকৰ লগতে কেইবাজনো চৰকাৰী বিষয়া আৰু অন্যান্য তৃণমূল নেতাক গ্ৰেপ্তাৰ কৰা হৈছে।

Recent News

৭০ লাখ টকাৰ গাড়ী, ১ কেজি সোণ যৌতুকত দিয়াৰ পিছতো শহুৰ-শাহুৰৰ অত্যাচাৰ! আত্মহননৰ পথ বাছি ল’লে এগৰাকী তৰুণীয়ে

৭০ লাখ টকাৰ গাড়ী, ১ কেজি সোণ যৌতুকত দিয়াৰ পিছতো শহুৰ-শাহুৰৰ অত্যাচাৰ! আত্মহননৰ পথ বাছি ল’লে এগৰাকী তৰুণীয়ে

ডিগবৈত পুনৰ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ : অচিনাক্ত কাৰণত মৃত্যু পূৰ্ণবয়স্ক হাতীৰ

ডিগবৈত পুনৰ বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ : অচিনাক্ত কাৰণত মৃত্যু পূৰ্ণবয়স্ক হাতীৰ

বোকাখাত গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত ৬জন গ্ৰেপ্তাৰ! দুজন আৰক্ষীৰ গুলীত আহত…

বোকাখাত গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত ৬জন গ্ৰেপ্তাৰ! দুজন আৰক্ষীৰ গুলীত আহত…

উৰিষ্যাত চলি আছে মাওবাদ দমন অভিযান : সেনা-আৰক্ষীৰ গুলীত নিহত দুই মাওবাদী সদস্য

উৰিষ্যাত চলি আছে মাওবাদ দমন অভিযান : সেনা-আৰক্ষীৰ গুলীত নিহত দুই মাওবাদী সদস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd