ধলা হত্যাকাণ্ড : হাফলঙত বাঙালী সমাজৰ মৌন প্ৰতিবাদ

Haflong

১ নবেম্বৰত তিনিচুকীয়াৰ ধলাত ৫ গৰাকীকৈ বাঙালী লোকক হত্যা কৰা ঘটনাৰ প্ৰতিবাদত আজি ডিমা হাচাও বাঙালী সমাজৰ উদ্যোগত হাফলঙত বিভিন্ন ৰাজনৈতিক দল তথা জণগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি সকলে ক’লা বেজ পৰিধান কৰি হাতে হাতে প্লে’কাৰ্ড লৈ এক মৌন প্ৰতিবাদী সমদল উলিয়াই।

হাফলং কালচাৰাল ইনস্টিটিউট হল চৌহদৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ উলিওৱা এই সমদলত নগৰখনৰ কেইবা সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে।

সমদলত ভাগ লৈ ডিমাচা এপেক্স বডি জাদিখে নাইছ’ হছমৰ সভাপতি কল্যাণ দাওলাগুপুয়ে শান্তি সম্প্ৰীতি অটুট ৰখাৰ আহ্বান জনোৱাৰ লগতে উক্ত নাৰকীয় হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবি জনায়।

আজিৰ এই সমদলত বিজেপিৰ মনোজ গাৰ্লচা, অগপৰ হাফলং পৰিষদৰ সদস্য লিমা কেইভম, কংগ্ৰেছৰ ড্যানিয়াল লাংথাছা আৰু আই এছ এফৰ সভাপতি ডেভিদ কেইভমে অংশলৈ বক্তব্য আগবঢ়ায়। লাংথাছাই কয় যে একাংশ ৰাজনৈতিক নেতাৰ অসংযমী কথা-বতৰাৰ কাৰণেই ধলাত নিৰীহ ৫গৰাকী ব্যক্তিয়ে প্ৰাণ দিব লগা হ’ল।

অৱশেষত অসমত বাঙালী সম্প্ৰদায়ৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে মৃতকৰ পৰিয়ালক চৰকাৰৰ ফালৰ পৰা ক্ষতিপূৰণ দিয়াৰ দাবি জনাই প্ৰধান মন্ত্ৰী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ জিলা উপায়ুক্তৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়।

ডি ভোটাৰৰ নামত প্ৰকৃত ভাৰতীয়ৰ ওপৰত হাৰাশাস্তি বন্ধ কৰাৰ দাবি জনাই প্ৰদান কৰা উক্ত স্মাৰকপত্ৰত স্বাক্ষৰ কৰে ডিমা হাচাও বাঙালি সমাজৰ আহ্বায়ক মনীন্দ্রকুমাৰ দাস, লিটন চক্ৰবৰ্ত্তী, পঙ্কজকুমাৰ দেব, গোপা চৌধুৰী, জয়দীপ অধিকাৰী, অঞ্জনকুমাৰ দাস আৰু বিক্ৰম চন্দই।