• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অখিল গগৈক অসমৰ মুখ্য মন্ত্ৰী পতাৰ ঘোষণা সুকুমাৰ বিশ্বাসৰ

“কেব” ন্যায়সংগত; ’৭১-ৰ পাছত অসমলৈ এজনো হিন্দু বাঙালী অহা নাই : সুকুমাৰ বিশ্বাস

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 18, 2019 11:42 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি দিচপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি বাঙালী যৌথ সমন্বয় সমিতিৰ সভাপতি তথা ন-বিজেপি নেতা সুকুমাৰ বিশ্বাসে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈক তীব্ৰ সমালোচনা কৰে আৰু কেইবাটাও প্ৰত্যাহ্বান জনায়।

বিশ্বাসে সংবাদমেলত দাবী কৰে যে অখিল গগৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’লে বাংলাদেশৰ পৰা নতুনকৈ ১ কোটি ৭০ লাখ হিন্দু বাংলাদেশী আহিব বুলি কৈ আছে।

Apply Now

কেবৰ বিৰুদ্ধে এক সবল স্থিতি গ্ৰহণ কৰি অহা গগৈক প্ৰত্যাহ্বান জনাই বিশ্বাসে কয়, “অখিল গগৈয়ে তথ্য সহকাৰে যদি ১ কোটি ৭০ লাখ মানুহ বাংলাদেশৰ পৰা নতুনকৈ আহিব বুলি প্ৰমাণ দিব পাৰে, তেন্তে তেওঁক অসমৰ মুখ্য মন্ত্ৰী পাতি দিম। আমি অখিল গগৈক ভোট দিম।”

তথ্যৰ অবিহনেই এইবোৰ কথা কৈ অসমখন অশান্ত কৰি ৰখাৰ যি চক্ৰান্ত সেয়া অসমৰ ৰাইজে কেতিয়াও মানি নলয় বুলি দাবী কৰি “এই কাৰণেই অখিল গগৈৰ পজিশ্যন তললৈ গৈ আছে” বুলি মন্তব্য বিশ্বাসৰ।

ইপিনে, অখিল গগৈয়ে “কেব”খন গৃহীত হ’লে অসমীয়া ভাষা-সংস্কৃতি বিনষ্ট হ’ব বুলি কৰা মন্তব্যৰো বিৰোধিতা কৰে বিশ্বাসে।

“১৯৪৮-তো বাঙালীসকল আহিছে, ’৭১ৰ আগতো আহিছে। তেওঁলোকে অসমীয়া ভাষা-সংস্কৃতিক কিবা অনিষ্ট কৰিছে নেকি? অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰি তেওঁলোকে অসমক উজ্জীৱিতহে কৰিছে। বাঙালীসকলৰ যদি সেই মানসিকতা থাকিলহেঁতেন যে আমি গৈ আমাৰ ভাষাৰ প্ৰভাৱ খটুৱাম, স্থানীয় ভাষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিম, তেনেহ’লে ’৪৭-ৰ পৰা ’৭১লৈকে অহা ৪০ লাখ লোকে কিয় ভাষা লৈ আন্দোলন কৰা নাই? আমি কিবা ভাষা লৈ আন্দোলন কৰিছো নেকি?”, বিশ্বাসৰ মন্তব্য।

বিশ্বাসে বিতৰ্কিত বিধেয়কখন আনিবলৈ লোৱা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক আদৰণি জনায় আৰু বিৰোধীক ইয়াৰ অচিলাত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰিবলৈ সকীয়াই দিয়ে।

তেওঁ কয়, “লোকসভা অধিৱেশনত “কেব”খন পাছ হোৱাৰ সময়ত বিৰোধীয়ে যাতে কোনোপধ্যে ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে সকলো সজাগ থাকিব লাগে। “কেব”খন ন্যায়সংগত বিধি। ৰাজনৈতিক পাকচক্ৰত পৰি ভাৰত দ্বি-খণ্ডিত হোৱাৰ সময় ভুক্তভোগী হৈ সাধাৰণ লোকসকল আহিছে। তেওঁলোক তাৰ বাবে দায়ী নহয়।”

““কেব”ৰ জৰিয়তে ভুক্তভোগীসকলে ৭২ বছৰৰ পাছত ন্যায় পাবলৈ ওলাইছে। ইয়াক স্বাগতম জনাইছো। “কেব”ৰ জৰিয়তে ১৯৭১ চনৰ পূৰ্বে যিসকল ভাৰত বা অসমত প্ৰৱেশ কৰিছে সেইসকলে নাগৰিকত্ব পাব, তেওঁলোকৰ এইটো ন্যায্য অধিকাৰ। ভাৰত তেওঁলোকৰ উৎপত্তিস্থল, গতিকে তেওঁলোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব”, সংবাদমেলত বিশ্বাসে কয়।

বিশ্বাসে এই মন্তব্য কৰাৰ পাছতে আমাৰ সাংবাদিকে ’৭১ৰ পাছত অসমলৈ অহা হিন্দু বাঙালীৰ সংখ্যা কিমান বুলি সোধাত তেওঁ সুৰ সলাই ’৭১ৰ পাছত এজনো হিন্দু বাঙালী অসমলৈ অহা নাই বুলি কয়।

“’৭১-ৰ পাছত এজনো মানুহ আমি বিচাৰি পোৱা নাই। এজনো বাঙালী হিন্দু লোকে ’৭১-ৰ পাছত অসমত প্ৰৱেশ কৰা নাই। তথাপি কাল্পনিক সংখ্যা লৈ কিছু সংখ্যকে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰি আছে”, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিশ্বাসে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd