• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুলীয়াজানত নাগৰিকত্ব বিধেয়ক সমৰ্থন কৰা বাবেই কাণত ধৰাই মাৰপিট বাঙালী যুৱকক

নাগৰিকত্ব বিধেয়কক কেন্দ্ৰ কৰি ভয়ংকৰ ৰূপ লোৱাৰ দিশে অসমীয়া আৰু বাঙালী উগ্ৰ জাতীয়তাবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 14, 2019 9:05 pm
2.5k
VIEWS
Share on FacebookShare on Twitter

দুলীয়াজানত আজি বিহুৰ উৰুকাৰ দিনাই নাগৰিকত্ব সংশোধনী বিধেয়কখনক সমৰ্থন কৰা এজন বাঙালী যুৱকক আঁঠু কঢ়াই কাণত ধৰোৱাৰ লগতে মাৰপিট কৰাটোৱে সচেতন মহলক চিন্তিত কৰি তুলিছে। প্ৰায় সংখ্যক অসমীয়াই বিধেয়কখনৰ বিৰোধিতা কৰিছে যদিও বিধেয়কখনৰ সমৰ্থন কৰিবলৈ থকা গণতান্ত্ৰিক অধিকাৰক এই ঘটনাটোৱে খৰ্ব কৰা দেখা গৈছে, যিটো বিধেয়কখন বিৰোধিতা কৰা বাবেই অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিজেপি নেতাই ভাবুকি দিয়াৰ সমপৰ্য্যায়ৰ বুলি গণ্য কৰিব পাৰি।

মানসপ্ৰতিম গগৈ নামৰ এটা ফেইচবুক একাউণ্টত আপল’ড কৰা এটা ভিডিঅ’ত যুৱকজনক কাণত ধৰাই থোৱাৰ লগতে মাৰপিট কৰা দৃশ্য দেখা গৈছে। ঘটনাটোৰ সময়ত উপস্থিত যুৱককেইজনে বাঙালী সম্প্ৰদায়ৰ যুৱকজনক সৈ কাঢ়িবলৈ হুমকি দিয়াও দেখা গৈছে।

যুৱককেইজনৰ হুমকিত বাঙালী যুৱকজনে কয়, “মই বিধেয়কখন আইনত পৰিণত হ’লে আপোনালোকে ভয় খাব বুলি কৈছিলো।”

“মোৰ ভুল হৈ গ’ল। মই ভৱিষ্যতে আৰু কেতিয়াও এনে কাম নকৰো। মই ভৱিষ্যতে কাৰো লগত বেয়া ব্যৱহাৰ নকৰো।” উদণ্ড অসমীয়া যুৱককেইজনৰ ধমকিত এইদৰে সৈ কাঢ়ে বাঙালী যুৱকজনে।

ভুক্তভোগী বাঙালী যুৱকজনৰ নাম কি জানিব পৰা হোৱা নাই। আনহাতে ঘটনাটোত জড়িত তথা ভিডিঅ’টোত দেখা পোৱা যুৱককেইজনৰ বিৰুদ্ধে এই পৰ্য্যন্ত কোনেও এজাহাৰ দাখিল কৰাৰ বাতৰি অহা নাই।

উল্লেখযোগ্য যে যোৱা দুদিনত বিধেয়কখনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পক্ষ-বিপক্ষৰ ফলত বাঙালী আৰু অসমীয়া মানুহৰ মাজত এনেকুৱা একাধিক সংঘাতৰ ঘটনা ঘটিছে, যিটোক অতি অশুভ সংকেত বুলিব পাৰি। বিধেয়কখন সমৰ্থন কৰিবলৈ গৈ বাঙালীসকলৰ মাজৰ বহুতে সততে অসমীয়া বিদ্বেষী মন্তব্য কৰা আৰু বিৰোধিতা কৰিবলৈ গৈ অসমীয়াৰ মাজৰ বহুতে বাঙালীসকলক ভাবুকি দিয়াৰ দৰে কেইবাটাও ঘটনা ঘটিছে। বিধেয়কখন গৃহীত হওকেই বা নহওকেই, ই যে অসমত অসমীয়া আৰু বাঙালীৰ মাজৰ সম্প্ৰীতিক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিব তাকে প্ৰমাণ কৰিছে এই ঘটনাবোৰে।

উদ্বেগজনক কথাটো হ’ল, ভিডিঅ’টোৰ তলত বেছিভাগ য়ুজাৰেই ঘটনাটোক ন্যায্যতা দিয়া দেখা গৈছে। এই উদাহৰণবোৰে বিধেয়কখনক কেন্দ্ৰ কৰি ৰাজ্যত পুনৰ উগ্ৰ আৰু অন্ধ জাতীয়তাবাদে মূৰ দাঙি উঠাৰ পূৰ্ণ সম্ভাৱনা দাঙি ধৰিছে।

 

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd