মমতাময়ী, অপত্য স্নেহ অতীত! নিজৰ সন্তানকে যদি এনেদৰে…..

Goa murder Bengaluru CEO Suchana Seth

গোৱাত নিজ মাতৃৰ দ্বাৰাই ৪ বছৰীয়া পুত্ৰৰ হত্যাকাণ্ডৰ ঘটনাই জোকাৰিছে দেশ। এই নৃশংস কাণ্ডই সমগ্ৰ দেশক কৰি তুলিছে হতভম্ব। শেহতীয়াকৈ পোহৰলৈ আহিছে হত্যাকাণ্ড সন্দৰ্ভত এক চাঞ্চল্যকৰ তথ্য।

সোমবাৰে কৰ্ণাটকৰ চিত্ৰদুৰ্গত পুত্ৰৰ মৃতদেহ বেগত কঢ়িয়াই নিয়াৰ সময়তে গ্ৰেপ্তাৰ হয় মাইণ্ডফুল এ আই লেবৰ নামৰ এটা ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া সুচানা শেঠ।

উত্তৰ গোৱাৰ কেণ্ডোলিমৰ এখন হোটেলৰ কোঠাত ৪ বছৰীয়া পুত্ৰক হত্যা কৰি মৃতদেহ বেগত সুমুৱাই গোৱাৰ পৰা কৰ্ণাটকলৈ টেক্সী যোগে ৰাওনা হৈছিল মহিলাগৰাকী। কিন্তু মাজবাটতে তেওঁক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

প্ৰকাশিত খবৰ অনুসৰি, নিজৰ চৰম জেদ পূৰণ কৰিবলৈ গৈয়ে শেঠে হত্যা কৰে নিজ সন্তানক। বিচ্ছেদিত স্বামীয়ে যাতে তেওঁলোকৰ সন্তানক লগ পাব নোৱাৰে, তাৰ বাবেই এই জঘন্য কাণ্ড সংঘটিত কৰে সুচানা শেঠে।

আৰক্ষীৰ শীৰ্ষ সূত্ৰ মতে, অভিযুক্ত মহিলাগৰাকীয়ে ২০১০ চনত বিবাহপাশত আবদ্ধ হৈছিল আৰু ২০১৯ চনত দম্পতীহালৰ পুত্ৰ সন্তানটিৰ জন্ম হয়। কিন্তু সাংসাৰিক বিবাদৰ বাবে তেওঁলোকে ২০২০ চনত বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰে।

তেওঁলোকৰ বিবাহ বিচ্ছেদ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত হৈছে। বিচ্ছেদৰ আবেদনৰ শুনানিত আদালতে সুচানাৰ পতিক দেওবাৰে সন্তানক লগ কৰাৰ অনুমতি প্ৰদান কৰে। কিন্তু আদালতৰ এই সিদ্ধান্তত অসন্তুষ্ট হৈ পৰে সুচানা।

আদালতৰ ৰায় অনুসৰিয়েই সুচানাই প্ৰাক্তন স্বামীৰ সৈতে পুত্ৰক সাক্ষাৎ কৰোৱাৰ অৰ্থে নিজৰ সন্তানৰ সৈতে গোৱা ভ্ৰমণৰ পৰিকল্পনা কৰে। কিন্তু এই সাক্ষাতৰ পূৰ্বেই গোৱাৰ হোটেলৰ কোঠাত হত্যা কৰে শিশুটিক।

অৱশ্যে আৰক্ষীয়ে উল্লেখ কৰা মতে, এয়াই হত্যাকাণ্ডৰ প্ৰধান উদ্দেশ্য বুলি এতিয়াও নিশ্চিত হোৱা নাই। এই সন্দৰ্ভত তদন্ত অব্যাহত থকা বুলি আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে।

মহিলাগৰাকীৰ বিচ্ছেদিত স্বামী বৰ্তমান জাকাৰ্টাত আছে আৰু তেওঁক ঘটনাৰ বিষয়ে অৱগত কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। তেওঁক শীঘ্ৰেই ভাৰতলৈ উভতিবলৈ আৰক্ষীয়ে অনুৰোধ জনাইছে।

উল্লেখ্য যে, বাংগালুৰুৰ সুচানা শেঠে চাৰি বছৰীয়া সন্তানটিক লগত গোৱাৰ হোটেলখনত প্ৰৱেশ কৰিছিল। কিন্তু হোটেলৰ পৰা ওলাই যোৱাৰ সময়ত তেওঁৰ সৈতে দেখা পোৱা নাযায় শিশুটিক। তেওঁৰ লগত আছিল মাত্ৰ এটা বেগ।

ইফালে সুচানা হোটেলৰ পৰা ওলাই যোৱাৰ পিছতে তেওঁ আশ্ৰয় লোৱা কোঠাটিত চাফাই কৰ্মী এগৰাকীয়ে তেজৰ দাগ দেখিবলৈ পায়। লগে লগে হোটেল কৰ্তৃপক্ষই গোৱা আৰক্ষীক খবৰ দিয়ে।

লগে লগে আৰক্ষীৰ এটা দল হোটেলখনত উপস্থিত হৈ চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰে। চিচিটিভি ফুটেজত সুচানা নিজৰ সন্তান অবিহনেই হোটেলৰ পৰা ওলাই যোৱা বুলি স্পষ্ট হৈ পৰে।

হোটেলৰ কৰ্মচাৰীয়ে আৰক্ষীক জানিবলৈ দিয়া মতে, সুচানাই বিমানৰ পৰিবৰ্তে টেক্সিৰে বেংগালুৰুলৈ উভতিব খোজে। হোটেল কৰ্তৃপক্ষই তেওঁক বিমানেৰে যোৱাৰ পৰামৰ্শ দিয়ে যদিও তেওঁ পথেৰে যোৱাৰ ইচ্ছা প্ৰকাশ কৰে।

উপায়ন্তৰ হৈ হোটেল কৰ্তৃপক্ষই তেওঁক স্থানীয় টেক্সি এখনৰ ব্যৱস্থা কৰি দিয়ে। ইফালে আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ পিছত সুচানাক ফোন কৰি তেওঁৰ পুত্ৰৰ বিষয়ে প্ৰশ্ন কৰে।

তেওঁ পুত্ৰক গোৱাৰ এজন বন্ধুৰ ঘৰত এৰি থৈ যোৱা বুলি উল্লেখ কৰে। কিন্তু আৰক্ষীক তেওঁ দিয়া বন্ধুজনৰ ঠিকনা ভুৱা বুলি প্ৰমাণিত হয়। ইয়াৰ পিছতে আৰক্ষীয়ে অতি চতুৰতাৰে কৰায়ত্ব কৰে সুচানাক।

ইয়াৰ পিছতে আৰক্ষীয়ে টেক্সি চালকজনলৈ ফোন কৰি গাড়ীখন ওচৰৰ থানা এখনলৈ লৈ যাবলৈ পৰামৰ্শ দিয়ে। অৱশ্যে পিছৰ আসনত বঢ়ি থকা সুচানাৰ যাতে কোনো সন্দেহ নহয়, সেই বিষয়ে তেওঁক সতৰ্ক কৰি দিয়া হয়।

আৰক্ষীৰ পৰামৰ্শ মতেই চালকজনে সুযোগ বুজি চিত্ৰদুৰ্গ জিলাৰ আইমংগলা থানাত গাড়ীখন সোমাৱাই দিয়ে। গাড়ীখন পৰীক্ষা কৰাৰ পিছতে সুচানাই লগত লৈ যোৱা বেগটোত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ।