NORTHEAST NOW (Assamese)

হেৰুওৱা লাগেজ বিচাৰিবলৈ হেক কৰিলে ইণ্ডিগ’ৰ ৱেবচাইট! বাঙ্গালোৰৰ যুৱকৰ কৰ্মই লগাইছে চমক

March 31, 2022 4:33 pm · এন ই নাও নিউজ, গুৱাহাটী

বিমান যাত্ৰাৰ সময়ত নিজৰ হেৰুওৱা লাগেজৰ বাবে যাত্ৰী চিন্তিত হৈ পৰাটো এটা সাধাৰণ ঘটনা। এনে হেৰুওৱা লাগেজ বিচাৰি সাধাৰণতে যাত্ৰীসকলে কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে।

কিন্তু বাংগালোৰৰ এজন যুৱকে নিজৰ হেৰুওৱা লাগেজ বিচাৰিবলৈ হেক কৰিলে বিমান সংস্থা ইণ্ডিগ’ৰ ৱেবচাইট। যুৱকজনৰ এই কৰ্মৰ কথা ভাইৰেল হৈ পৰাৰ লগে লগে এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

নন্দন কুমাৰ নামৰ এই ছফ্টৱেৰ অভিযন্তা যুৱকজন দেওবাৰ ইণ্ডিগ’ বিমান যোগে পাটনাৰ পৰা বাংগালোৰলৈ যাত্ৰা কৰিছিল। বাংগালোৰ বিমানবন্দৰত তেওঁৰ বেগটো আন এজন যাত্ৰীৰ সৈতে ভুলবশত: সলনি হয়।

ইয়াৰ পাছতে কুমাৰে ইণ্ডিগ’ৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে। ইণ্ডিগ’ কৰ্তৃপক্ষই নন্দন কুমাৰক সহযাত্ৰী জনৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয়।

বিষয়টোৰ কোনো সমাধান নোহোৱাৰ বাবে কুমাৰে নিজেই এই সমস্যা সমাধানৰ কথা চিন্তা কৰে আৰু ইণ্ডিগ’ৰ অফিচিয়েল ৱেবচাইট হেক কৰে। অৱশেষত কুমাৰে সহযাত্ৰীজনৰ ই-মেইল আৰু মোবাইল নম্বৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

ইণ্ডিগ’ৰ ৱেবচাইট হেকিং প্ৰক্ৰিয়াৰ কথা টুইট যোগে সদৰি কৰাৰ পাছতে কুমাৰে ইণ্ডিগ’ক সক্ৰিয় গ্ৰাহক সেৱাৰ মান উন্নত কৰিবলৈ পৰামৰ্শ দিয়ে। লগতে ইণ্ডিগ’ৰ ৱেবচাইটে সংবেদনশীল তথ্য লীক কৰে বুলিও সতৰ্ক কৰি দিয়ে যুৱকজনে।

ইণ্ডিগ’ই কুমাৰৰ টুইটাৰ পোষ্টত ক্ষমা বিচাৰি এটা টোকা শ্বেয়াৰ কৰি কয় যে তেওঁ সন্মুখীন হোৱা অসুবিধাৰ বাবে ইণ্ডিগ’ কৰ্তৃপক্ষ দুঃখিত। লগতে ইণ্ডিগ’ই ৱেবছাইটটোৰ নিৰাপত্তা গাঁথনি শক্তিশালী বুলি আশ্বাস দিয়ে।

এয়াৰলাইনটোৱে লগতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ই ডাটা গোপনীয়তাৰ প্ৰতি সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ আৰু কুমাৰে তেওঁলোকৰ ৱেবছাইট কোনো সময়তে হেক কৰা নাছিল।

আনহাতে এই সমগ্ৰ ঘটনাটো টুইটাৰত ভাইৰেল হৈ পৰাৰ পিছতে বিভিন্নজনে কুমাৰৰ অভিযান্ত্ৰিক দক্ষতাৰ প্ৰসংশা কৰে। লগতে বহু টুইটাৰ ব্যৱহাৰকাৰীয়ে বিমানেৰে ভ্ৰমণ কৰোঁতে সন্মুখীন হোৱা তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰিবলৈ কুমাৰৰ সহায় বিচাৰে।

Related News