DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

হেৰুওৱা লাগেজ বিচাৰিবলৈ হেক কৰিলে ইণ্ডিগ’ৰ ৱেবচাইট! বাঙ্গালোৰৰ যুৱকৰ কৰ্মই লগাইছে চমক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 31, 2022 4:33 pm
Man hacks IndiGo website
147
VIEWS
Share on FacebookShare on Twitter

বিমান যাত্ৰাৰ সময়ত নিজৰ হেৰুওৱা লাগেজৰ বাবে যাত্ৰী চিন্তিত হৈ পৰাটো এটা সাধাৰণ ঘটনা। এনে হেৰুওৱা লাগেজ বিচাৰি সাধাৰণতে যাত্ৰীসকলে কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে।

কিন্তু বাংগালোৰৰ এজন যুৱকে নিজৰ হেৰুওৱা লাগেজ বিচাৰিবলৈ হেক কৰিলে বিমান সংস্থা ইণ্ডিগ’ৰ ৱেবচাইট। যুৱকজনৰ এই কৰ্মৰ কথা ভাইৰেল হৈ পৰাৰ লগে লগে এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

নন্দন কুমাৰ নামৰ এই ছফ্টৱেৰ অভিযন্তা যুৱকজন দেওবাৰ ইণ্ডিগ’ বিমান যোগে পাটনাৰ পৰা বাংগালোৰলৈ যাত্ৰা কৰিছিল। বাংগালোৰ বিমানবন্দৰত তেওঁৰ বেগটো আন এজন যাত্ৰীৰ সৈতে ভুলবশত: সলনি হয়।

ইয়াৰ পাছতে কুমাৰে ইণ্ডিগ’ৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে। ইণ্ডিগ’ কৰ্তৃপক্ষই নন্দন কুমাৰক সহযাত্ৰী জনৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয়।

বিষয়টোৰ কোনো সমাধান নোহোৱাৰ বাবে কুমাৰে নিজেই এই সমস্যা সমাধানৰ কথা চিন্তা কৰে আৰু ইণ্ডিগ’ৰ অফিচিয়েল ৱেবচাইট হেক কৰে। অৱশেষত কুমাৰে সহযাত্ৰীজনৰ ই-মেইল আৰু মোবাইল নম্বৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

ইণ্ডিগ’ৰ ৱেবচাইট হেকিং প্ৰক্ৰিয়াৰ কথা টুইট যোগে সদৰি কৰাৰ পাছতে কুমাৰে ইণ্ডিগ’ক সক্ৰিয় গ্ৰাহক সেৱাৰ মান উন্নত কৰিবলৈ পৰামৰ্শ দিয়ে। লগতে ইণ্ডিগ’ৰ ৱেবচাইটে সংবেদনশীল তথ্য লীক কৰে বুলিও সতৰ্ক কৰি দিয়ে যুৱকজনে।

ইণ্ডিগ’ই কুমাৰৰ টুইটাৰ পোষ্টত ক্ষমা বিচাৰি এটা টোকা শ্বেয়াৰ কৰি কয় যে তেওঁ সন্মুখীন হোৱা অসুবিধাৰ বাবে ইণ্ডিগ’ কৰ্তৃপক্ষ দুঃখিত। লগতে ইণ্ডিগ’ই ৱেবছাইটটোৰ নিৰাপত্তা গাঁথনি শক্তিশালী বুলি আশ্বাস দিয়ে।

এয়াৰলাইনটোৱে লগতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ই ডাটা গোপনীয়তাৰ প্ৰতি সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ আৰু কুমাৰে তেওঁলোকৰ ৱেবছাইট কোনো সময়তে হেক কৰা নাছিল।

আনহাতে এই সমগ্ৰ ঘটনাটো টুইটাৰত ভাইৰেল হৈ পৰাৰ পিছতে বিভিন্নজনে কুমাৰৰ অভিযান্ত্ৰিক দক্ষতাৰ প্ৰসংশা কৰে। লগতে বহু টুইটাৰ ব্যৱহাৰকাৰীয়ে বিমানেৰে ভ্ৰমণ কৰোঁতে সন্মুখীন হোৱা তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰিবলৈ কুমাৰৰ সহায় বিচাৰে।

Recent News

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

Rajya Sabha Secretariat

দুবছৰ বিৰতিৰ পাছত ৰাজ্যসভা সচিবালয়ত উপস্থিতিৰ প্ৰামাণিকৰ বাবে পুনৰ বায়োমেট্ৰিক পদ্ধতি

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ; শিৱসাগৰত প্ৰতিবাদত নামিল আছু

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ; শিৱসাগৰত প্ৰতিবাদত নামিল আছু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd