থাইলেণ্ডৰ উত্তৰ–পূবৰ মুকদাহান প্ৰদেশত এক অতিশয় শোকাবহ ঘটনা সংঘটিত হৈছে। এখন পিকআপ ট্ৰাকে তীৰ্থযাত্ৰীৰ এটা দলক খুন্দা মৰাৰ ফলত আঠজন বৌদ্ধ ভিক্ষুৰ মৃত্যু হোৱাৰ লগতে আন ২০ জনতকৈয়ো অধিক লোক আহত হৈছে। কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, এই ট্ৰাকখন চলাইছিল মাত্ৰ ১১ বছৰীয়া এটি শিশুৱে।
মুকদাহানৰ গৱৰ্ণৰ ৱোৰায়ান বুনাৰাতে জানিবলৈ দিয়া অনুসৰি, ভুক্তভোগীসকল ৩৪ জন বৌদ্ধ ভিক্ষু আৰু পাঁচজন সাধাৰণ অনুগামীৰ এটা দলৰ অংশ আছিল। তেওঁলোকে মুকদাহান প্ৰদেশৰ এটা মন্দিৰৰ পৰা ওচৰৰ উবন ৰাতচাথানি প্ৰদেশৰ আন এটা মন্দিৰলৈ ধৰ্মীয় তীৰ্থযাত্ৰা কৰি আছিল। তেনে সময়তে এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়।
এই ভয়ংকৰ দুৰ্ঘটনাটোত ঘটনাস্থলীতে পাঁচজন ভিক্ষুৰ মৃত্যু হয় আৰু আন তিনিজনে পিছত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰে। ইয়াৰ উপৰিও, ২২ জন ভিক্ষু আৰু এজন সাধাৰণ অনুগামী আহত হৈছে। ইয়াৰে চাৰিজন ভিক্ষুৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।
মুকদাহান প্ৰাদেশিক আৰক্ষীৰ মুৰব্বী মেজৰ জেনেৰেল পাইৰোজ থাইফুত্ৰাই জনোৱা মতে, ট্ৰাকখন চলোৱা ১১ বছৰীয়া শিশুটি বিশেষভাৱে সক্ষম আছিল। শিশুটিয়ে নিজৰ ঘৰৰ পৰা গাড়ীখন লৈ প্ৰায় ১০ কিলোমিটাৰ দূৰলৈ চলাই গৈ তীৰ্থযাত্ৰীসকলক মহতিয়াই নিয়ে। আৰক্ষীয়ে বৰ্তমানো এই সমগ্ৰ ঘটনাটোৰ তদন্ত চলাই আছে আৰু এতিয়ালৈকে কোনো গোচৰ ৰুজু কৰা নাই। ইপিনে, ঘটনাটোৰ পিছত শিশুটি মানসিকভাৱে গভীৰ আঘাত পোৱাৰ ফলত আৰক্ষীয়ে তেওঁক জেৰা কৰিব পৰা নাই। শিশুটি বৰ্তমান কোনো বিবৃতি দিয়াৰ অৱস্থাত নাই বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।





