বেংগালুৰু- চিমলা আটাইতকৈ স্বাচ্ছন্দ্যকৰ চহৰ, ইন্দোৰ- নতুন দিল্লী শ্ৰেষ্ঠ মিউনিচিপালিটী কৰ্পৰেচন : কেন্দ্ৰৰ জৰীপত প্ৰকাশ

বেংগালুৰু আৰু চিমলা ভাৰতৰ আটাইতকৈ বসবাসৰ বাবে স্বাচ্ছন্দ্যজনক চহৰ।

আনহাতে, ইন্দোৰ আৰু নতুন দিল্লী আটাইতকৈ শ্ৰেষ্ঠ মিউনিচিপালিটি।

বুধবাৰে এই তথ্য সদৰী কৰিছে কেন্দ্ৰীয় চৰকাৰৰ হাউচিং আৰু আৰবান এফেয়াৰ্ছ মন্ত্ৰী হৰদ্বীপ সিং পুৰিয়ে।

মুঠ ১১১খন চহৰক দুভাগত ভাগ কৰি জীৱনধাৰণৰ স্বাচ্ছন্দ্য তথা ‘এজ অৱ লিভিং ইনডেক্স’ৰ জৰীপ চলোৱা হৈছিল।

প্ৰথমভাগত ১ মিলিয়নৰ অধিক লোকে বাস কৰা চহৰক লোৱা হৈছিল আৰু আনটো ভাগত ১ মিলিয়নতকৈ কম।

জীৱনধাৰণৰ স্বাচ্ছন্দ্য আৰু মিউনিচিপালিটী পাৰফৰমেঞ্চ ইনডেক্স ২০২০ৰ ভিত্তিত এই তথ্যখিনি পোৱা হয়।

জৰীপটোত চহৰসমূহত বাস কৰা জীৱনধাৰণৰ মানদণ্ড, অৰ্থনৈতিক অৱস্থা, সুৰক্ষাৰ ভিত্তিত এই তালিকাখন প্ৰস্তুত কৰা হয়।

এক মিলিয়নতকৈ অধিক লোকে বাস কৰা পুনে, আহমেদাবাদ, চেন্নাই, চুৰাট, নেভী মুম্বাই, কইম্বাটোৰ, বদোদৰা, ইন্দোৰ আৰু গ্ৰেটাৰ মুম্বাইয়ে তালিকাখনৰ শীৰ্ষ স্থান লাভ কৰিছে।

আনহাতে চিমলা, ভুৱনেশ্বৰ, চিলভাচা, কাকিনাদা, চালেম, ভেল্ল’ৰ, গান্ধীনগৰ, গুৰুগ্ৰাম, ডেভাংগেৰে আৰু তিৰুচিৰাপ্পাল্লীয়ে এক মিলিয়নতকৈ কম লোকে বাস কৰা চহৰৰ তালিকাখনত শীৰ্ষ স্থান লাভ কৰিছে।

‘এজ অৱ লিভিং ইনডেক্স’ৰ লগতে ভাৰতত প্ৰথমবাৰৰ বাবে জৰীপ চলোৱা ‘মিউনিচিপালিটী পাৰ্ফৰমেঞ্চ ইনডেক্সে’ ১১১ খন মিউনিচিপালিটীৰ ভিতৰত নতুন দিল্লীয়ে শীৰ্ষ স্থান লাভ কৰিছে।

মিউনিচিপালিটীসমূহৰ ব্যৱস্থা, কাৰ্যপদ্ধতি, জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা, সুৰক্ষা, প্ৰযুক্তিগত সফলতা আৰু প্ৰশাসনিক বিষয়সমূহক কেন্দ্ৰ কৰি এই জৰীপটো চলোৱা হৈছিল।

‘মিউনিচিপালিটী পাৰ্ফৰমেঞ্চ ইনডেক্স’তো চহৰসমূহত এক মিলিয়ন জনসংখ্যাক ভিত্তি কৰি দুটা ভাগত ভগোৱা হৈছিল।

এক মিলিয়নৰ অধিক লোকে বাস কৰা চহৰ হিচাপে ইন্দোৰ, ছুৰাট আৰু ভুপালে এই তালিকাত শীৰ্ষস্থান লাভ কৰিছে।

আনহাতে এক মিলিয়নৰ কম লোকে বাস কৰা তালিকাত নতুন দিল্লী, তিৰুপতি, গান্ধীনগৰে শীৰ্ষস্থান লাভ কৰে।

এই জৰীপটো ২০২০ চনৰ ১৬ জানুৱাৰীৰ পৰা ২০ মাৰ্চলৈকে চলোৱা হৈছিল।

১১১খন চহৰৰ মুঠ ৩২.২ লাখ লোকে এই জৰীপটোত অংশ গ্ৰহণ কৰিছিল।