DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰস্তুতি পৰাশৰ আৰু বৰষাৰাণীলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 27, 2019 6:15 pm
3-750x430

ঐক্যতন শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লৈ প্ৰস্তুতি পৰাশৰ

874
VIEWS
Share on FacebookShare on Twitter

নলবাৰী নাট্য মন্দিৰত দেওবাৰে সদৌ অসম সাহিত্য সন্মিলনৰ উদ্যোগত সপ্তম বাৰ্ষিক ঐক্যতান বঁটা প্ৰদান অনুষ্ঠান সফলভাৱে অনুষ্ঠিত কৰা হয়। সভাৰ লগত সংগতিৰাখি প্ৰকাশ কৰি  উলিওৱা এখন স্মৃতিগ্ৰন্থখন উন্মোচন কৰে সাংস্কৃতিক সাংবাদিক বিদ্যুত কুমাৰ ভূঞাই।

অসমৰ নাট্য, সাহিত্য, সংগীত, চলচিত্ৰ, সংবাদ ক্ষেত্ৰ আদিৰ লগত জড়িত হৈ সমাজৰ বাবে অৱদান আগবঢ়োৱা ব্যক্তিসকলক প্ৰতিবছৰে নিৰ্বাচিত কৰি ঐক্যতান বঁটা প্ৰদান কৰি অহা হৈছে। অসমৰ বিশিষ্ট সাহিত্যিক নলবাৰী ৰত্ন ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যই সভাত উপস্থিত থাকি আনুষ্ঠানিকভাৱে বঁটাসমূহ প্ৰদান কৰে।

সন্ধিয়া অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে ৰঞ্জিত বৰ্মনে। অসম সাহিত্য সন্মিলনৰ সভাপতি বৰছন বৰুৱাই সভাখনত আদৰণি ভাষণ দিয়ে।

চলিত বৰ্ষৰ ঐক্যতান বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে ক্ৰমে প্ৰস্তুতি পৰাশৰ আৰু বৰষাৰাণী বিষয়াই। শ্ৰেষ্ঠ নাট্যকাৰ আৰু শ্ৰেষ্ঠ নাট পৰিচালকৰ বঁটা লাভ কৰে ৰাজদ্বীপ আৰু তপন দাসে। শ্ৰেষ্ঠ নৃত্য নিৰ্দেশনাৰ বঁটা অসীম গগৈ, শ্ৰেষ্ঠ খলনায়ক মুহি বৰা, শ্ৰেষ্ঠ চলচিত্ৰ ঈশ্বু, শ্ৰেষ্ঠ চলচিত্ৰ পৰিচালক অৰূপ মান্না আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা তৰালী শৰ্মালৈ আগবঢ়োৱা হয়।

আনহাতে, শ্ৰেষ্ঠ জীৱনীমূলক উপন্যাসৰ বাবে ভাস্কৰ জ্যোতি গোস্বামী, শ্ৰেষ্ঠ প্ৰবন্ধ সংকলন বিভা দেৱী, শ্ৰেষ্ঠ কাব্য সংকলন ড০ ইকবাল হছেইন, বৈদ্যুতিন মাধ্যমৰ শ্ৰেষ্ঠ সাংবাদিক সুনীল বৰা, ছপা মাধ্যমৰ শ্ৰেষ্ঠ সাংবাদিক কৌশিক কুমাৰ ডেকালৈ আগবঢ়োৱা হয়। তাৰোপৰি, ছ’চিয়েল মিডিয়া, শ্ৰেষ্ঠ সাংগঠক, শ্ৰেষ্ঠ সমাজকৰ্মী আদি কৰি বহুকেইটা শিতানত বঁটা এইবাৰ ভালেকেইগৰাকী ব্যক্তিক প্ৰদান কৰা হয়।

 

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd