২০২০ চনৰ পৰা ২০২৫ চনৰ ভিতৰত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ চমুকৈ এন জি টিৰ কাম-কাজ আৰু ৰায়দানৰ ধাৰাত এক ডাঙৰ পৰিৱৰ্তন পৰিলক্ষিত হৈছে। শেহতীয়া এক অনুসন্ধানমূলক প্ৰতিবেদন অনুসৰি, দেশৰ এইখন শীৰ্ষ পৰিৱেশ আদালতে পৰিৱেশ আৰু বনাঞ্চলৰ অনুমতি সম্পৰ্কীয় প্ৰতি পাঁচটা গোচৰৰ ভিতৰত চাৰিটা গোচৰতে উদ্যোগিক প্ৰকল্পৰ উন্নয়নকাৰীসকলৰ পক্ষত থিয় দিছে। যিটো সংস্থাক পৰিৱেশ সুৰক্ষা আৰু জনস্বাৰ্থ ৰক্ষাৰ বাবে গঠন কৰা হৈছিল, সেই এন জি টিয়ে এতিয়া বিতৰ্কিত প্ৰকল্পসমূহৰ অনুমতিক সমৰ্থন কৰা বা চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে থিয় নিদিয়াৰ এক ধাৰা গঢ়ি তুলিছে বুলি দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ তদন্তত প্ৰকাশ পাইছে। এই তদন্তৰ বাবে যোৱা পাঁচ বছৰত এন জি টিয়ে প্ৰদান কৰা প্ৰায় এক লাখৰো অধিক নিৰ্দেশনা অধ্যয়ন কৰা হৈছিল।
তথ্য অনুসৰি, যোৱা পাঁচ বছৰত চৰকাৰে প্ৰদান কৰা পৰিৱেশ বা বন বিভাগৰ অনুমতিৰ বিৰুদ্ধে সাধাৰণ নাগৰিক আৰু পৰিৱেশ কৰ্মীসকলে ৩২৯খন আবেদন দাখিল কৰিছিল। ইয়াৰ ভিতৰত মাত্ৰ ৬৫টা গোচৰতহে অৰ্থাৎ মাত্ৰ ২০ শতাংশ ক্ষেত্ৰতহে আবেদনকাৰীৰ পক্ষত ৰায়দান কৰা হৈছে। ইয়াৰ বিপৰীতে যেতিয়া কোনো কোম্পানী বা প্ৰকল্পৰ বিকাশকে চৰকাৰে অনুমতি নিদিয়াৰ বিৰুদ্ধে আবেদন কৰিছিল, তেতিয়া তেওঁলোকে প্ৰায় ৮০ শতাংশ গোচৰত জয়লাভ কৰিছিল। ২০১৬ চনৰ পৰা ২০১৯ চনৰ সময়ছোৱাৰ তুলনাত এই পৰিসংখ্যা যথেষ্ট আচৰিত ধৰণৰ। কাৰণ সেই সময়ত দুয়োটা পক্ষৰ বাবে আদালতৰ ৰায়দান যথেষ্ট সুষম আছিল আৰু ইয়াৰ হাৰ ১৮ শতাংশৰ পৰা ৩১ শতাংশৰ ভিতৰত সীমাবদ্ধ আছিল।
দিল্লী, ভোপাল, পুনে, কলকাতা আৰু চেন্নাইত থকা এন জি টিৰ পাঁচখন বিচাৰপীঠত মূলতঃ বায়ু প্ৰদূষণ, জল প্ৰদূষণ আৰু উপকূলীয় অঞ্চল নিয়ন্ত্ৰণৰ গোচৰসমূহৰ শুনানি গ্ৰহণ কৰা হয়। ২০১০ চনত এক বিশেষ আইনৰ জৰিয়তে এই আদালত স্থাপন কৰা হৈছিল যাতে পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ গোচৰসমূহ ক্ষিপ্ৰতাৰে সমাধান কৰিব পৰা যায়। কিন্তু ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্যই দেখুৱাইছে যে বহু গুৰুত্বপূৰ্ণ গোচৰত এন জি টিয়ে কোনো সকাহ প্ৰদান কৰা নাই। এই তালিকাত আদানী পেট্ৰনেট বন্দৰ, বেদান্তা, জিন্দাল পাৱাৰ, অইল ইণ্ডিয়া, আল্ট্ৰাটেক চিমেণ্ট আৰু এন এইচ এ আইৰ দৰে বৃহৎ প্ৰতিষ্ঠানৰ প্ৰকল্পসমূহ অন্তৰ্ভুক্ত হৈ আছে। আনকি খুৰজা ছুপাৰ থাৰ্মেল আৰু বিষ্ণুগড় পিপালকোটিৰ দৰে বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত আপত্তিও আদালতে গ্ৰহণ নকৰিলে।
আনহাতে, এন জি টিয়ে কিছুমান বিশেষ ক্ষেত্ৰতহে আবেদনকাৰীক সকাহ দিছে, যাৰ ভিতৰত আছে তাজমহলৰ ওচৰত খনন কাৰ্য বন্ধ কৰা বা বেংগালুৰুৰ এটা গৃহ নিৰ্মাণ প্ৰকল্পৰ বিৰুদ্ধে দিয়া ৰায়। কিন্তু সামগ্ৰিকভাৱে চালে দেখা যায় যে চৰকাৰী বাধাৰ বিৰুদ্ধে উদ্যোগপতিসকলে দাখিল কৰা ১৫৯টা আপীলৰ ভিতৰত ১২৬টা গোচৰতে তেওঁলোকে নিজৰ অনুকূলে ৰায় লাভ কৰিছে। ইয়াৰ পূৰ্বে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ গ্ৰেট নিকোবাৰ দ্বীপত চলিবলগীয়া ৮০ হাজাৰ কোটি টকীয়া বৃহৎ আন্তঃগাঁথনি প্ৰকল্পৰ পৰিৱেশ অনুমতিৰ ক্ষেত্ৰতো এন জি টিয়ে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছিল। এই বিষয়টোক লৈ বিভিন্ন মহলত সমালোচনাৰ সৃষ্টি হৈছে কাৰণ ইয়াত পৰিৱেশতকৈ বাণিজ্যিক স্বাৰ্থক অধিক গুৰুত্ব দিয়াৰ অভিযোগ উঠিছে।
শেহতীয়াকৈ ৰাজস্থানত অনুষ্ঠিত এক অনুষ্ঠানত উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ দীপক গুপ্তায়ো এন জি টিৰ এনে ভূমিকাৰ সমালোচনা কৰিছে। তেওঁৰ মতে, পৰিৱেশৰ গোচৰত আমাৰ ন্যায়পালিকা এতিয়া পিছুৱাই আহিছে। তেওঁ মন্তব্য কৰিছে যে বিচাৰকসকল পৰিৱেশৰ প্ৰতি সংবেদনশীল হোৱাটো জৰুৰী। দেশত অগ্ৰগতি বা উন্নয়নৰ প্ৰয়োজন আছে যদিও সেই উন্নয়ন বহনক্ষম হ’ব লাগে যাতে ই প্ৰকৃতিৰ ক্ষতি নকৰে। পৰিৱেশ আদালতৰ এই হেলনীয়া আচৰণে দেশৰ পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত এক ডাঙৰ প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি কৰিছে।





