সাৱধান! দাঁতৰ বিষৰ পৰাও হ’ব পাৰে হৃদতন্ত্ৰৰ ৰোগ : কিদৰ যত্ন ল’ব দাঁত দুপাৰিৰ? 

দাঁতৰ বিষৰ সমস্যা আজিকালি অতি সাধাৰণ সমস্যা হৈ পৰিছে। দাঁতৰ বিষ আৰু ৰক্তক্ষৰণ আমাৰ দৈনন্দিন সংগী হৈ পৰিছে। ৮ বছৰৰ পৰা ৮০ বছৰলৈকে প্ৰায় সকল লোকেই দাঁতৰ সমস্যাত ভুগিবলৈ আৰম্ভ কৰিছে।

এফ ডি আই ৱৰ্ল্ড ডেণ্টেল ফেডাৰেচনৰ তথ্য অনুসৰি বিশ্বৰ প্ৰায় ৯০ শতাংশ জনসংখ্যাই জীৱনৰ কোনোবা এটা সময়ত দাঁতৰ সমস্যাত ভুগি থাকে। ভাৰততো দিনক দিনে বৃদ্ধি পাইছে মুখৰ কৰ্কট ৰোগীৰ সংখ্যা। অৱশ্যে মুখৰ স্বাস্থ্যৰ প্ৰতি কোনেও বিশেষ গুৰুত্ব নিদিয়ে।

জানেনে, মুখৰ স্বাস্থ্য কেৱল মুখতে সীমাবদ্ধ নহয়? আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য ইয়াৰ সৈতে জড়িত। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে মুখৰ স্বাস্থ্যৰ সৈতে হৃদৰোগৰ সম্পৰ্ক আছে। অৰ্থাৎ মুখৰ ভিতৰত যদি কোনো সমস্যা থাকে তেন্তে ইয়াৰ বেয়া প্ৰভাৱ আপোনাৰ হৃদযন্ত্ৰত পৰিব।

ভালদৰে দাঁত ব্ৰাছ নকৰিলে দাঁতৰ আলু আৰু দাঁতত বেক্টেৰিয়া জমা হয়। এই বীজাণুবোৰ আমাৰ তেজৰ লগত মিহলি হৈ শাৰীৰিক প্ৰদাহৰ সৃষ্টি কৰে। কেতিয়াবা এই বেক্টেৰিয়াৰ ফলত ৰক্তবাহী নলীত তেজ জমা হয়। ইয়াৰ কাৰণে ৰক্ত সঞ্চালন ব্যাহত হয়। ইয়াৰ ফলত হৃদযন্ত্ৰৰ ওপৰত চাপ পৰে আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

আপুনি শুনি আচৰিত হ’ব যে কেৱল দাঁত আৰু দাঁতৰ আলুৰ বাবেই হাৰ্ট এটেকৰ সম্ভাৱনা প্ৰায় ডেৰ ৩ গুণ বৃদ্ধি পায়। লগতে ধঁপাতজাতীয় সামগ্ৰী যেনে চিগাৰেট, বিড়িয়ে মুখগহ্বৰ আৰু হৃদযন্ত্ৰৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়।

বিশ্বৰ আন দেশতকৈ ভাৰতত মুখৰ কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। গতিকে ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰাসকলৰ বাবে ছমাহত কমেও এবাৰ মুখ পৰীক্ষা কৰাটো বাধ্যতামূলক।

দাঁতৰ সমস্যাৰ পৰা আঁতৰি থাকিবলৈ দিনটোত অন্ততঃ দুবাৰকৈ, দুমিনিটৰ বাবে ব্ৰাছ কৰা আৰু মিঠা খাদ্য কমকৈ খোৱাটো প্ৰয়োজনীয়। ইয়াৰ উপৰিও নিয়মীয়াকৈ চেকআপৰ প্ৰয়োজন। ধঁপাতজাতীয় সামগ্ৰী দাঁতৰ বাবে অতি ক্ষতিকাৰক।