চৰকাৰী বিদ্যালয়ত পঢ়োৱা হ’ব গীতা, বিধানসভাত গৃহীত হ’ল প্ৰস্তাৱ 

গুজৰাটত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে চৰকাৰী বিদ্যালয়ত পঢ়োৱা হ’ব গীতা। গুজৰাট চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

গুজৰাট বিধান সভাত সৰ্বসন্মতিক্ৰমে এই প্ৰস্তাৱটো গৃহীত হৈছে। আপ আৰু কংগ্ৰেছৰ বিধায়কসকলেও বিজেপিক সমৰ্থন কৰিছে এই বিধেয়ক।

আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ আপ আৰু কংগ্ৰেছ একত্ৰিত হৈছে। 

কিন্তু গুজৰাটত, দুয়োটা বিৰোধী দলে এই সিদ্ধান্তত বিজেপিক সমৰ্থন কৰে। শিক্ষা ৰাজ্যিক মন্ত্ৰী প্ৰফুল্ল পাঞ্চেৰিয়াই গুজৰাট বিধানসভা অধিৱেশনৰ সময়ত বিদ্যালয়ৰ শিশুসকলৰ পাঠ্যক্ৰমত ভগৱৎ গীতাক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। বিজেপি বিধায়কসকলৰ লগতে, আপ আৰু কংগ্ৰেছৰ বিধায়কসকলেও তেওঁৰ প্ৰস্তাৱক সমৰ্থন কৰিছিল।

প্ৰস্তাৱঅনুসৰি, ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলক পৰ্যায়ক্ৰমে ভগৱৎ গীতা শিকোৱা হ’ব। ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কবিতাৰ জৰিয়তে গীতা শিকোৱা হ’ব। নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক প্ৰথম ভাষাত গীতা শিকোৱা হ’ব।

গুজৰাট চৰকাৰে যুক্তি দিছে যে ভগৱৎ গীতা ক শিক্ষাৰ্থীসকলক শিকোৱাটোৱে সাংস্কৃতিক বিকাশ আৰু মূল্যবোধ গঢ়ি তুলিব। যি ভৱিষ্যতে সামাজিকভাৱে সচেতন নাগৰিক হিচাপে গঢ়ি তোলাত সহায় কৰিব।

২০২২ চনৰ মাৰ্চ মাহত ৰাজ্যৰ প্ৰাক্তন শিক্ষা মন্ত্ৰী জিতু ভাঘানীয়ে বিধানসভাত কৈছিল যে শিক্ষাৰ্থীসকলক গীতা শিকোৱা উচিত আৰু গীতাৰ সকলো শ্লোক বুজিবলৈ বাধ্য কৰাব লাগে। ই শিক্ষাৰ্থীসকলক বিকশিত কৰিব।

গুজৰাট চৰকাৰৰ সিদ্ধান্তক সম্পূৰ্ণ সমৰ্থন আগবঢ়াই আপৰ বিধায়ক উমেশ মাখৱানাই কয় যে প্ৰস্তাৱটো দ্ৰুততাৰে ৰূপায়ণ কৰিব লাগে আৰু বিদ্যালয়সমূহত অধিক সংস্কৃত শিক্ষক নিয়োগ কৰিব লাগে। 

আনহাতে, কংগ্ৰেছ বিধায়ক কিৰিট পেটেলে প্ৰথমতে এই প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল যদিও পিছত বিজেপি চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰে।