• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ভাকুটকুটে নিৰাশ নকৰে আপোনাক

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
March 8, 2026 5:20 pm
150
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাকুটকুট-চিনেমাখনৰ নামটোৱেই সূচায় ইয়াত হাস্যমধুৰ উপাদান থাকিব বুলি। হয়,বৰ্তমান অসমৰ ভিন্ন ছবিগৃহত চলি থকা এখন নতুন অসমীয়া ছবি ভাকুটকুট। ভাকুটকুটৰ কাহিনী আৰু চিত্ৰনাট্য লিখিছে চিন্ময় শৰ্মাই। পৰিচালনাও কৰিছে চিন্ময় শৰ্মায়েই। ছাই ক্ৰিয়েটিভ ফিল্মছ আৰু গ্ৰীণ গ্ৰাছ ফিল্মছৰ নিবেদন ভাকুটকুটে মুক্তি লাভ কৰে গত ৬ মাৰ্চ ২০২৬ তাৰিখে।

ছবিৰ আৰম্ভণি হয় এটি বাংগালুৰুত থকা পৰিয়াল তেজপুৰলৈ অহাৰ দৃশ্যৰে। বাংগালুৰুত থকা অৱসৰপ্ৰাপ্ত সেনা বিষয়া(মৃদুল চুতীয়া)ৰ তেজপুৰত থকা বায়েকৰ ঘৰলৈ পত্নী আৰু দুগৰাকী কন্যা সহ আহে কিছুদিন থকাকৈ। মৃদুল চুতীয়াৰ বায়েক প্ৰতিভা চৌধুৰীৰ বিৰাট হাবিয়াস নিজ পুত্ৰ ইন্দুকল্প(ইন্দু-কৌশিক নাথ)ৰ যেনেকৈ নহওক বিয়াখন পাতি দিয়াৰ। ইন্দুৰ বিয়া পাতিবলৈ ভায়েকক বায়েকে টাউনৰ মাটি এটুকুৰাৰ প্ৰসংগ আনি কিছু দ্বায়িত্ব দিয়ে। এতিয়া ভায়েক-ভাইবোৱাৰীয়েক মিলি কি ব্যৱস্থা হাতত লয় তাকে লৈয়েই কাহিনীভাগ আগবাঢ়ে। গাওঁখনৰ ডেকা কেইজনমানৰ এটা আড্ডা বহে। তাৰে মাজত ধীৰাজ(মনোজ বৰকটকী)এজন। ধীৰাজৰ আকৌ দীৰ্ঘদিনীয়া প্ৰেম ৰতন(দ্বীপজ্যোতি কাকতি)ৰ জীয়েক ৰাধিকাৰ লগত। গাঁ‌ৱত ইন্দুৰ ছোৱালী বিচাৰি সবাৰে আলোচনা বিলোচনা চলে। ইন্দু কিছু পৰিমাণে মানসিকভাৱে বাধাগ্ৰস্ত। তালৈ ছোৱালী দিব কোনে!!তাৰমাজত প্ৰেম,সম্পৰ্কৰ মাজৰ তিক্ততা,চল-কপট আদি সকলোবোৰৰ মাজেদি কাহিনী আগুৱাই। মুঠতে ইন্দুৰ বিয়া হ’ব কাৰ লগত তাক লৈয়েই সকলো ঘটনা-পৰিঘটনা। ছবিখনৰ আৰম্ভণি ভাল লগা,এক সজীৱ অনুভৱ দিয়ে। কাহিনীভাগ আৰম্ভণিৰ পৰায়েই গতিশীল। হাস্যৰসৰ উপস্থাপন আছে ভাকুটকুটত। আৰু এইয়া স্বতঃস্ফূৰ্ত হাস্যৰস,জোৰকৈ হঁ‌হোৱাবৰ চেষ্টা কৰা হোৱা নাই। ছবিখনৰ চিনেমে’টগ্ৰাফীৰ কাম সুন্দৰ। লগতে চকুত লগাকৈ সুন্দৰ আলোকশিল্পৰ কাম। ধীৰাজ আৰু ৰাধিকাৰ প্ৰেম কাহিনীটো ভাল লগা হোৱাৰ লগতে পৰ্দাত দুয়োৰে ৰসায়ন সুন্দৰ। আৱহ-সংগীত পৰিস্থিতি সাপেক্ষ বা একেমুখে খাপ খাই পৰা বিধৰ বুলিব লাগিব। ভাকুটকুটত মানসিক স্বাস্থ্যৰ দৰে সংবেদনশীল বিষয় এটাক খুবেই স্পৰ্শকাতৰতাৰে উপস্থাপন কৰা হৈছে পৰিচলকে। অনৰ্থক হাস্যৰসৰ ব্যৱহাৰ কৰি ইয়াক তুলুঙা বা অতিৰঞ্জিত কৰা হোৱা নাই। বহু বিষয়েই চুই গৈছে কাহিনীকাৰ,পৰিচালকে। ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পীৰ সমস্যাৰ পৰা আৰম্ভ কৰি,পৰিয়ালৰ আত্মীয়ই যে আত্মীয়ক ঠগ-প্ৰবঞ্চনা কৰিব পাৰে,আত্মীয় বা পিতৃয়েই যে কন্যাক বোজা বুলি ভাবিব পাৰে-পইচাৰ বাবে কিমানলৈকে মানুহ যাব পাৰে-এই সকলো তিক্ত সঁ‌চা ছবিখনত ডাঙি ধৰা হৈছে। মাথোঁ ছবিখনৰ তৰংগ শীৰ্ষ(ক্লাইমেক্স)অলপ সালসলনি ঘটাব পাৰিলেহেঁতেন পৰিচালক,কাহিনীকাৰে। অন্তলৈ অলপ লৰালৰিকৈ সামৰা যেন অনুভৱ হ’ল।

Apply Now

অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব ইন্দুৰ ভূমিকাত অভিনয় কৰা কৌশিক নাথৰ অনবদ্য অভিনয়ৰ কথা।  ধীৰাজৰ চৰিত্ৰত অভিনয় কৰা মনোজ বৰকটকীয়ে চৰিত্ৰটোৰ সম্পূৰ্ণ সদব্যৱহাৰ কৰিছে। তেওঁৰ অভিনয় স্বাভাৱিক। লগতেই মৃদুল চুতীয়া,দ্বীপজ্যোতি কাকতি,ডৰথী ভৰদ্বাজৰ আৰু বাকীসকলৰো অভিনয় সুন্দৰ। ভাকুটকুট চাবলৈ পৰিয়ালৰ সকলোৱেই লগ লাগি যাব পাৰিব,চাই মুঠেও নিৰাশ নহয়।

mail- [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd