ক’ভিশ্বিল্ডৰ বিতৰ্কৰ মাজতে ভাৰত বায়’টেকে দিলে বিবৃতি; ক’ভাক্সিনৰ পাৰ্শ্বক্ৰিয়া সম্পৰ্কত কি ক’লে?

প্ৰতিনিধিত্বমূলক ফাইল ফটোঃ সংগ্ৰহীত।

কৰোনা ভাইৰাছৰ পৰিস্থিতিত যেতিয়া দেশ আতংকিত হৈছিল, তেতিয়া ভেকচিনৰ খবৰত সকাহ পোৱা যায়। ক’ভিশ্বিল্ডৰ (CoviShield) আৰু ক’ভাক্সিন (Covaccine) টিকাকৰণ ভাৰতত আৰম্ভ হৈছিল। অৱশ্যে বেছিভাগ মানুহেই ভাৰতৰ ছিৰাম ইনষ্টিটিউটে ক’ভিশ্বিল্ডৰ নামেৰে প্ৰস্তুত কৰা এষ্ট্ৰাজেনেকাৰ (AstraZeneca) ভেকচিন লৈছিল। এতিয়া এষ্ট্ৰাজেনেকাই স্বীকাৰ কৰিছে যে তেওঁলোকৰ ভেকচিনৰ ফলত বিৰল পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। এই খবৰক লৈ দেশত তোলপাৰ লগাত ক’ভাক্সিন কৰ্তৃপক্ষই এক বিবৃতি প্ৰদান কৰে।

‘আমাৰ ভেকচিনৰ কোনো পাৰ্শ্বক্ৰিয়া নাই। প্ৰথমে সুৰক্ষা আৰু দ্বিতীয়তে কাৰ্যকাৰিতাক গুৰুত্ব দি ক’ভাক্সিন প্ৰস্তুত কৰা হৈছিল।’ এই বাৰ্তা দিছে ক’ভাক্সিন ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ভাৰত বায়’টেকে।

এক্স হেণ্ডেলত এই কথা পোষ্ট কৰি কোম্পানীটোৱে লগতে দাবী কৰে যে ক’ভাক্সিন হৈছে ক’ভিড-১৯ ভেকচিন কাৰ্যসূচীৰ একমাত্ৰ ভেকচিন যাৰ ভাৰতত ইয়াৰ কাৰ্যকাৰিতা পৰীক্ষা কৰা হৈছিল। ভাৰত বায়’টেকে স্পষ্টকৈ দাবী কৰিছে যে তেওঁলোকৰ ভেকচিনৰ সৈতে জড়িত কোনো পাৰ্শ্বক্ৰিয়াৰ খবৰ এতিয়ালৈকে পোৱা হোৱা নাই।

লগতে পঢ়কঃ ক’ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া আৰু আকস্মিক মৃত্যুৰ সম্পৰ্কত অধ্যয়ন আৰম্ভ কৰিছে AMCH-য়ে

ক’ভিশ্বিল্ড গ্ৰহণ কৰা বহু লোকৰ থ্ৰম্ব’ছিছৰ লগতে থ্ৰম্ব’চাইট’পেনিয়া চিনড্ৰমৰ দেখা দিছে। অৰ্থাৎ এফালে ৰক্তবাহী নলীত তেজ জমা হ’বলৈ আৰম্ভ কৰিছে, আনফালে প্লেটলেটৰ সংখ্যা দ্ৰুতগতিত কমিছে। এই বিৰল ৰোগৰ বাবে আগতে মৃত্যু হোৱাৰো দাবী কৰা হৈছিল।

ইমানদিনে ভেকচিন নিৰ্মাতা কোম্পানীটোৱে এই সন্দৰ্ভত কোনো স্বীকাৰোক্তি দিয়া নাছিল। শেহতীয়াকৈ তেওঁলোকে ব্ৰিটেইনৰ এখন আদালতত স্বীকাৰ কৰিছে যে তেওঁলোকৰ ভেকচিনৰ পৰা এনে হ’ব পাৰে যদিও সেয়া বিৰল।

ক’ভিশ্বিল্ড ভেকচিনে ভাৰতীয়ৰ বিৰল ৰোগ সৃষ্টি কৰিব পাৰেনে? স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে এই ভেকচিনৰ পৰা ১০ লাখৰ ভিতৰত এটা পাৰ্শ্বক্ৰিয়াৰ সম্ভাৱনা আছে। অৰ্থাৎ ভেকচিনৰ ডোজৰ দ্বাৰা বৃহৎ সংখ্যক লোক সুৰক্ষিত।

বিশেষজ্ঞসকলৰ মতে, ভেকচিনৰ পাৰ্শ্বক্ৰিয়া সৰ্বাধিক ৬ মাহৰ পিছত স্পষ্ট হৈ পৰে। ভেকচিন লোৱাৰ ডেৰ-দুবছৰ পাৰ হৈ গ’ল, এতিয়ালৈকে কোনো পাৰ্শ্বক্ৰিয়াৰ তথ্য পোৱা নাই। গতিকে ভেকচিনৰ পৰা কোনো গুৰুতৰ আশংকা নাই।