DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home শীর্ষ সংবাদ

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

কংগ্ৰেছ সভাপতি খৰ্গেৰ ৰাহুল গান্ধীৰ নিৰাপত্তাৰ বিচাৰি অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2023 4:27 pm
114
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে জম্মু-কাশ্মীৰৰ আৱন্তিপুৰৰ পৰা পুনৰ আৰম্ভ হয় কংগ্ৰেছ দলৰ ভাৰত জোডো যাত্ৰা। ৰাহুল গান্ধীৰ সৈতে এই যাত্ৰাত যোগদান কৰে পিডিপিৰ মুৰব্বী মেহবুবা মুফতিয়ে। আনহাতে, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ লিখি জম্মু-কাশ্মীৰত ভাৰত জোডো যাত্ৰাৰ বাবে পৰ্যাপ্ত নিৰাপত্তা নিশ্চিত কৰাৰ আহ্বান জনাইছে।

উল্লেখ্য, শুকুৰবাৰে ৰাহুল গান্ধীৰ নিৰাপত্তাত ত্ৰুটি হোৱাৰ পিছত কিছু সময়ৰ বাবে যাত্ৰা স্থগিত ৰখা হৈছিল। ৰাহুল গান্ধীৰ নিৰাপত্তাৰ ত্ৰুটিৰ পিছত আৰক্ষীয়ে তেওঁক গাড়ীত লৈ যাবলগীয়াৰ পৰিস্থিতিৰ সৃষ্টি হয়।

ইয়াৰ পিছত কংগ্ৰেছৰ সভাপতি খৰ্গেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এখন পত্ৰ লিখি যাত্ৰাকালত ৰাহুল গান্ধীৰ যাৱতীয় নিৰাপত্তা প্ৰদানৰ দাবী জনায়। কংগ্ৰেছে অভিযোগ কৰে যে কাজিগুণ্ডত হোৱা পদযাত্ৰাৰ সময়ত জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাহুল গান্ধীৰ আশে-পাশে নিৰাপত্তা প্ৰত্যাহাৰ কৰিছিল।

এই সংক্ৰান্ততে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰত লিখিছে, “‘অহা ২ দিনত যাত্ৰাত বিপুল জনসমাগম হোৱাৰ সম্ভাৱনা আছে। ৩০ জানুৱাৰীত শ্ৰীনগৰত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানতো ভিৰ হ’ব পাৰে। যদি আপুনি ব্যক্তিগতভাৱে হস্তক্ষেপ কৰি কৰ্তৃপক্ষক পৰ্যাপ্ত নিৰাপত্তা প্ৰদানৰ পৰামৰ্শ দিয়ে তেন্তে মই কৃতজ্ঞ হ’ম।”

Recent News

নিৰ্বাচনৰ আগে আগে আহি আছে নেকি কভিড?

নিৰ্বাচনৰ আগে আগে আহি আছে নেকি কভিড?

বেয়া খবৰ !  UPI ত ধনৰ লেনদেন কৰিলে গ্ৰাহকে ভৰিব লাগিব ১.১ শতাংশ মাচুল

বেয়া খবৰ ! UPI ত ধনৰ লেনদেন কৰিলে গ্ৰাহকে ভৰিব লাগিব ১.১ শতাংশ মাচুল

ফেচবুক কৰ্ণাৰ : অসমীয়া-বঙালীৰ এনে ককটেলেৰে এখন সমাজৰ সমন্বয় সাধন কৰা সম্ভৱ নহয়

ফেচবুক কৰ্ণাৰ : অসমীয়া-বঙালীৰ এনে ককটেলেৰে এখন সমাজৰ সমন্বয় সাধন কৰা সম্ভৱ নহয়

১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব ৩৮৪ টাকৈ জীৱনদায়িনী ঔষধৰ মূল্য

১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব ৩৮৪ টাকৈ জীৱনদায়িনী ঔষধৰ মূল্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd