• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

লঙ্কেশ পৰিয়ালৰ পিছত এইবাৰ ভেমুলা পৰিয়াল: ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীক সংগ দিলে ৰোহিত ভেমুলাৰ মাতৃয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2022 9:16 am
Bharat Jodo Yatra
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আভ্যন্তৰীণ কন্দল আৰু জনসাধাৰণৰ মাজত ক্ৰমশ: হেৰুৱাই পেলোৱা সমৰ্থনৰ ফলশ্ৰুতিত ভাৰতীয় ৰাজনীতিত আশ্চৰ্যজনকভাৱে দুৰ্বল হৈ পৰা এসময়ৰ প্ৰতিপত্তিশীল ভাৰতীয় জাতীয় কংগ্ৰেছে এই বিপৰ্যয়ৰ পৰা মুক্ত হৈ দেশীয় ৰাজনীতিত পূৰ্ণশক্তিৰে ঠন ধৰি উঠাৰ লক্ষ্যৰে গ্ৰহণ কৰা ‘ভাৰত জোড়ো যাত্ৰা’ শীৰ্ষক জনসম্পৰ্কমুখী অভিযানে প্ৰায় দুমাহ সম্পূৰ্ণ হোৱাৰ দিশে গতি কৰিছে।

দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত অব্যাহত থকা কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰাই অকুণ্ঠ জনসমৰ্থন লাভ কৰিছে। পদযাত্ৰাৰ সময়ত কংগ্ৰেছ নেতা-কৰ্মীসকলক সহযোগিতা আগবঢ়াই বৃহৎ সংখ্যক জনসাধাৰণে যাত্ৰাত অংশগ্ৰহণ কৰিছে। এই বিপুল জনসমৰ্থনৰ সময়তে মঙলবাৰে ভাৰত জোড়ো যাত্ৰাত দেখিবলৈ পোৱা গ’ল এক বিশেষ দৃশ্য।

মঙলবাৰে তেলেঙ্গানাৰ ৰাজপথত যাত্ৰাৰ নেতৃত্ব বহন কৰা দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ হাতত ধৰি একেলগে খোজ দিলে দেশৰ ৰাজনীতিত খলকনি তোলা, জাতিভেদ ব্যৱস্থাৰ নিষ্ঠুৰতাৰ বলি হোৱা দলিত ছাত্ৰ ৰোহিত ভেমুলাৰ মাতৃয়ে।

সংবিধান ৰক্ষাৰ পণ লৈ ৰোহিত ভেমুলাৰ মাতৃ ৰাধিকা ভেমুলাই তেলেঙ্গানাত ৰাহুল গান্ধীৰ হাতে হাত ধৰি ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰি দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰে। ৰোহিত ভেমুলাৰ মৃত্যুৰ পিছত দলিতসকলৰ সমতাৰ যুঁজত সক্ৰিয় হৈ অহা যাত্ৰাত অংশগ্ৰহণৰ পিছতে ভাৰত জোড়ো যাত্ৰালৈ সমৰ্থন ব্যক্ত কৰে।

 

Extended solidarity to @bharatjodo Yatra, walked with @RahulGandhi, and called upon @INCIndia to save Constitution from BJP-RSS assault, Justice for Rohith Vemula, passing Rohith Act, increasing representation of Dalits, oppressed sections in higher judiciary, education for all. pic.twitter.com/zuVg26xLQY

— Radhika Vemula (@vemula_radhika) November 1, 2022

ৰাহুল গান্ধীয়েও এক টুইট যোগে ভেমুলা মাতৃৰ সংগই এক নতুন শক্তি প্ৰদান কৰা বুলি উল্লেখ কৰে। গান্ধীয়ে কয়, “ৰোহিত ভেমুলা সামাজিক বৈষম্য আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজৰ প্ৰতীক আছিল আৰু হৈ থাকিব। ৰোহিতৰ মাতৃক লগ পোৱাৰ পিছত আমি আমাৰ লক্ষ্যৰ দিশে আগবঢ়াৰ ক্ষেত্ৰত মনত অধিক সাহস আৰু নতুন শক্তি পাইছো।”

रोहित वेमुला, सामाजिक भेदभाव और अन्याय के विरुद्ध मेरे संघर्ष का प्रतीक है, और रहेगा।

रोहित की माताजी से मिल कर, यात्रा के लक्ष्य की ओर बढ़ रहे कदमों को नया साहस, और मन को नई शक्ति मिली। pic.twitter.com/7XrVSqnptF

— Rahul Gandhi (@RahulGandhi) November 1, 2022

উল্লেখ্য যে ২০১৭ চনৰ ১৭ জানুৱাৰীত হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ দলিত ছাত্ৰ ৰোহিত ভেমুলাই বৰ্ণবৈষম্যৰ বলি হৈ আত্মহত্যা কৰিছিল। আত্মহত্যাৰ ১২ দিন পূৰ্বে ৰোহিতকে ধৰি পাঁচগৰাকী গৱেষকক বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। জাতিগত বৈষম্যৰ এই লাঞ্ছনাৰ পিছতে ভেমুলাই আত্মহত্যা কৰিছিল। ভেমুলাৰ মৃত্যুৱে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

উচ্চ বৰ্ণৰ বঞ্চনাৰ অভিযোগ উত্থাপন কৰি ভেমুলাই আত্মহত্যা কৰাৰ পিছৰে পৰা সমগ্ৰ দেশতে এই ঘটনাই যথেষ্ট বিতৰ্কৰ সূচনা কৰি আহিছে। কেন্দ্ৰৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল বিৰোধীৰ লগতে মানৱ অধিকাৰ কৰ্মী তথা সংগঠনসমূহ। এই ঘটনাক গাপ দিবলৈ চেষ্টা কৰি আনকি ৰোহিত দলিত নাছিল বুলি প্ৰমাণ কৰিবলৈও চেষ্টা কৰা হৈছিল।

ৰোহিতৰ মৃত্যুৰ পিছত তেওঁৰ মাতৃয়ে দলিত সমতাৰ এই যুঁজখনত নামি পৰে। দলিত সমতাৰ যুঁজ অব্যাহত ৰখা ৰাধিকা ভেমুলা দেশত দলিত উৎপীড়নৰ বিৰুদ্ধে যুঁজৰ অন্যতম প্ৰতীক হৈ পৰিছে। সেয়েহে ৰাহুল গান্ধীৰ সৈতে ভাৰত জোড়ো যাত্ৰাত তেওঁৰ অংশগ্ৰহণ ৰাজনৈতিকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে নিহত সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী গৌৰী লঙ্কেশৰ মাতৃ আৰু ভগ্নীয়েও ভাৰত জোড়ো যাত্ৰালৈ সমৰ্থন আগবঢ়াই ৰাহুল গান্ধীক সংগ দিছিল। গৌৰী লঙ্কেশক ২০১৭ চনৰ ৫ ছেপ্টেম্বৰত বাংগালুৰুত তেওঁৰ বাসগৃহৰ সন্মুখতে গুলীয়াই হত্যা কৰা হৈছিল। বিজেপি চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে কলম চলোৱাৰ বাবেই হিন্দুত্ববাদী ভাৱধাৰাৰ সৈতে জড়িত দুৰ্বৃত্তই লঙ্কেশক হত্যা কৰা বুলি অভিযোগ উত্থাপিত হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd