সোণাৰিত নৱজৎ সিং সিদ্ধুৰ পুত্তলিকা দাহ ভাৰতীয় জনতা যুৱ মৰ্চাৰ
চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ ভজো চাৰি আলিত আজি পাঞ্জাবৰ কংগ্ৰেছী মন্ত্ৰী নৱজৎ সিং সিদ্ধুৰ পুত্তলিকা দাহ কৰে। ভাৰতীয় জনতা যুৱ মৰ্চাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈগৰাকীৰ পুত্তলিকা কৰা হয়।
উল্লেখযোগ্য যে পাকিস্তানৰ নৱ নিৰ্বাচিত প্ৰধান মন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেতাৰ ইমৰান খানৰ শপতগ্ৰহণ অনুষ্ঠানত পাক অধিকৃত কাশ্মিৰৰ নেতা আৰু পাকিস্তানী সেনা প্ৰধানৰ সৈতে উক্ত অনুস্থানত উপস্থিত থাকি সিদ্ধুয়ে ভাৰতীয় শ্বহীদ সেনাক অপমান কৰাৰ বুলি ভাৰতীয় জনতা যুৱ মৰ্চাই অভিযোগ কৰে।
প্ৰতিবাদকাৰী সকলে নৱজৎ সিদ্ধুক পাকিস্তানৰ দালাল আখ্যা দিয়াৰ লগতে কংগ্ৰেছ মুৰ্দাবাদ শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে।