• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূব গ্ৰন্থমেলা পতাত বিধি-পথালি প্ৰকাশন পৰিষদৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 22, 2018 10:42 pm
22-08-18 Guwahati- Publishers and Book Sellers Association PMT (4)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰকাশন পৰিষদৰ দৰে অসম চৰকাৰৰ এটা সন্মানীয় অনুষ্ঠানৰ বলপূৰ্বক স্থিতিৰ বাবে নবেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া ২০ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাত অনিশ্চয়তাই দেখা দিছে। প্ৰকাশন পৰিষদে ষড়যন্ত্ৰমূলকভাৱে শিক্ষা-সাহিত্য আৰু সংস্কৃতিৰ লগত জড়িত এখন গ্ৰন্থমেলাখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ইচ্ছাকৃত ভাৱে বিধি-পথালি দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

বুধবাৰে গুৱাহাটী প্ৰেচ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ উত্থাপন কৰে উত্তৰ-পূৱ গ্ৰন্থমেলা অনুষ্ঠিত কৰি অহা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ বিষয়ববীয়াসকলে।

Apply Now

সংস্থাৰ সভাপতি অজিত কুমাৰ বৰ্মন আৰু সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে জানিবলৈ দিয়া মতে পূৰ্বনিৰ্ধাৰিত সময়সূচী অনুসৰি অহা ৯ নবেম্বৰৰ পৰা ২০ নবেম্বৰলৈ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিস্থানৰ খেলপথাৰত এই গ্ৰন্থমেলা অনুষ্ঠিত হোৱাটো নিশ্চিত আছিল যদিও অসম প্ৰকাশন পৰিষদে সেই সময়ছোৱাৰ ভিতৰতে এখন শিশু গ্ৰন্থমেলা পাতি পূৰ্ব নিৰ্ধাৰিত উত্তৰ-পূৱ গ্ৰন্থমেলা পতাত বাধাৰ সৃষ্টি কৰিছে।

এই সন্দৰ্ভত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে কয়, ‘উত্তৰ-পূৱ গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ বাবে চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিস্থানৰ খেলপথাৰত অনুষ্ঠিত কৰাৰ বাবে প্ৰতিস্থান কৰ্তৃপক্ষক আবেদন কৰিছিলো আৰু যোৱা এপ্ৰিল মাহত তাৰ বাবে আগধনো দিছিলো। কিন্তু হঠাৎ অসম প্ৰকাশন পৰিষদৰ কেইজনমান বিষয়াই চৰকাৰী প্ৰভূত্ব খটোৱাই আমাৰ গ্ৰন্থমেলাৰ সময়তেই সেই একেখন খেলপথাৰতেই এখন শিশু গ্ৰন্থমেলা পতাৰ বাবে আগবাঢ়িছে। তাৰ বাবে অসম অভিযান্ত্ৰিক প্ৰতিস্থানৰ অধ্যক্ষই আমাক মাতি নি উত্তৰ-পূৱ গ্ৰন্থমেলাৰ বাবে খেলপথাৰখন ভাৰালৈ দিব নোৱাৰিব বুলি জানিবলৈ দিয়ে’।

উল্লেখ্য যে, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই উত্তৰ-পূৱ গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ অসম অভিযান্ত্ৰিক প্ৰতিস্থানৰ খেলপথাৰখন ভাড়ালৈ বিচাৰি যোৱা ১৬ জানুৱাৰীতে অভিযান্ত্ৰিক প্ৰতিস্থান কৰ্তৃপক্ষৰ ওচৰত আবেদন কৰিছিল আৰু তাৰ পাছত এপ্ৰিল মাহৰ ২৭ তাৰিখে আগধন হিচাপে ২৫ হাজাৰ টকা জমা দিছিল। কিন্তু ৰহস্যজনক কাৰণত অসম অভিযান্ত্ৰিক প্ৰতিস্থান কৰ্তৃপক্ষই আবেদন মঞ্জুৰ কৰি আগধন লোৱাৰ পাছতো খেলপথাৰখন উত্তৰ-পূৱ গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ নিদিয়া হৈছে।

ইপিনে, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই এই প্ৰসংগত অসম প্ৰকাশন পৰিষদৰ লগত যোগাযোগ কৰি শিশু গ্ৰন্থমেলাৰ তাৰিখ বা স্থান সলনি কৰিবলৈ অনুৰোধ জনায় যদিও পৰিষদ এইক্ষেত্ৰত নাচোৰবান্দা।

‘আমি গ্ৰন্থমেলাখনৰ বাবে গঠন কৰা ৰাজহুৱা উপদেষ্টা সমিতিৰ সভাপতি ড০ দয়ানন্দ পাঠক, সদস্য অদীপ ফুকন আৰু পদ্মশ্ৰী এলি আহমেদৰ নেতৃত্বত আমাৰ কেইজনমান বিষয়ববীয়াই অসম প্ৰকাশন পৰিষদৰ লগত আলোচনাৰ বাবে গৈছিল। তেওঁলোকে পাতিব বিচৰা শিশু গ্ৰন্থমেলাখন উত্তৰ-পূৱ গ্ৰন্থমেলাৰ মাজতে কৰিবলৈও অনুৰোধ জনাইছিলো, আমি সহায় কৰিম বুলি কৈছিলো। কিন্তু অসম প্ৰকাশন পৰিষদৰ সচীৱে আমাৰ কথাত সন্মতি নিদি তেওঁলোকে শিশু গ্ৰন্থমেলাৰ বাবে বহুত sponsor পোৱা বুলি জনাই আমাৰ আনুৰোধ নস্যাৎ কৰে। গতিকে এইক্ষেত্ৰত প্ৰকাশন পৰিষদৰ সচীৱৰ কিবা ষড়যন্ত্ৰ থকা বুলি ভাবিবলৈ বাধ্য হৈছো’।

সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই এই সন্দৰ্ভত মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি বিষয়টো অৱগত কৰোৱাৰ চেষ্টা কৰিছিল যদিও মুখ্য মন্ত্ৰীৰ সাক্ষাৎ লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিবলৈ দিয়ে। আনহাতে, মুখ্য মন্ত্ৰীক নাপাই মুখ্য মন্ত্ৰীৰ প্ৰেচ উপদেষ্টা হৃষীকেশ গোস্বামীক সাক্ষাৎ কৰি এই বিষয়ে জনোৱাত তেওঁ অসম প্ৰকাশন পৰিষদৰ এই সিদ্ধান্তত চৰকাৰৰ কোনো হস্তক্ষেপ নাই আৰু প্ৰকাশন পৰিষদ এটা স্বতন্ত্ৰ সংস্থা আৰু তেওঁলোকে নিজে সিদ্ধান্ত গ্ৰহণ কৰে বুলি সংস্থাটোক জানিবলৈ দিয়া বুলি সংস্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে প্ৰকাশ কৰে।

আনহাতে, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই বিষয়টো সন্দৰ্ভত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক সাক্ষাৎ কৰাত তেওঁ ‘দুখন গ্ৰন্থমেলাৰ প্ৰয়োজন নাই, দুখন গ্ৰন্থমেলা পাতিলে লোকচান হয়’ বুলি সংস্থাৰ আগত প্ৰকাশ কৰা বুলি সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে জানিবলৈ দিয়ে।

কিন্তু মন কৰিবলগীয়া যে যিখন চৰকাৰে এটাৰ পাছত আনটো উৎসৱ পাতিব পাৰে সেইখন চৰকাৰে দুখন গ্ৰন্থমেলা পাতোতে লোকচান হোৱাৰ কথা চিন্তা কৰাতো এটা হাস্যকৰ কথা। লগতে কোনো ধৰণৰ আলোচনা প্ৰস্তুতি নোহোৱাকৈ দুখন গ্ৰন্থমেলাক এখন কৰি দিয়াৰ কথাটোও শিক্ষামন্ত্ৰীৰ এটা অবান্তৰ কথাহে।

এইক্ষেত্ৰত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সাধাৰণ সম্পাদক গোস্বামীয়ে কয়, ‘লোকচান হ’লে আমি ব্যৱসায়ীসকলৰ লোকচান হ’ব, তাত চৰকাৰৰ বা ৰাইজৰতো লোকচান নহয়। গতিকে শিক্ষামন্ত্ৰীয়ে এই কথা চিন্তা কৰাৰ প্ৰয়োজন নাই’।

সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই এতিয়া বিষয়টো হস্তক্ষেপ কৰি ন্যায় সংগত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্য মন্ত্ৰীক অনুৰোদ জনাইছে। লগতে এইক্ষেত্ৰত সুফল নাপালে আইনৰ কাষ চাপিব বুলিও জানিবলৈ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd