ভীৰ অৰ্থাৎ জনসমাগম বা মানুহৰ ভিৰ। এই চিনেমাখনত ভীৰ শব্দটি প্ৰতীকী অৰ্থত বুজোৱা হৈছে। ক’ভিড অতিমাৰীৰ প্ৰথম লকডাউনৰ পৰিস্থিতিক কেন্দ্ৰ কৰি বিহাৰৰ তেজপুৰ অঞ্চলক পটভূমিৰূপে লৈ নিৰ্মিত এখন বলীউডৰ চিনেমা ভীৰ। গত ২৪মাৰ্চত সমগ্ৰ ভাৰতবৰ্ষতে মুক্তিপ্ৰাপ্ত এই চিনেমাখনৰ পৰিচালনা-অনুভৱ সিনহাৰ। উল্লেখনীয় যে,এই ছবিখন সম্পূৰ্ণৰূপে ক’লা-বগা(ব্লেক এণ্ড হুৱাইট)এখন ছবি। ছবিখনৰ ৰুঢ় বাস্তৱধৰ্মীতালৈ চাই,এই ব্লেক এণ্ড হুৱাইট ৰূপটি সম্পূৰ্ণ সঠিক নিৰ্বাচন। সমন্বিতভাৱে ভীৰৰ চিত্ৰনাট্য লিখিছে-অনুভৱ সিনহা,সৌম্যা তিৱাৰী আৰু সোণালী জৈনে। প্ৰায় দুঘন্টাৰ সম্পূৰ্ণ বাস্তৱধৰ্মী এই ছবিখন বৰ্তমানলৈকে কোনো অ টি টি প্লেটফৰ্মত উপলব্ধ হোৱা নাই যদিও,অচিৰেই নেটফ্লিক্সত উপলব্ধ হ’ব। এইখিনিতে এটি ভাল লগা কথা যে,ভীৰৰ সংগীত পৰিচালনা কৰিছে অসমৰ অনুৰাগ শইকীয়াই।
ছবিৰ আৰম্ভণিৰ ৫মিনিট নৌ-হওঁতেই, নিশাৰ এক দৃশ্যাংশই অন্তৰ্দ্দেশ জোকাৰি যায়। আৰু এই আৰম্ভণিয়েই দৰ্শকক ছবিখনৰ বিষয়বস্তুৰ প্ৰগাঢ়তাৰ সৈতে ১০মিনিটৰ ভিতৰতেই সংযুক্ত কৰি তুলিবলৈ সক্ষম। এয়া কাহিনীকাৰ,পৰিচালকৰ এক সফলতা। ২০২০ৰ প্ৰথম লকডাউন ঘোষণা হোৱাৰ ১৩ দিনৰ পিছতেই সাধাৰণ মানুহৰ গৃহমুখী যাত্ৰাৰ যন্ত্ৰণা,ক্লেশ আৰু বিপৰ্যয়ৰ এখন ৰুঢ়-তিক্ত বাস্তৱৰ ছবি ভীৰ। যাত্ৰাপথতেই প্ৰদেশৰ সীমা পাৰ কৰাৰ ক্ষেত্ৰত আহি পৰা নিষিদ্ধতাত এটি আৰক্ষীৰ চেক-পষ্টৰ চৌপাশত সিচৰতি হৈ পৰা ভোক-পিয়াহ, ভাগৰত জৰ্জৰিত কিছু লোকৰ অৱস্থাৰ এটি দিনৰ দৃশ্যায়ন ভীৰ। এইখিনিৰ লগতেই ছবিখনত তেজপুৰ(বিহাৰ)অঞ্চলৰ বৰ্ণবাদ,ধৰ্ম বৈষম্য আৰু লিংগ বৈষম্যৰ ছবিও পৰিস্থিতি সাপেক্ষে কাহিনীৰ লগত খাপ খোৱাকৈ তুলি ধৰিছে। সমগ্ৰ চিনেমাখনৰ আটাইতকৈ ভাল লগা দিশটো হ’ল- সুনিপুণ চিত্ৰনাট্যখন। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজকুমাৰ ৰাওৰ পৰা আৰম্ভ কৰি গৃহমুখী যাত্ৰাৰ কেইবাটিও চৰিত্ৰৰ কাহিনীৰ এটি সামান্য আভাসো দিয়া হৈছে,কাহিনীৰ ভাৰসাম্য ৰক্ষা কৰি। ক’তো কোনো নাটকীয়তাৰ অৱতাৰণা নাই। বাস্তৱধৰ্মী ছবি এখন হিচাপে থাকিব লগা সকলো উপাদানেৰে পূৰ্ণ এখনি ছবি ভীৰ। চিনেমাৰ মাজৰ অংশৰ পৰাই ক্ৰমশঃ বাঢ়ি অহা এক মৃদু উত্তেজনাৰ বাবে,পৰৱৰ্তী সময়ত ছবিখনত কি হ’ব-সেয়া জানিবৰ উৎকন্ঠাত পৰ্দাৰ পৰা চকু তুলিব নোৱাৰিব দৰ্শকে। এইখিনিতে সংলাপৰ কথা উল্লেখ কৰিব লাগিব। পৰিস্থিতি সাপেক্ষে,সংলাপত ইমানেই শক্তিশালী আৰু তীক্ষ্ণ ব্যংগৰ উপস্থাপন ঘটাইছে যে-তাক প্ৰশংসা নকৰি নোৱাৰি। এনে কিছু দৃশ্যাংশও আছে যেনে-এজন যাত্ৰী পংকজ কাপুৰে,তেওঁলোকৰ বাছত ভোকৰ জ্বালা সহিব নোৱাৰা শিশু আৰু আন যাত্ৰীক ইছলামধৰ্মী লোকে বিতৰণ কৰা খাদ্যৰ টোপোলা উভতাই দিয়া। অন্তিম দৃশ্যও প্ৰতিবাদী। যদিওবা ৰাজকুমাৰ ৰাওক নায়কৰূপে প্ৰতিষ্ঠা কৰাৰ কোনো প্ৰয়াস আৰম্ভণিৰে পৰাই কৰা হোৱা নাই,পিছে সময়ত নিজৰ দুৰ্বলতাক জিনাৰ দৃশ্য ভাল লগা। সৌমিক মূখাৰ্জীৰ আলোকশিল্পৰ কাম সমগ্ৰ চিনেমাখন জুৰি ভাল লগা। ঠিক যিদৰে পৰিস্থিতিৰ লগত খাপ খোৱা অনুৰাগ শইকীয়াৰ আৱহ-সংগীত আৰু ছবিৰ অন্তৰ গীতটি। অতনু মূখাৰ্জীৰ সম্পাদনাও আন এক ভাল লগা দিশ ছবিখনৰ।
আন আন চৰিত্ৰসমূহত অভিনয় কৰা ভূমি পেডেনকাৰ,আসোতোষ ৰাণা,পংকজ কাপোৰৰ অভিনয় সম্পূৰ্ণ স্বাভাৱিক। পিছে,ৰাজকুমাৰ ৰাওৰ স্বকীয়তা- সমগ্ৰ ছবিখনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে,যদিওবা ৰাওক কেন্দ্ৰবিন্দু কৰি তোলাৰ প্ৰয়াসো কৰা নাই পৰিচালকে। ছবিৰ অন্ত এটি মৰ্মাৰ্থসম্পন্ন দেশীয় গীতেৰে। যদিহে,বাস্তৱধৰ্মী ছবি আপোনাৰ পচন্দ আৰু ক’ভিডৰ প্ৰথম লকডাউনৰ এখণ্ড চাব বিচাৰে,তেন্তে ভীৰ চাই আপুনি নিশ্চিতভাৱে নিৰাশ নহয়।
লেখিকাৰ ইমেইল ঃ [email protected]