• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

 ভীৰ : লিংগ বৈষম্য আৰু বৰ্ণবাদৰ উপস্থাপনেৰে এখন চিন্তাকৰ্ষক চিনেমা

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
May 12, 2023 4:36 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

  ভীৰ অৰ্থাৎ জনসমাগম বা মানুহৰ ভিৰ। এই চিনেমাখনত ভীৰ শব্দটি প্ৰতীকী অৰ্থত বুজোৱা হৈছে। ক’ভিড অতিমাৰীৰ প্ৰথম লকডাউনৰ পৰিস্থিতিক কেন্দ্ৰ কৰি বিহাৰৰ তেজপুৰ অঞ্চলক পটভূমিৰূপে লৈ নিৰ্মিত এখন বলীউডৰ চিনেমা ভীৰ। গত ২৪মাৰ্চত সমগ্ৰ ভাৰতবৰ্ষতে মুক্তিপ্ৰাপ্ত এই চিনেমাখনৰ পৰিচালনা-অনুভৱ সিনহাৰ। উল্লেখনীয় যে,এই ছবিখন সম্পূৰ্ণৰূপে ক’লা-বগা(ব্লেক এণ্ড হুৱাইট)এখন ছবি। ছবিখনৰ ৰুঢ় বাস্তৱধৰ্মীতালৈ চাই,এই ব্লেক এণ্ড হুৱাইট ৰূপটি সম্পূৰ্ণ সঠিক নিৰ্বাচন। সমন্বিতভাৱে ভীৰৰ চিত্ৰনাট্য লিখিছে-অনুভৱ সিনহা,সৌম্যা তিৱাৰী আৰু সোণালী জৈনে। প্ৰায় দুঘন্টাৰ সম্পূৰ্ণ বাস্তৱধৰ্মী এই ছবিখন বৰ্তমানলৈকে কোনো অ টি টি প্লেটফৰ্মত উপলব্ধ হোৱা নাই যদিও,অচিৰেই নেটফ্লিক্সত উপলব্ধ হ’ব। এইখিনিতে এটি ভাল লগা কথা যে,ভীৰৰ সংগীত পৰিচালনা কৰিছে অসমৰ অনুৰাগ শইকীয়াই।

   ছবিৰ আৰম্ভণিৰ ৫মিনিট নৌ-হওঁ‌তেই, নিশাৰ এক দৃশ্যাংশই অন্তৰ্দ্দেশ জোকাৰি যায়। আৰু এই আৰম্ভণিয়েই দৰ্শকক ছবিখনৰ বিষয়বস্তুৰ প্ৰগাঢ়তাৰ সৈতে ১০মিনিটৰ ভিতৰতেই সংযুক্ত কৰি তুলিবলৈ সক্ষম। এয়া কাহিনীকাৰ,পৰিচালকৰ এক সফলতা। ২০২০ৰ প্ৰথম লকডাউন ঘোষণা হোৱাৰ ১৩ দিনৰ পিছতেই সাধাৰণ মানুহৰ গৃহমুখী যাত্ৰাৰ যন্ত্ৰণা,ক্লেশ আৰু বিপৰ্যয়ৰ এখন ৰুঢ়-তিক্ত বাস্তৱৰ ছবি ভীৰ। যাত্ৰাপথতেই প্ৰদেশৰ সীমা পাৰ কৰাৰ ক্ষেত্ৰত আহি পৰা নিষিদ্ধতাত এটি আৰক্ষীৰ চেক-পষ্টৰ চৌপাশত সিচৰতি হৈ পৰা ভোক-পিয়াহ, ভাগৰত জৰ্জৰিত কিছু লোকৰ অৱস্থাৰ এটি দিনৰ দৃশ্যায়ন ভীৰ। এইখিনিৰ লগতেই ছবিখনত তেজপুৰ(বিহাৰ)অঞ্চলৰ বৰ্ণবাদ,ধৰ্ম বৈষম্য আৰু লিংগ বৈষম্যৰ ছবিও পৰিস্থিতি সাপেক্ষে কাহিনীৰ লগত খাপ খোৱাকৈ তুলি ধৰিছে। সমগ্ৰ চিনেমাখনৰ আটাইতকৈ ভাল লগা দিশটো হ’ল- সুনিপুণ চিত্ৰনাট্যখন। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজকুমাৰ ৰাওৰ পৰা আৰম্ভ কৰি গৃহমুখী যাত্ৰাৰ কেইবাটিও চৰিত্ৰৰ কাহিনীৰ এটি সামান্য আভাসো দিয়া হৈছে,কাহিনীৰ ভাৰসাম্য ৰক্ষা কৰি। ক’তো কোনো নাটকীয়তাৰ অৱতাৰণা নাই। বাস্তৱধৰ্মী ছবি এখন হিচাপে থাকিব লগা সকলো উপাদানেৰে পূৰ্ণ এখনি ছবি ভীৰ। চিনেমাৰ মাজৰ অংশৰ পৰাই ক্ৰমশঃ বাঢ়ি অহা এক মৃদু উত্তেজনাৰ বাবে,পৰৱৰ্তী সময়ত ছবিখনত কি হ’ব-সেয়া জানিবৰ উৎকন্ঠাত পৰ্দাৰ পৰা চকু তুলিব নোৱাৰিব দৰ্শকে। এইখিনিতে সংলাপৰ কথা উল্লেখ কৰিব লাগিব। পৰিস্থিতি সাপেক্ষে,সংলাপত ইমানেই শক্তিশালী আৰু তীক্ষ্ণ ব্যংগৰ উপস্থাপন ঘটাইছে যে-তাক প্ৰশংসা নকৰি নোৱাৰি। এনে কিছু দৃশ্যাংশও আছে যেনে-এজন যাত্ৰী পংকজ কাপুৰে,তেওঁ‌লোকৰ বাছত ভোকৰ জ্বালা সহিব নোৱাৰা শিশু আৰু আন যাত্ৰীক ইছলামধৰ্মী লোকে বিতৰণ কৰা খাদ্যৰ টোপোলা উভতাই দিয়া। অন্তিম দৃশ্যও প্ৰতিবাদী। যদিওবা ৰাজকুমাৰ ৰাওক নায়কৰূপে প্ৰতিষ্ঠা কৰাৰ কোনো প্ৰয়াস আৰম্ভণিৰে পৰাই কৰা হোৱা নাই,পিছে সময়ত নিজৰ দুৰ্বলতাক জিনাৰ দৃশ্য ভাল লগা। সৌমিক মূখাৰ্জীৰ আলোকশিল্পৰ কাম সমগ্ৰ চিনেমাখন জুৰি ভাল লগা। ঠিক যিদৰে পৰিস্থিতিৰ লগত খাপ খোৱা অনুৰাগ শইকীয়াৰ আৱহ-সংগীত আৰু ছবিৰ অন্তৰ গীতটি। অতনু মূখাৰ্জীৰ সম্পাদনাও আন এক ভাল লগা দিশ ছবিখনৰ।

Apply Now

   আন আন চৰিত্ৰসমূহত অভিনয় কৰা ভূমি পেডেনকাৰ,আসোতোষ ৰাণা,পংকজ কাপোৰৰ অভিনয় সম্পূৰ্ণ স্বাভাৱিক। পিছে,ৰাজকুমাৰ ৰাওৰ স্বকীয়তা- সমগ্ৰ ছবিখনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে,যদিওবা ৰাওক কেন্দ্ৰবিন্দু কৰি তোলাৰ প্ৰয়াসো কৰা নাই পৰিচালকে। ছবিৰ অন্ত এটি মৰ্মাৰ্থসম্পন্ন দেশীয় গীতেৰে। যদিহে,বাস্তৱধৰ্মী ছবি আপোনাৰ পচন্দ আৰু ক’ভিডৰ প্ৰথম লকডাউনৰ এখণ্ড চাব বিচাৰে,তেন্তে ভীৰ চাই আপুনি নিশ্চিতভাৱে নিৰাশ নহয়।

লেখিকাৰ ইমেইল  ঃ [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

June 25, 2026 9:28 am
পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

June 25, 2026 9:28 am
পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd