Divorce Party: বন্ধন মুক্তিৰ উৎসৱ! ১৮ ব্যক্তিয়ে নাচি-বাগি উদযাপন কৰিলে বিবাহ বিচ্ছেদৰ আনন্দ

Party to Celebrate Divorce বিবাহ বিচ্ছেদৰ গোচৰ তৰি পত্নীৰ সৈতে বিচ্ছেদ হৈ গৈছে। সেই আনন্দ ১৮ জন ব্যক্তিয়ে ‘গেট টুগেদাৰ’ৰ জৰিয়তে গান গাই, নৃত্য কৰি উদযাপন কৰে। ভূপালৰ এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা আয়োজন কৰা হৈছিল এই বিশেষ উদযাপন।

আয়োজকসকলে কয় যে আমি দেখুৱাব বিচাৰিছো যে বিবাহ বিচ্ছেদৰ পিছত জীৱন শেষ হৈ নাযায়। বিবাহ বিচ্ছেদৰ পিছত অকলশৰীয়া অনুভৱ কৰা সকলৰ কাষত থিয় দিছে সংস্থাটোৱে। তেওঁলোকে যাতে তেওঁলোকৰ বাকী জীৱনটো সুখেৰে কটাব পাৰে তাৰ বাবে উৎসাহিত কৰা হৈছে।

লগতে পঢ়ক: মেঘালয়ত কাৰাগাৰৰ পৰা পলায়ন কৰা ৬ অপৰাধীৰ ভিতৰৰ ৪জনৰ গণ প্ৰহাৰত মৃত্যু

ইপিনে, এই সন্দৰ্ভত এক সংবাদ মাধ্যমে মহিলা আয়োগৰ সৈতে যোগাযোগ কৰাত  তেওঁলোকে জনায় যে তেওঁলোকৰ মাজত আলোচনা কৰাৰ পিছতহে বিষয়টোত মতামত দিয়া হ’ব।

অনুষ্ঠানটো ভাই ৱেলফেয়াৰ এছ’চিয়েচন নামৰ এটা বেচৰকাৰী সংস্থাই আয়োজন কৰিছিল। সংস্থাটোৱে দাবী কৰে যে অৰ্থনৈতিক, সামাজিক, পৰিয়াল আৰু মানসিক যন্ত্ৰণাৰ শেষত যেতিয়া কোনোবাই বিবাহ বিচ্ছেদ ঘটাই স্বাধীনতা লাভ কৰে তেতিয়া সেই আনন্দ উদযাপন কৰা উচিত।

সংস্থাটোৰ এজন কাৰ্যবাহীয়ে কয় যে যোৱা আঢ়ৈ বছৰত কমেও ১৮ জন লোকে তেওঁলোকৰ বিবাহিত জীৱনৰ পৰা মুক্তি পাইছে। তেওঁলোকৰ বিবাহিত জীৱনে তেওঁলোকৰ জীৱনক অতি তিক্ত কৰি তুলিছিল। হেল্পলাইনৰ জৰিয়তে আমি মানসিকভাৱে তেওঁলোকৰ কাষত আছো। এক দীঘলীয়া আইনী যুঁজ। নিষ্পত্তিৰ বাবে বহুত ধনৰ প্ৰয়োজন। সৰ্বোপৰি যেতিয়া সেই ব্যক্তিজনে যেতিয়া মুক্তি পায় সেইটো আনন্দৰ দিন।

লগতে পঢ়ক: Asia Cup Final: এছিয়া কাপ শ্ৰীলংকাৰ; চাপত হাৰ মানিলে পাকিস্তানে

আয়োজকসকলে কয় যে এজন মানুহে মাত্ৰ এদিনৰ বাবে বিবাহ পাশত আৱদ্ধ হৈছিল। কিন্তু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁক এবছৰ সময় লাগিছিল।