NORTHEAST NOW (Assamese)

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা: ৱাটছ্এপত সকলোকে বিদায় দি হোষ্টেলৰ কোঠাত আত্মহত্যা ছাত্ৰৰ

October 21, 2022 11:14 am · এন ই নাও নিউজ, গুৱাহাটী

বিশ্ববিদ্যালয় বা আন শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনাই বিগত কিছুদিন ধৰি উদ্বেগৰ সৃষ্টি কৰিছে। যোৱা কিছুদিনত দেশৰ বিভিন্ন প্ৰান্তত এনেদৰে ছাত্ৰৰ আত্মহত্যাৰ খবৰ পোৱা গৈছে। এইবাৰ এনে এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত।

বৃহস্পতিবাৰে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰৰ মৃতদেহ বিশ্ববিদ্যালয়ৰ এক হোষ্টেলৰ কোঠাত উদ্ধাৰ কৰা হৈছে। কোঠাৰ চিলিং ফেনত ওলমি থকা অৱস্থাত পোৱা গৈছে ছাত্ৰগৰাকীৰ মৃতদেহ।

মৃত ছাত্ৰজনক প্ৰেম শংকৰ বুলি চিনাক্ত কৰা হৈছে। শংকৰে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ দ্বিতীয় ছেমিষ্টাৰত অধ্যয়ন কৰি আছিল। বিশ্ববিদ্যালয়খনৰ আম্বেদকাৰ হোষ্টেলত বাস কৰিছিল ছাত্ৰগৰাকীয়ে।

ঘটনাৰ খবৰ পোৱাৰ পিছতে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে ২৫ বৰ্ষীয় প্ৰেম শংকৰ বিহাৰৰ ভোজপুৰৰ বাসিন্দা আছিল।

ইফালে শংকৰৰ বন্ধুবৰ্গই জানিবলৈ দিয়া মতে শংকৰে আত্মহত্যাৰ পূৰ্বে ৱাটছ্এপ ষ্টেটাছ যোগে আত্মহত্যাৰ ইঙ্গিত দিছিল। নিশা প্ৰায় ১২.৩৭ বজাত শংকৰে নিজৰ ৱাটছ্এপত “আপোনালোক সকলোকে বিদায় জনালো” বুলি এক ষ্টেটাচ লিখিছিল।

এই ষ্টেটাছটো লাভ কৰাৰ পাছত প্ৰায় ১:৩০ বজাত শংকৰৰ বন্ধুবৰ্গই বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু আৰক্ষীক খবৰ দিছিল।

অৱশ্যে ছাত্ৰগৰাকীয়ে কি কাৰণত আত্মহত্যা কৰিলে, তাৰ কোনো প্ৰমাণ এইপৰ্যন্ত লাভ কৰা নাই আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

Related News