NORTHEAST NOW (Assamese)

ড০ ভূপেন হাজৰিকালৈ আগবঢ়োৱা ‘ভাৰত ৰত্ন’ অগ্ৰাহ্য পুত্ৰ তেজৰ

February 11, 2019 9:20 pm · এন ই নাও নিউজ
Updated: February 11, 2019 11:07 pm
তেজ হাজৰিকা। ফাইল ফটো।

বিজেপি চৰকাৰে ড০ ভূপেন হাজৰিকালৈ মৰণোত্তৰভাৱে আগবঢ়োৱা ভাৰত ৰত্ন বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে পুত্ৰ তেজ হাজৰিকাই। আমেৰিকা নিৱাসী তেজ হাজৰিকাৰ সৈতে টেলিফোনিক বাৰ্তাৰ উল্লেখেৰে এই বাতৰি দিছে অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কে।

বাতৰিটোৰ মতে, সাম্প্ৰতিক পৰিস্থিতিক এই অগ্ৰাহ্যৰ আঁৰৰ কাৰণ হিচাপে দাঙি ধৰিছে ভূপেন-তনয়ে।

“আজিৰ পৰিস্থিতিত মই এইটো কামেই অসমৰ ৰাইজৰ হৈ কৰিব পাৰো। মোৰ মন আৰু বিবেকে কৈছে, এই সময়ত সন্মানটো গ্ৰহণ কৰা উচিত নহ’ব,” তেজ হাজৰিকাৰ বক্তব্যৰ উদ্ধৃতি অসমীয়া প্ৰতিদিনৰ।

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ পৰা অসমীয়া জাতিটোলৈ আহিব পৰা ভাবুকিত উদ্বিগ্ন বুলিও জনায় ভূপেন-পুত্ৰ তেজে। “অসমৰ সাম্প্ৰতিক পৰিৱেশ-পৰিস্থিতি সন্দৰ্ভত মই খবৰ ৰাখিছো” বুলি তেওঁ অসমীয়া প্ৰতিদিনক টেলিফোনত কয়।

“সুধাকণ্ঠ যিহেতু এক অনুষ্ঠান আছিল, গতিকে তেওঁ এই সন্মানৰ ঊৰ্ধ্বত। সদায় সংগ্ৰামী জনতাৰ কাষত থকা সুধাকণ্ঠয়ো হয়তো আজিৰ প্ৰেক্ষাপটত এনে সন্মান গ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ নকৰিলে হেঁতেন”, অসমীয়া প্ৰতিদিনত তেজৰ বক্তব্যৰ উদ্ধৃতি।

উল্লেখযোগ্য যে কেন্দ্ৰৰ বিজেপি চৰকাৰখনে অনা বিতৰ্কিত তথা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ চলি থকাৰ মাজতে বিশ্ববিশ্ৰুত শিল্পী অসম সন্তান ড০ ভূপেন হাজৰিকালৈ মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰতৰত্ন আগ বঢ়োৱা হৈছিল। বঁটাটো এই সময়ত অসমীয়া মানুহৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী স্থিতি প্ৰশমিত কৰিবলৈহে বুলি চৰ্চা হৈছিল। বঁটাটোৰ আঁৰত ৰাজনৈতিক অংক থকা বুলি বিৰোধীয়েও অভিযোগ আনিছিল।

সেয়া যি নহওক, পুত্ৰ তেজে বঁটা অগ্ৰাহ্য কৰাটোৱে বিজেপিক যে হতাশ কৰিব সেয়া নিশ্চিত।

Related News