DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ড০ ভূপেন হাজৰিকালৈ আগবঢ়োৱা ‘ভাৰত ৰত্ন’ অগ্ৰাহ্য পুত্ৰ তেজৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 11, 2019 9:20 pm
Tez Hazarika

তেজ হাজৰিকা। ফাইল ফটো।

2.1k
VIEWS
Share on FacebookShare on Twitter

বিজেপি চৰকাৰে ড০ ভূপেন হাজৰিকালৈ মৰণোত্তৰভাৱে আগবঢ়োৱা ভাৰত ৰত্ন বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে পুত্ৰ তেজ হাজৰিকাই। আমেৰিকা নিৱাসী তেজ হাজৰিকাৰ সৈতে টেলিফোনিক বাৰ্তাৰ উল্লেখেৰে এই বাতৰি দিছে অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কে।

বাতৰিটোৰ মতে, সাম্প্ৰতিক পৰিস্থিতিক এই অগ্ৰাহ্যৰ আঁৰৰ কাৰণ হিচাপে দাঙি ধৰিছে ভূপেন-তনয়ে।

“আজিৰ পৰিস্থিতিত মই এইটো কামেই অসমৰ ৰাইজৰ হৈ কৰিব পাৰো। মোৰ মন আৰু বিবেকে কৈছে, এই সময়ত সন্মানটো গ্ৰহণ কৰা উচিত নহ’ব,” তেজ হাজৰিকাৰ বক্তব্যৰ উদ্ধৃতি অসমীয়া প্ৰতিদিনৰ।

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ পৰা অসমীয়া জাতিটোলৈ আহিব পৰা ভাবুকিত উদ্বিগ্ন বুলিও জনায় ভূপেন-পুত্ৰ তেজে। “অসমৰ সাম্প্ৰতিক পৰিৱেশ-পৰিস্থিতি সন্দৰ্ভত মই খবৰ ৰাখিছো” বুলি তেওঁ অসমীয়া প্ৰতিদিনক টেলিফোনত কয়।

“সুধাকণ্ঠ যিহেতু এক অনুষ্ঠান আছিল, গতিকে তেওঁ এই সন্মানৰ ঊৰ্ধ্বত। সদায় সংগ্ৰামী জনতাৰ কাষত থকা সুধাকণ্ঠয়ো হয়তো আজিৰ প্ৰেক্ষাপটত এনে সন্মান গ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ নকৰিলে হেঁতেন”, অসমীয়া প্ৰতিদিনত তেজৰ বক্তব্যৰ উদ্ধৃতি।

উল্লেখযোগ্য যে কেন্দ্ৰৰ বিজেপি চৰকাৰখনে অনা বিতৰ্কিত তথা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ চলি থকাৰ মাজতে বিশ্ববিশ্ৰুত শিল্পী অসম সন্তান ড০ ভূপেন হাজৰিকালৈ মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰতৰত্ন আগ বঢ়োৱা হৈছিল। বঁটাটো এই সময়ত অসমীয়া মানুহৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী স্থিতি প্ৰশমিত কৰিবলৈহে বুলি চৰ্চা হৈছিল। বঁটাটোৰ আঁৰত ৰাজনৈতিক অংক থকা বুলি বিৰোধীয়েও অভিযোগ আনিছিল।

সেয়া যি নহওক, পুত্ৰ তেজে বঁটা অগ্ৰাহ্য কৰাটোৱে বিজেপিক যে হতাশ কৰিব সেয়া নিশ্চিত।

Recent News

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd