• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নামনি অসমত জলপ্ৰলয়ৰ বাবে দায়ী ভূটান আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰ— আপ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
June 25, 2022 7:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে এক সংবাদমেল যোগে নামনি অসমৰ শেহতীয়া প্রলয়ংকৰী বানপানীৰ প্ৰধান কাৰণ হ’ল ভূটানৰ নদীবান্ধ বুলি মন্তব্য কৰে আম আদমি পাৰ্টীয়ে। এই ভৰ বাৰিষা ভূটানৰ বিভিন্ন জলবিদ্যুৎ প্রকল্পই সুযোগ বুজি অতিৰিক্ত পানী এৰি দিয়াৰ ফলতেই নামনি অসমৰ লাখ লাখ জনতাই চৰম জীয়াতু ভোগাৰ লগতে কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়া হ’ল বুলি মন্তব্য প্ৰকাশ কৰে আম আদমি পাৰ্টীয়ে।

এই ক্ষেত্ৰত আপৰ নেতা কমল কুমাৰ মেধিয়ে কয় “ভূটানত বিভিন্ন জলবিদ্যুৎ প্ৰকল্পৰ পৰা উৎপাদিত ৮৭ শতাংশ বিদ্যুতেই ভাৰত চৰকাৰে আমদানি কৰিবলৈ ইতিমধ্যে চুক্তি সম্পাদন কৰিছে যদিও তাৰ পৰা নামনি অসমত হ’ব পৰা মহাপ্রলয় সন্দৰ্ভত কোনো কাণসাৰ দিয়া নাই। এয়া নামনি অসমৰ বৰপেটা, বজালী, বাক্সা, বঙাইগাওঁ, চিৰাং, কোকৰাঝাৰ, কামৰূপ, দৰং আদি জিলাৰ কাৰণে ভয়ংকৰ কথা।

Apply Now

ভূটান চৰকাৰে ৩০,০০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্যৰে ইতিমধ্যে ১০৪ টা নদীবান্ধৰ নিৰ্মান চলাইছে। তাৰে ৮০ টা বৃহৎ আৰু মজলীয়া নদীবান্ধ আৰু ২৪ টা ক্ষুদ্র নদীবান্ধ । ইয়াৰে ২৪ টা ক্ষুদ্র নদীবান্ধ প্ৰকল্পৰ লগতে প্ৰায় ১৯ টা বৃহৎ আৰু মজলীয়া নদীবান্ধৰ কাম ইতিমধ্যে সম্পূর্ণ হৈছে। বাকী থকা প্ৰকল্প সমূহ ২০৩০ চনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব।আটাইতকৈ ডাঙৰ কথাটো হ’ল— ইয়াৰে প্ৰায়বোৰ প্ৰকল্পই ভাৰত চৰকাৰৰৰ আৰ্থিক সহযোগিতাত নিৰ্মাণ কৰা হৈছে। এইক্ষেত্ৰত বিজেপি চৰকাৰৰ দৃষ্টিভংগীও একেটাই।”

২০০৯ চনত তদানীন্তন দেশৰ প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙে ভূটানলৈ গৈ ভূটানৰ সোণকোষত ৪,০০০ মেগাৱাট, কুৰী গ্ৰেংগীত ১,৮০০ মেগাৱাট, পুনাটাছাংশ্বৰ দুটাত ১,২০০ মেগাৱাট, ৱাংস্কৃত ৯০০ মেগাৱাট, মাংদেখুত ৪০০ মেগাৱাট, বুনাথাত ১৮০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে চুক্তি সম্পাদন কৰি সেই সময়তেই ৪,৫০০ কোটি টকা ভূটানলৈ আগবঢ়াইছিল। ২০১৪ চনত কেন্দ্ৰৰ বিজেপি চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পিছত পূৰ্বৰ প্ৰধানমন্ত্রী মনমোহন। সিঙৰ নীতিৰেই আগবাঢ়ি এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ২০১৪ চনৰ ১৬ জুনত ভূটানলৈ যায় আৰু ৬০০ মেগারটি শক্তিসম্পন্ন খোলোংচু প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

সেই দিনটোতেই প্রধানমন্ত্রী মোডীয়ে ২০১৮ চনৰ ভিতৰত যাতে ভূটানৰ কেইবাটাও প্ৰকল্পৰ পৰা বিদ্যুৎ উৎপাদন নিশ্চিত হয়, তাৰ ব্যৱস্থা কৰে। সেই প্রকল্পকেইটা হ’ল– পুনাচাংৰ ১,২০০ মেগাৱাট, পুনাচাংশু-হৰ ১,০২৫ মেগাৱাট আৰু মাংডেচৰ ৭২০ মেগাৱাটীৰ প্ৰকল্প। সর্বমুঠ ১,৪২৬ মেগাৱাটৰ ৮৭ শতাংশ বিদ্যুৎ উত্তৰ ভাৰতলৈ নিয়াৰ ব্যৱস্থা কৰি থৈ আহিছিল নৰেন্দ্ৰ মোডীয়ে আৰু এতিয়া তাকেই কু-ফল ভোগ কৰিবলগীয়া হৈছে নামনি অসমৰ লাখ লাখ জনতাই বুলিও মেধিয়ে কয়।

“ড° মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে কেন্দ্রীয় চৰকাৰে কেৱল ভূটানৰ বিদুতেৰে দেশ-বিদেশৰ বৃহৎ পুঁজিপতিক উপকৃত কৰাৰহে চিন্তা কৰিলে, নামনি অসমৰ ৰাইজৰ কথা এবাৰো নাভাবিলে। তাতোকৈ ডাঙৰ কথাটো হ’ল— ভূটানৰ ইমানবোৰ নদীবান্ধ প্ৰকল্পৰ পৰা নামনি অংশৰ অসমত কি কি প্ৰভাৱ পৰিব পাৰে, তাকে লৈ কোনো জন শুনানি (Public hearing) আৰু পৰিৱেশৰ ক্ষতি শংকা অধ্যয়ন (Environment Impact Assessment) আদিও কৰা নহ’ল। এয়া দেশৰ এটা অংশৰ নাগৰিকৰ প্ৰতি কৰা চূড়ান্ত অন্যায়। দেশৰ সংবিধানে প্রদান কৰা ‘জীয়াই থকাৰ অধিকাৰ’ (Right to life, Article 21) ৰ চৰ্ত ভংগ কৰাৰ দৰে চৰম অন্যায় বুলি কমল কুমাৰ মেধিয়ে মন্তব্য প্ৰকাশ কৰে।

এনে পৰিস্থিতিত আজি সংবাদমেল যোগে আপ, অসমে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে ক্ৰমে-

১/ ২০০৪ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে ভূটান চৰকাৰৰ লগত জলবিদ্যুৎ‍ প্রকল্প সম্বন্ধীয় কি কি চুক্তি সম্পাদন কৰিছে, সেই সকলোবোৰ অতিশীঘ্ৰে ৰাজহুৱা কৰক। লগতে সেই চুক্তিৰ চৰ্তসমূহো ৰাজহুৱা কৰক।

২/ ভূটানৰ নামনি অংশত থকা ৰাইজৰ সুৰক্ষাৰ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰৰ হাতত কি কি পৰিকল্পনা আছে। নামনিৰ ৰাইজক লৈ জন শুনানী আৰু পৰিৱেশ ক্ষতিশংকা অধ্যয়ন কৰা হৈছেনে? অবিলম্বে এই সম্পৰ্কীয় বিতং তথ্য ৰাজহুৱা কৰক।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd